বিধানসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ঝাৰখণ্ডৰ সহ-প্ৰভাৰী নিযুক্তি

Pc The Economic Times

বিধানসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ঝাৰখণ্ডৰ সহ-প্ৰভাৰী নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱা- লোকসভা নিৰ্বাচনৰ পিচতেই দেশৰ তিনিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হ’বলৈ গৈ আছে বিধানসভা নিৰ্বাচন ৷ এই নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজ্যকেইখনত প্ৰস্তুতি আৰম্ভ হৈছে ৷মহাৰাষ্ট্ৰ, হাৰিয়ানা, ঝাৰখণ্ড আৰু জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে নিৰ্বাচন আয়োগ ৷ এই নিৰ্বাচনক লৈ ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে বিজেপি দলে ৷ আগন্তুক বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগা চাৰিখন ৰাজ্যত নিৰ্বাচনৰ বাবে দলীয় প্ৰভাৰী আৰু সহ প্ৰভাৰী নিযুক্তি দিছে। দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নিৰ্বাচনী প্ৰভাৰী আৰু সহ-প্ৰভাৰী নিযুক্তি দিছে ৷বিজেপিৰ কেবাজনো শীৰ্ষ নেতাক এই ৰাজ্যকেইখনত দলীয় নিৰ্বাচনী দায়িত্ব অৰ্পণ কৰিছে বিজেপিয়ে ৷ য’ত কেবাজনো কেন্দ্ৰীয় মন্ত্ৰীও অন্তৰ্ভূক্ত আছে ৷ প্ৰভাৰী আৰু সহ-প্ৰভাৰীৰ এই তালিকাত স্থান লাভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানক ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে ৷ আনহাতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাক ৰাজ্যখনৰ বিধান সভা নিৰ্বাচনৰ সহ-প্ৰভাৰী নিযুক্তি দিয়া হৈছে ৷ ঝাৰখণ্ডৰ উপৰিও মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু জম্মু-কাশ্মীৰৰ বাবেও ৰাজ্যিক নিৰ্বাচনী প্ৰভাৰী আৰু সহ-প্ৰভাৰী নিযুক্তি দিছে বিজেপি দলে ৷ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱক মহাৰাষ্ট্ৰৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সহযোগীৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক হাৰিয়ানাৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক সহযোগীৰ দায়িত্ব দিয়া হৈছে ৷ কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীক জম্মু-কাশ্মীৰৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে ৷