বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৎপৰ নিৰ্বাচন আয়োগ
ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰে পৰা অসমত আৰম্ভ হ’ল ভোটাৰ তালিকা বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া(SR)। বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৎপৰ নিৰ্বাচন আয়োগ। এই সন্দৰ্ভত আজি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই এক সংবাদমেলৰ আয়োজন কৰি এই সন্দৰ্ভত বিশদ বিৱৰণ দাঙি ধৰে। তেওঁ এই বিষয়ে বুজাই দিয়ে যে,পুনৰীক্ষণৰ সময়ত BLO সকল ঘৰে ঘৰে গৈ ভোটাৰৰ অৱস্থিতি আছে নে নাই সেয়া পৰীক্ষা কৰিব। কোনো ব্যক্তিৰ যদি ভোটাৰ তালিকাত নাম আছে অথচ মানুহজনৰ যদি মৃত্যু হৈছে, তেন্তে ফৰ্ম ৭ সংযোগ হ’ব। তেওঁ জানিবলৈ দিয়ে যে, কোনো লোক অসমৰ, কিন্তু বহিঃ ৰাজ্যত ভোটাৰ তালিকাত নাম আছে, তেন্তে এই ক্ষেত্ৰত ফৰ্ম ৮ সংযোগ কৰি নাম কৰ্তন হ’ব। কোনো ব্যক্তিক ঘৰত লগ নাপায় তেন্তে তিনিবাৰকৈ ঘৰলৈ যাব BLO। এপৰ জৰিয়তে সংগ্ৰহ কৰা হ’ব সকলোবোৰ তথ্য। ইয়াতে তেওঁ জানিবলৈ দিছে যে, এটা ভোট কেন্দ্ৰত ১২০০ তকৈ অধিক ভোটাৰ থাকিব নোৱাৰিব। সেয়ে অসমৰ জনসংখ্যা অনুসৰি সম্ভৱত ১,৮২৬ টা ভোট কেন্দ্ৰ বাঢ়িব পাৰে। জিলা পৰ্যায়ত এই বিষয়ত আলোচনা চলি আছে বুলি জানিবলৈ দিছে বিষয়াগৰাকীয়ে। তেওঁ কয় যে,সদ্যহতে তিনিবাৰকৈ BLO যোৱাৰ পিছতো ফেব্ৰুৱাৰী মাহলৈ ভোটাৰ তালিকাত নাম তুলিব পাৰিব। কিন্তু SR জড়িয়তে ভোটাৰ তালিকাত নাম উঠাবলৈ চেষ্টা কৰক। ফেব্ৰুৱাৰী মাহৰ পিছত নিৰ্বাচনৰ দিন ঘোষণা হ’ব পাৰে।কোনো লোকৰ অভিযোগ থাকিলে জিলা আয়ুক্তক অভিযোগ দিব পাৰে। অভিযোগ দাখিলৰ সময় খচৰা তালিকা প্ৰকাশৰ ১৫ দিনৰ ভিতৰত জিলা আয়ুক্তত নিষ্পত্তি নহ’লে CEO ওচৰত অভিযোগ দাখিল কৰিব পাৰিব। ৰাজ্যত ৬১৫৫৩ বুথ লেভেল এজেন্ট নিয়োগ কৰিছে বিভিন্ন ৰাজনৈতিক দলে।
