বিধান সভাত শিক্ষা, মেডিকেলত ৩০% কলিতা জনগোষ্ঠীৰ আসনৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান

বিধান সভাত শিক্ষা, মেডিকেলত ৩০% কলিতা জনগোষ্ঠীৰ আসনৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান
আসন সংৰক্ষণ নহ’লে আন্দোলনৰ হুংকাৰ সদৌ কলিতা জনগোষ্ঠী ছাত্র সন্থা অসমৰ সভাপতিৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্রাচীনতম তথা বৃহত্তম জনগোষ্ঠী হৈছে কলিতা জনগোষ্ঠীৰ লোকসকল। কিন্তু অতি পৰিতাপৰ বিষয় যে প্রতিখন চৰকাৰে কলিতা জনগোষ্ঠীৰ লোকসকলক কেৱল মাত্র ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি অহাৰ অভিযোগ সদৌ কলিতা জনগোষ্ঠী ছাত্র সন্থা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিষেক বাজ কলিতাই। কেন্দ্রীয় চৰকাৰকে আৰম্ভ কৰি ৰাজ্য চৰকাৰ বিটিআৰ চৰকাৰে প্ৰতিবছৰে মাহী আইৰ দৃষ্টিত চাই আহিছে কলিতা জনগোষ্ঠীৰ লোকসকলক। বিশেষকৈ কলিতা জনগোষ্ঠীৰ লোকসকলক সহজ-সৰল মনোভাবৰ বাবে কেতিয়াও বাজপথত আন্দোলন গঢ়ি তুলিবলৈ আগবাঢ়ি অহা নাই বাবে আজিৰ তাৰিখলৈ কোনো ধৰণৰ গুৰুত্ব দিয়া নাই কোনো এখন চৰকাৰে। প্রতিবছৰে কেৱল মাত্ৰ নির্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে ৰজাঘৰীয়াই। যাৰ বাবে মন্ত্রীসভাত কেইবাগৰাকীও মন্ত্রী-বিধায়কে ৰাজনীতিৰ গাদী দখল কৰি আহিছে যদিও আজিলৈকে কিন্তু কোনো এজন ব্যক্তিয়ে নিজৰ জনগোষ্ঠীৰ যুৱক-যুবতী, শিক্ষার্থীসকলৰ ক্ষেত্ৰত হওক অথবা জনগোষ্ঠীৰ উন্নয়নৰ হকে মাত দিবলৈ সাহস নহ’ল, কেবল তেওঁলোকৰ গাদীচ্যুত হোৱাৰ ভয়ত। সেয়েহে ইমানদিনে মনে মনে বহি আছিল যদিও কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা অসমৰ কিন্তু এতিয়া প্ৰতিটো ক্ষেত্ৰতে চৰকাৰৰ মাহী আইৰ দৃষ্টি পূৰ্বতকৈও অধিক দেখা পোৱা গৈছে যাৰ পৰিণতিত শীঘ্রেই আন্দোলনত নমাৰ হুংকাৰ দিছে সদৌ কলিতা জনগোষ্ঠী ছাত্র সন্থা অসমই বিশেষকৈ শেহতীয়াভাবে শিক্ষা পাঠ্যক্রমত নামভৰ্তিক লৈ কেবিনেটৰ সিদ্ধান্তত অসন্তুষ্ট কলিতা জনগোষ্ঠীক যে মাহী আইৰ চকুৰে চাইছে স্পষ্ট হৈ উঠিছে। কিছুদিন পূর্বে অনুষ্ঠিত হোৱা কেবিনেটে অসমৰ প্ৰায় সকলো খিলঞ্জীয়া জনগোষ্ঠীকে এমবিবিএছ আৰু বিডিএছ পাঠ্যক্ৰমৰ আসনৰ ক্ষেত্ৰত বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। কিন্তু এইবাৰো ভূমিপুত্ৰ কলিতাসকলৰ ক্ষেত্রত কেবিনেটৰ কোনো দৃষ্টি নপৰিল যাৰ বাবে অসমৰ প্ৰতিখন জিলাতে কলিতা জনগোষ্ঠী ছাত্র সন্থা অসমৰ জাঙুৰ খাই উঠিছে। আনহাতে, শিক্ষা আৰু চাকৰি ক্ষেত্ৰত্রতো কলিতা জনগোষ্ঠীক প্রতাৰণা কৰি আহিছে। কলিতা জনগোষ্ঠীৰ বাদে প্রায়ভাগ খিলঞ্জীয়া জনগোষ্ঠীকে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰিলে। অসম চৰকাৰৰ কলিতা জনগোষ্ঠী ক্ষেত্রত কলিতা জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা নকৰাত সদৌ কলিতা জনগোষ্ঠী ছাত্র সন্থা অসমৰ কেন্দ্ৰীয় সমিতি তীব্র অসন্তুষ্টি প্রকাশ কৰিছে। অসমৰ প্ৰাচীনতম সর্ববৃহৎ খিলঞ্জীয়া ভূমিপুত্ৰ কলিতাসকলক বছৰ বছৰ ধৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে মাহী আইৰ চকুৰে চাই থকাৰ পিছতো শেহতীয়াভাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰে নিৰ্বাচনৰ প্ৰাক্ মুহূর্তত প্রতিশ্রুতি দিছিল যদিও সকলো ফুটুকাৰ যেনত পৰিণত হ’ল। আসনৰ ক্ষেত্ৰত বিশেষভাৱে সংৰক্ষণ দিয়া সিদ্ধান্তক সংগঠনটোরে সম্পূর্ণভাবে সহমত দি আদৰণি জনাইছে যদিও ভূমিপুত্র কলিতা জনগোষ্ঠীৰ ক্ষেত্ৰত বিশেষ সংৰক্ষণ নিদিয়াত সংগঠনটোৰে ক্ষোভপ্রকাশ কৰিছে। সদৌ কলিতা জনগোষ্ঠী ছাত্র সন্থা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিষেক ৰাজ কলিতাই, ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন চৰকাৰখনক এইক্ষেত্ৰত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়। যদি ৰাজ্য চৰকাৰখনে কলিতাসকলৰ ক্ষেত্ৰত বিশেষ সংৰক্ষণৰ ব্যৱস্থাৰ বাবে কোনো ক্ষিপ্র সিদ্ধান্ত নলয়, তেনেহ’লে দিছপুৰ, দিল্লীত আৰু অসমৰ প্রতিখন জিলাতে ধাৰাবাহিকভাৱে গণতান্ত্রিক আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে।