বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনা বহুবিবাহ নিষেধ বিধেয়ক উত্থাপন
ৰঙিলী বাৰ্ত্তাসেৱা- অসমত নিষিদ্ধ কৰা হ’ব বহুবিবাহ। অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে অসম বহুবিবাহ নিষেধাজ্ঞা বিধেয়ক-২০২৫সহ ১১খনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বহুবিবাহ নিষেধাজ্ঞা বিধেয়কখন সদনত উত্থাপন কৰে। এই বহুবিবাহ নিষেধাজ্ঞা বিধেয়কখনৰ জৰিয়তে ৰাজ্য চৰকাৰে প্রথমখন বিবাহ বৈধ হৈ থকাৰ সময়ত দ্বিতীয় বিবাহত আবদ্ধ হোৱা, দ্বিতীয় বিবাহ লুকুৱাই ৰখাৰ ক্ষেত্ৰত কঠোৰ শাস্তিৰ পোষকতা কৰা হৈছে। এই বিধেয়ক আইনত পৰিণত হ’লেই ৰাজ্যত বন্ধ হ’ব বহুবিবাহ। এই বিধেয়কে ৰাজ্যৰ ভিতৰত বহুবিবাহ কৰা লোকৰ লগতে ৰাজ্যৰ বাহিৰত কৰা দ্বিতীয় বিবাহকো সামৰি লৈছে। বিধেয়কখনে ৰাজ্যৰ ভিতৰত কোনো লোকৰ সম্পত্তি আছে অথচ ৰাজ্যৰ বাহিৰত থাকি দ্বিতীয় বিবাহ কৰিছে তেওঁলোককো সামৰি লৈছে। আনকি এই বিধেয়কখনে ৰাজ্যৰ বাহিৰত থকা কোনো লোকে ৰাজ্যৰ পুঁজিৰে সাহায্য, ৰাজসাহায্য বা কল্যাণমূলক আঁচনিৰ সহায় লাভ কৰিছে তেওঁলোককো সামৰি লৈছে। অৱশ্যে প্ৰস্তাৱিত আইনখন ষষ্ঠ অনুসূচীৰ অঞ্চলত প্রযোজ্য নহ’ব আৰু সংবিধানৰ ৩৪২ অনুচ্ছেদৰ অধীনত সংজ্ঞায়িত অনুসূচিত জনজাতিৰ লোকক সামৰি লোৱা নহ’ব। বিধেয়খনে বহুবিবাহক এক অপৰাধজনিত কাৰ্য বুলি গণ্য কৰিছে। যদিহে কোনো লোকে প্রথম বিবাহ বিচ্ছেদ নোহোৱাকৈ দ্বিতীয় বিবাহ কৰে তেন্তে তেওঁ কঠোৰ শাস্তিৰ সন্মুখীন হ’ব। যদি কোনো ব্যক্তিয়ে বৰ্তমানৰ বিবাহ লুকুৱাই ৰাখে তেন্তে সাত বছৰৰ পৰা দহ বছৰ পৰ্যন্ত কাৰাদণ্ডৰ সন্মুখীন হ’ব। পত্নীৰ জীৱিতকালত দ্বিতীয় বিবাহ কৰিলে ৭ বছৰ কাৰাবাসৰ লগতে জৰিমনা, পূৰ্বৰ বিবাহ লুকুৱাই দ্বিতীয় বিবাহ কৰিলে ১০ বছৰ কাৰাবাস আৰু জৰিমনা ভৰিব লাগিব অভিযুক্তই। পূর্বে এই গোচৰত দোষীয়ে একেই দোষ কৰিলে অভিযুক্তৰ শাস্তি ইয়াৰ দুগুণ হ’ব। ইয়াৰ উপৰি বিধেয়কখনে গাঁওবুঢ়া, গাঁৱৰ মুৰব্বী, কাজি, অভিভাৱক আৰু আইনী অভিভাৱককো ইয়াৰ অধীনলৈ আনে। যিকোনো ব্যক্তিয়ে এনে বিবাহৰ তথ্য প্রকাশ কৰাত ইচ্ছাকৃতভাৱে লুকুৱাই ৰাখে, অৱহেলা কৰে বা অযুক্তিকৰভাৱে পলম কৰে তেন্তে মূল অভিযুক্তৰ দৰে একে ধাৰাত শাস্তি হ’ব পাৰে। এইক্ষেত্ৰত গাঁওবুঢ়া, গাঁৱৰ মুৰব্বী, অভিভাৱকসকলে দুবছৰলৈ কাৰাবাস আৰু ১ লাখ টকালৈ জৰিমনা ভৰিব লাগিব। পুৰোহিত বা কাজিৰ ক্ষেত্ৰত দুবছৰলৈ কাৰাবাস, ডেৰ লাখ টকাৰ জৰিমনাৰ প্ৰস্তাৱ কৰা হৈছে বিধেয়কখনত। দোষী সাব্যস্ত হোৱা কোনো লোকে নাপাব চৰকাৰী সাহায্য, নিযুক্তি আৰু আঁচনি। অৱতীৰ্ণ হ’ব নোৱাৰিব নির্বাচনত। বহুবিবাহৰ বাবে প্ৰৰোচিত কৰাসকলো এই বিধেয়কৰ আওতালৈ আহিছে। বিধেয়কখনৰ এটা মূল দফা অনুসৰি যিকোনো ব্যক্তিয়ে আইনখন আৰম্ভ হোৱাৰ আগতে অসমত বসবাস কৰি আহিছে আৰু যিজনে ইচ্ছাকৃতভাবে জানি-বুজিয়েই অসমৰ বাহিৰত থাকে, এই আইন প্রণয়নৰ পিছত বহুবিবাহ কৰে তেন্তে তেওঁ এই আইনৰ ধাৰাত দোষী হ’ব। এই আইনখনে আৰক্ষী বিষয়াসকলক বহুবিবাহ নিষিদ্ধৰ পূর্বে হস্তক্ষেপ কৰাৰ ক্ষমতাও দিছে। বহুবিবাহৰ ফলত ক্ষতিগ্রস্ত মহিলাক ক্ষতিপূৰণ দিয়াৰো ব্যৱস্থা কৰিছে প্ৰস্তাৱিত আইনখনে। উল্লেখ্য যে এই প্রস্তাবিত আইনখনৰ লক্ষ্য-উদ্দেশ্য হ’ল বহুবিবাহ প্রথা নিষিদ্ধ কৰা আৰু নির্মূল কৰা, মহিলাসকলক কষ্টৰ পৰা ৰক্ষা কৰা আৰু সমাজখনক সুশৃংখলিত কৰা। মুখ্যমন্ত্ৰীগৰাকীয়ে সদনত “দি আসাম প্রহিবিশ্যন অফ পলিগেমি বিল, ২০২৫” উত্থাপন কৰে । লগতে “দি আসাম পুলিচ (এমেণ্ডমেন্ট) বিল, ২০২৫” উত্থাপন কৰে । আনহাতে সদনত মন্ত্রী অজন্তা নেওগে “দি আসাম গুডছ এণ্ড চাৰ্ভিছেচ টেক্স (ছেকেণ্ড এমেণ্ডমেন্ট) বিল, ২০২৫”, মন্ত্রী পীযুষ হাজৰিকাই “দি মটক অট’নমাছ কাউন্সিল (এমেণ্ডমেন্ট) বিল, ২০২৫”, “দি মৰাণ অট’নমাছ কাউন্সিল (এমেণ্ডমেন্ট) বিল, ২০২৫, মন্ত্রী অতুল বৰাই “দি আসাম এগ্রিকালচাৰেল প্ৰডিউছ এণ্ড লাইভষ্টক মার্কেটিং (প্রমোচন এণ্ড ফেচিলিটেশ্যন) (এমেণ্ডমেন্ট) বিল, ২০২৫, মন্ত্রী কেশৱ মহন্তই “দি আসাম সত্ৰ প্ৰিজাৰভেশন এণ্ড ডেভেলপমেন্ট কমিশ্যন বিল, ২০২৫”, মন্ত্রী ডাঃ ৰণোজ পেগুৱে “দি ৰবীন্দ্ৰনাথ টেগ’ৰ ইউনিভাৰ্চিটি (এমেনণ্ডমেন্ট) বিল, ২০২৫, “দি চ্যু-কা-ফা ইউনিভাৰচিটি বিল, ২০২৫”, মন্ত্রী অজন্তা নেওগে “দি আসাম টেক্সেশ্যন (লিকুইডেশ্যন অব এৰিয়াৰ ডিউচ) (এমেণ্ডমেন্ট) বিল, ২০২৫” আৰু মন্ত্রী ৰূপেশ গোৱালাই “দি আসাম শ্বপচ এণ্ড এষ্টাব্লিছমেন্টচ (এমেণ্ডমেন্ট) বিল, ২০২৫ উত্থাপন কৰে ।
