বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ GMCHত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ বুজ ল’বলৈ GMCHত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সদ্যসমাপ্ত বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ মাজতে অসুস্থ হৈ পৰিছিল বিধায়কগৰাকী । শাৰীৰিক অসুস্থতাৰ বাবে ২৮ আগষ্টত জি এম চি এইচত ভৰ্তি হৈছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ।  অখিল গগৈ চিকিৎসাধীন হৈ থকা কেবিনত যথেষ্ট সময় ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অতিবাহিত কৰি স্বাস্থ্য বুজ লয়। মুখ্যমন্ত্ৰীয়ে অখিল গগৈৰ চিকিৎসা কৰি থকা বিশেষজ্ঞ চিকিৎসকৰে বাৰ্তালাপ কৰি অখিল গগৈৰ ৰোগ সম্পৰ্কে অৱগত হয় । বিধায়কগৰাকীৰ স্বাস্থ্য বুজ লৈ ওলাই আহি সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে, বেলেগ একো কথা নাই। অখিল গগৈৰ স্বাস্থ্যৰ বুজ লবৰ বাবে আহিছিলো।  চিকিৎসকে ভালকৈ চিকিৎসা চলাই আছে।  আগন্তুক দুই তিনিদিনৰ ভিতৰত তেওঁক ৰিলিজ দিয়া হ’ব।  বৰ্তমান বাহিৰত গৈ চিকিৎসা কৰিবলগীয়া তেনেকুৱা একো হোৱা নাই।