বিধানসভাত তিৱাৰী আয়োগৰ লগতে দাখিল হ’ব মেহতা আয়োগৰো প্ৰতিবেদন দাখিল হ’বঃ মুখ্যমন্ত্ৰী

বিধানসভাত তিৱাৰী আয়োগৰ লগতে দাখিল হ’ব মেহতা আয়োগৰো প্ৰতিবেদন দাখিল হ’বঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম আন্দোলনৰ মাজতো ১৯৮৩ চনত ৰাজ্যত সংঘটিত সংঘর্ষময় পৰিস্থিতিৰ তদন্তৰ বাবে চৰকাৰীভাৱে গঠিত তিৱাৰী আয়োগৰ সমান্তৰালকৈ আন্দোলনকাৰীৰ প্ৰচেষ্টাত গঠন হোৱা মেহতা আয়োগৰ প্রতিবেদন অসম বিধানসভাৰ অধিৱেশনত দাখিল কৰা হ’ব। ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে এই ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰে।লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্ত সমূহ সংবাদমেল যোগে সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । সংবাদ মেলত অহা ২৫ নৱেম্বৰত এই প্রতিবেদন সদনত দাখিল কৰা হ’ব বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ১৯৮৩ চনত যেতিয়া অসমত ভয়ংকৰ অশান্তি-সংঘর্ষ হৈছিল-দুহাজাৰতকৈও অধিক লোকৰ মৃত্যু ঘটিছিল, তেতিয়া চৰকাৰে তিৱাৰী আয়োগ গঠন কৰিছিল। তিৱাৰী আয়োগৰ প্ৰতিবেদন সদনত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তই দাখিল কৰিছিল যদিও তাৰ প্ৰতিলিপি কাকো দিয়া হোৱা নাছিল। অহা ২৫ নৱেম্বৰত আমি সকলো বিধায়কৰ মাজত তিৱাৰী আয়োগৰ প্ৰতিলিপি বিতৰণ কৰিম। সদৌ অসম ছাত্র সন্থাই আমাক কৈছিল-তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰাত আমাৰ আপত্তি নাই। কিন্তু সেই সময়ত আন্দোলনকাৰীসকলে তেওঁলোকৰ নিজস্ব প্ৰচেষ্টাত মেহতা আয়োগ গঠন কৰিছিল। মেহতা আয়োগৰ প্রতিবেদনো সদনত দাখিল কৰিব লাগে।সদৌ অসম ছাত্ৰ সন্থাৰ অনুৰোধৰ প্রতি সঁহাৰি জনাই ব্যক্তিগতভাৱে গঠন কৰা এখন আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰাত কেবিনেটত ঐতিহাসিক সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্রী ড° শর্মাই সদৰী কৰে। তেওঁ কয় যে অসমত পূর্বতে কেতিয়াও হোৱা নাই। কিন্তু আজি আমি এখন বহল অন্তৰলৈ ব্যক্তিগত বা সামাজিক পৰ্যায়ত গঠন কৰা আয়োগৰ প্ৰতিবেদন দাখিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে। পৰম্পৰা ভাঙি আমি বিধানসভাত বেচৰকাৰী তদন্ত আয়োগৰ প্ৰতিবেদনখন দাখিল কৰিম। যাতে সেই সময়ৰ অধ্যায়টোৰ বিষয়ে সকলোৱে জানিব পাৰে। সেইফালৰ পৰা এয়া ঐতিহাসিক সিদ্ধান্ত। কেবিনেটত অহা ২৫ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ আগন্তুক অধিৱেশনত ২৫খনতকৈও অধিক বিধেয়ক উত্থাপনৰ বাবে অনুমোদন জনোৱা হয় বুলি মুখ্যমন্ত্রী ড° শর্মাই জানিবলৈ দিয়ে। তেওঁ কয় যে অসম চৰকাৰে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ মাচুল নিৰীক্ষণ-নিৰূপণ কৰে। কিন্তু এই সম্পর্কীয় দ্য আছাম নন-গভর্নমেন্ট এডুকেচন ইনষ্টিটিউট ৰেগুলেচন অৱ ফীজ এক্টৰ পৰা সংখ্যালঘুৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানসমূহক বাহিৰত ৰখা হৈছিল। সেয়েহে বৌদ্ধ, জৈন, খ্রীষ্টান, মুছলমান আদি সংখ্যালঘুসকলৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানসমূহৰ মাচুল নিৰীক্ষণ-নিৰূপণ কৰিব পৰা নাছিল চৰকাৰে। কিন্তু এতিয়াৰে পৰা সংখ্যালঘুৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানৰো মাচুল নিৰীক্ষণ কৰিব পাৰিম। কেবিনেটে আজি ইয়াৰ সংশোধনী বিধেয়কত অনুমোদন জনাইছে। প্রাদেশীকৃত বিদ্যালয়-মহাবিদ্যালয়সমূহৰ তৃতীয়-চতুৰ্থবৰ্গৰ কৰ্মচাৰীৰ দৰমহা আইনৰ জৰিয়তে ফিক্সড্ কৰি ৰখা হৈছিল। এতিয়া কেবিনেটে সিদ্ধান্ত লৈছে যে প্রতিবছৰে এইসকল কৰ্মচাৰীৰ দৰমহা ৬ শতাংশকে বাঢ়ি থাকিব। কিয়নো কেবিনেটে দ্য আছাম এডুকেচন (প্রভিঞ্চিয়েলাইজেচন অৱ ছার্ভিচেছ অৱ নন-টিটচিং ষ্টাফ অৱ ভেঞ্চাৰ এডুকেচনেল ইনষ্টিটিউচনছ (এমেন্ডমেন্ট) বিধেয়কত অনুমোদন জনাইছে। ইয়াৰ ফলত ৰাজ্যৰ ৩,০৯৩জন কৰ্মচাৰী উপকৃত হোৱাৰ বিপৰীতে মাধ্যমিক পর্যায়ত চৰকাৰে অতিৰিক্তভারে ২.৪৭ কোটি আৰু প্ৰাথমিক পর্যায়ত ০.৮৯ কোটি টকা ব্যয় কৰিব লাগিব। ভৌগোলিকভারে দুর্গম আৰু সীমান্ত অঞ্চলত কার্যনির্বাহ কৰি থকা শিক্ষক- শিক্ষয়িত্ৰীসকলৰ বাবে কেবিনেটে সুখবৰ কঢ়িয়াই আনিছে। এতিয়াৰে পৰা এনেধৰণৰ অঞ্চলত চাকৰি কৰি থকা শিক্ষয়িত্ৰীয়ে ৫ বছৰ কাৰ্যকাল আৰু শিক্ষকে ৭ বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিলেই বদলিৰ বাবে যোগ্য হ’ব। কেবিনেটে এই সম্পর্কীয় সংশোধনী বিধেয়কতো অনুমোদন জনায়। কেবিনেটে ‘নেৰিম ইউনিভাৰ্ছিটা, আছাম’ স্থাপনতো অনুমোদন জনাইছে। ইয়াৰ লগে লগে বিধানসভাত উত্থাপন হ’ব নেৰিম ইউনিভাৰ্ছিটা বিল-২০২৫। মুখ্যমন্ত্রী ড° শর্মাই জানিবলৈ দিয়া মতে, আজিম প্রেমজী ফাউণ্ডেচনে অসমত আজিম প্রেমজী বিশ্ববিদ্যালয় স্থাপনৰ বাবে জনোৱা আবেদনৰ প্ৰতি সঁহাৰি জনাই কেবিনেটে আজিম প্রেমজী ইউনিভাৰ্ছিটা বিল-২০২৫ত অনুমোদন জনায়। পলাশবাৰীত স্থাপন হ’বলগীয়া এই বিশ্ববিদ্যালয়খনৰ বাবে আজিম প্রেমজী ফাউণ্ডেচনে প্রথম অৱস্থাত ১,২০০ কোটি আৰু পৰৱৰ্তী সময়ত ১,৭০০ কোটি টকা ব্যয় কৰিব। কেবিনেটে বিধানসভাত উত্থাপনৰ বাবে দ্য আছাম ফিক্সেচন অৱ চিলিং অন লেণ্ড হ’ল্ডিংছ (এমেণ্ডমেন্ট) বিল-২০২৫ত অনুমোদন জনায়। ইয়াৰ লগে লগে চাহ বাগিচাৰ শ্ৰমিকৰ লাইনৰ মাটিৰ অধিকাৰ শ্রমিকে লাভ কৰাটো প্রশস্ত হৈ পৰিল। ইয়াৰ ফলত ৰাজ্যৰ ৮২৫খন চাহ বাগিচাৰ ৩,৩৩,৪৮৬টা চাহ শ্রমিক পৰিয়ালে ২,১৮,৫৫৩ বিঘা ভূমিৰ স্বত্ব লাভ কৰিব। কেবিনেটে ভৈয়ামত বসবাস কৰা কাৰ্বিসকলৰ বাবে এখন স্বায়ত্তশাসিত পৰিষদ গঠনৰ বাবে প্ৰয়োজনীয় বিধেয়কতো অনুমোদন জনাইছে। জাগীৰোডত স্থাপন হ’বলগীয়া এখন কেন্দ্রীয় বিদ্যালয়ৰ বাবে ২৪ বিঘা ভূমিত অনুমোদন জনায় কেবিনেটে। মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰা অনুসৰি শিক্ষানুষ্ঠানৰ প্রাদেশিকীকৰণৰ বৰ্তমানৰ নীতিৰ সংশোধন কৰি বিধানসভাত এখন বিধেয়ক উত্থাপনৰ ক্ষেত্ৰত কেবিনেটে প্রয়োজনীয় অনুমোদন জনাইছে। এতিয়াৰে পৰা ২০০৬ চনত প্রতিষ্ঠা হোৱা শিক্ষানুষ্ঠানৰ পাৰ্মিচন, ৰিক’গনাইজেচন, এফিলেচন আৰু এনঅ’চিৰ যিকোনো এখন নথি থাকিলেই প্রাদেশিকীকৰণৰ বাবে বিবেচিত হ’ব। এই সংশোধনী বিধেয়কখনত কেবিনেটে অনুমোদন জনোৱাৰ ফলত কেইবাহাজাৰ শিক্ষক-কর্মচাৰী উপকৃত হ’ব। কেবিনেটে দ্য মেইন্টেনেনছ, ৰিপিয়াৰ এণ্ড অ’ভাৰহল পলিচী অৱ আছাম-২০২৫ত অনুমোদন জনায়। এই সম্পর্কত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ইয়াৰ লগে লগে অসমত বিমান মেৰামতিৰ সুবিধা প্রশস্ত হৈ পৰিব। ৰাজ্যত থকা ৭টা বিমানবন্দৰতে এনে ব্যৱস্থা গঢ়ি তোলাৰ আমি প্রয়াস চলাম। প্ৰতিৰক্ষা-অসামৰিক উভয় বিমান পৰিবহণ ক্ষেত্ৰতে ইয়াৰ জৰিয়তে ১৫শ কোটি টকা বিনিয়োগ হোৱাৰ লগতে ২০৩০ চনৰ ভিতৰত এহেজাৰ দক্ষ নিযুক্তিৰ বাট মুকলি হ’ব। ১০ হাজাৰ কোটি টকাৰ ওপৰত হ’বলগীয়া বিনিয়োগৰ ক্ষেত্ৰত উদ্‌দ্গনি যোগোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠনৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি আজি কেবিনেটে আছাম ফায়াৰ এণ্ড ইমার্জেঞ্চী ছার্ভিচেছ বিল-২০২৫ আৰু দ্য প্রিভেঞ্চন অৱ ক্রুৱেলিটা টু এনিমেলছ (আছাম এমেন্ডমেন্ট) বিল-২০২৫তো অনুমোদন জনায় বুলি মুখ্যমন্ত্রী ড° শর্মাই জানিবলৈ দিয়ে। ইফালে আজিৰ কেবিনেটত বিস্তৃত বিষয়বস্তু থকাৰ পৰিপ্ৰেক্ষিতত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ আলোচনা নহ’ল বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে আমি প্রতিবেদনখন ২৫ নৱেম্বৰত বিধানসভাত উত্থাপন কৰাৰ কথা কৈছিলোঁ। কিন্তু বিস্তৃত কার্যক্রমণিকাৰ বাবে আলোচনা নোহোৱাত এই সন্দর্ভত ২৬ নৱেম্বৰত এখন বিশেষ কেবিনেট অনুষ্ঠিত হ’ব। তাৰ পাছতে ২৭নৱেম্বৰত বিধানসভাত আমি দাখিল কৰিম ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰীগোটৰ প্ৰতিবেদন।