বিধায়কৰ মাতৃক অশ্লীল মন্তব্য কৰি গ্ৰেপ্তাৰ এজন যুৱক
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- দিনকদিনে সমাজত অৰাজকতা সৃষ্টি হৈছে বিশেষকৈ যুৱসমাজৰ মাজত উদণ্ড যুৱকৰ সংখ্যা বৃদ্ধি হৈছে ৷ পলাশবাৰী সমষ্টিত উদণ্ড যুৱকৰ মটৰচাইকেলৰ খুন্দাত ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে ৷ এইবাৰ পলাশবাৰীৰ সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ বৃদ্ধ মাতৃৰ বিৰূদ্ধে মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল মিৰ্জা বটিয়াপাৰা সুমিত দাস নামৰ এজন যুৱক ৷ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ মাতৃক লৈ প্ৰয়োগ কৰিছিল অশ্লীল শব্দ তথা গালিগালাজ ৷ সুৰাপাণ কৰি বিধায়ক গৰাকীৰ পোষ্টাৰ ফালি নৈত উটুৱাই দিছিল যুৱক জনে। আৰু তাৰ পিছতে হেমাংগ ঠাকুৰীয়াৰ মাতৃৰ বিৰূদ্ধে অশ্লীল শব্দ আৰু গালিগালাজ প্ৰয়োগ কৰি প্ৰস্তুত কৰিছিল ভিদিও । সেয়ে ইয়াৰ বিৰুদ্ধে পলাশবাৰী থানাত এজাহাৰ দাখিল কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই। লগে লগে আৰক্ষীয়ে আটক কৰে মিৰ্জা বটিয়াপাৰাৰ সুমিত দাস নামৰ যুৱক জনক । বৰ্তমান আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে যুৱক জনক।