বিধানসভাত গৃহীত হ’ল বহুবিবাহ নিষিদ্ধকৰণৰ বিধেয়ক

বিধানসভাত গৃহীত হ’ল বহুবিবাহ নিষিদ্ধকৰণৰ বিধেয়ক

ৰঙিলী বাৰ্ত্তাসেৱা- এক ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’ল অসম বিধানসভা। অসম বিধানসভাত গৃহীত হ’ল বহুবিবাহ প্ৰতিৰোধী বিধেয়ক। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সদনত বিধেয়কখন পাৰিত কৰি ৰাজ্যখনৰ মুছলমান মহিলাসকলৰ বাবে কঢ়িয়াই আনিলে এক সুখবৰ। এই বিধেয়কখন কেৱল মুছলমান সম্প্ৰদায়ৰ মাজতে আবদ্ধ নহ’ব। হিন্দু, খ্রীষ্টান সকলোৰে বাবে এই বিধেয়কখন প্রযোজ্য হ’ব। সদনত এই বিধেয়কখন অনুমোদনৰ বাবে উত্থাপন কৰাৰ পাছত দীর্ঘসময় ধৰি চলা বিতৰ্কৰ উত্তৰ দি মুখ্যমন্ত্রী ড° শর্মাই কয়- নাৰী সবলীকৰণৰ দিশটোক এই চৰকাৰখনে সদায় অগ্ৰাধিকাৰ দি আহিছে। অৰুণোদয় আঁচনিৰ জৰিয়তে পোনপ্ৰথমে চৰকাৰখনে নাৰীৰ স্বাভিমান বৰ্তাই ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্রদান কৰিছিল। অৰুণোদয় আঁচনিৰ জৰিয়তে এগৰাকী নাৰীয়ে ঘৰখনত নিজৰ গুৰুত্ব তথা আত্মসন্মান বজাই ৰাখিবলৈ সক্ষম হৈছে। একেদৰে নিযুত মইনা আঁচনিৰ জৰিয়তে বাল্যবিবাহ প্ৰতিৰোধৰ ব্যৱস্থা লোৱা হৈছে। এই আঁচনিয়ে ৰাজ্যত বাল্যবিবাহ প্রায় বন্ধ কৰিবলৈ সক্ষম হৈছে। নাৰী সবলীকৰণত বাল্যবিবাহ ৰোধ, নিযুত মইনা আঁচনি, অৰুণোদয়, পঞ্চায়তত আসন সংৰক্ষণ, চাকৰিত আসন সংৰক্ষণৰ পিছত ইয়াৰ পিছৰ পৰ্যায় আছিল বহুবিবাহ প্ৰতিৰোধ। বিৰোধীৰ কেইবাগৰাকীও সদস্যই বিধেয়কখন কেবল মুছলমান সম্প্রদায়ক লক্ষ্য কৰি কৰা হৈছে বুলি উল্লেখ কৰি চৰকাৰে ইয়াক লৈ ৰাজনীতি কৰা বুলিও অভিযোগ তোলে। ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্রী ড° শৰ্মাৰ মন্তব্য-নিশ্চিতভাবে ইয়াক আমি ৰাজনীতিৰ বাবে কৰিছোঁ। কিন্তু এই ৰাজনীতি নিপীড়িত-নিষ্পেষিত সমাজখনৰ মহিলাৰ বাবে। মুছলমান সমাজৰ হৈ তথা ইছলামিক ৰীতি-নীতিক লৈ সৰৱ হৈ অহা লোকসকল হৈছে পুৰুষ। ৰাজ্যৰ ৩৫টা সমষ্টিত মুছলমান সমাজে কোন বিধায়ক জিকিব তাক নির্ণয় কৰে। কিন্তু সদনে বহু বছৰ ধৰি মুছলমান মহিলাক বিধায়ক হিচাপে দেখা পোৱা নাই। বাল্যবিবাহ আৰু বহুবিবাহে অসমৰ মুছলমান সমাজৰ মহিলাসকলৰ মুখৰ পৰা, মহিলাসকলৰ হাতৰ পৰা জীয়াই থকাৰ ন্যূনতম অধিকাৰখিনিও কাঢ়ি লৈ গৈছে। ১২ বছৰ বয়সত ছোৱালী মাতৃ হৈছে। ৬০-৭০ বছৰীয়া ব্যক্তিয়ে মাতব্বৰ হোৱাৰ বাবেই ১৮-২০ বছৰৰ ছোৱালীক বিয়া কৰাই ট্ৰফী এটাৰ দৰে লৈ আহে। তেনেদৰে মানুহক প্ৰদৰ্শন কৰিছে। কাৰোবাৰ গোচৰ চলিলে তেওঁৰ ঘৰত ১৮-২০ বছৰীয়া ছোৱালী থাকিলে মাতব্বৰে বিচাৰ কৰি বিয়া কৰাই লৈ আহে। সেই নিষ্পেষিত সমাজত মাতৃসকলক আজি আমি আইনৰ দৃষ্টিৰে অধিকাৰ এটা দিবলৈ প্ৰচেষ্টা চলোৱা হৈছে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে হিন্দুও বহুবিবাহৰ পৰা মুক্ত নহয়। কোনোবাই যদি কয়- এই বিধেয়কখনৰ জৰিয়তে মুছলমান সমাজক টার্গেট কৰা হৈছে, তেন্তে দ্বিধাহীনভাবে ক’ম- আমাৰ হিন্দু সমাজতো বহুবিবাহ বিক্ষিপ্ত ৰূপত আছে। এই বহুবিবাহসমূহো বন্ধ কৰাৰ দায়িত্ব আমাৰ। আজি উত্থাপিত বিলখনত ক’তো উল্লেখ কৰা হোৱা নাই যে বহুবিবাহ মুছলমান লোকৰ মাজত বন্ধ হ’ব, বহুবিবাহ হিন্দু-খ্রীষ্টানৰ মাজতো বন্ধ হ’ব। বিধানসভাই অনুমোদন জনোৱা বহুবিবাহ প্ৰতিৰোধী বিধেয়কত ষষ্ঠ অনুসূচীৰ এলেকাত ই প্রযোজ্য নোহোৱা সন্দৰ্ভত বিৰোধীয়ে কৰা সমালোচনাৰ উত্তৰ দি মুখ্যমন্ত্রী ড° শৰ্মাই স্পষ্ট কৰি দিয়ে যে স্বায়ত্তশাসনৰ অৰ্থ উপলব্ধি কৰিব লাগিব আমি সকলোৱে। ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীয়ে আজি বিটিচিক প্রশাসনিক ক্ষমতাই নহয়, বিধায়িনী ক্ষমতাও প্রদান কৰিছে। সেয়েহে মই আশা কৰোঁ বিধানসভাই আজি বহুবিবাহ প্ৰতিৰোধী বিধেয়কত অনুমোদন জনোৱাৰ পিছত অনুৰূপ ধৰণে বিটিচি আৰু কাৰ্বি আংলং-ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদতো নিশ্চয় এনে এখন বিধেয়কত অনুমোদন দিব। কিন্তু জনজাতীয় লোকসকলৰ ওপৰত আমি কোনো আইন জাপি দিব নোৱাৰোঁ। জনজাতীয় এলেকাত পৰম্পৰাগত আইন প্রাচীন কালৰে পৰা চলি আহিছে। আজি ট্রাইবেল লোকসকলক আমি আইনৰ জৰিয়তে শিকোৱাৰ প্ৰয়োজন নাই। সেই লোকসকলে নিজস্ব চিন্তা-চৰ্চাৰে আগবাঢ়ি গৈছে। কিন্তু আজি জনজাতীয় লোকসকলৰ মাজত বহুবিবাহৰ পৰম্পৰা নাই। জনজাতীয় পৰম্পৰাক আমি যে সম্মান জনাওঁ তাৰ এক বার্তা বিধানসভাই বাৰে বাৰে দিয়াৰ প্ৰয়োজন আছে। কিয়নো তেওঁলোকৰ ভূমি, তেওঁলোকৰ সংস্কৃতিৰ ওপৰত আজি আমি দদপাই আছোঁ। মুখ্যমন্ত্রী ড° শর্মাই বহুবিবাহ প্ৰতিৰোধী বিধেয়কৰ প্ৰসংগত কয়- ভাৰতৰ সংসদে শ্বৰিয়ৎ আইন-১৯৩৭ক স্বীকৃতি দি থৈছে। গতিকে হিন্দুসকলে বহুবিবাহ কৰিলে গ্ৰেপ্তাৰ হ’ব। কিন্তু মুছলমান লোক এজনে বহুবিবাহৰ বাবে গ্ৰেপ্তাৰ নহ’ব। শ্বৰিয়ৎ আইনে তেওঁক এই অধিকাৰ প্ৰদান কৰিছে। সেয়েহে শ্বৰিয়ৎ আইন থকাৰ পাছতো ৰাজ্যখনে বহুবিবাহ প্ৰতিৰোধী বিধেয়ক অনাৰ ক্ষেত্ৰত কিছু আইনী কাম আছে। এই দিশটোৰ প্ৰতি লক্ষ্য কৰিয়েই ২০২৩ চনৰ ১২ মে’ত ন্যায়াধীশ ৰুমী বৰফুকন, মহাধিবক্তা দেৱজিৎ শইকীয়া, অতিৰিক্ত মহাধিবক্তা নলীন কোহলি আৰু জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানক লৈ এখন কমিটী গঠন কৰা হৈছে। এই কমিটীখনে বহুবিবাহ প্ৰতিৰোধী আইন সন্দৰ্ভত ৰাইজৰ পৰা মতামত গ্ৰহণ কৰিছিল। আচৰিত ধৰণে অসমৰ ইছলাম সমাজে এই আইনখনৰ প্ৰতি পূৰ্ণ সমর্থন দিছিল। বহুবিবাহক সমৰ্থন কৰি মাত্ৰ দুখন আবেদনহে কমিটীখনে লাভ কৰিছিল। আনসকলে আইনখনক সমর্থন কৰি বহুবিবাহ প্ৰতিৰোধৰ বাবে চৰকাৰৰ পদক্ষেপক ধন্যবাদ দিছিল। মুখ্যমন্ত্রী ড° শর্মাই বিধেয়কখনৰ জটিলতাৰ এটা দিশ উল্লেখ কৰি কয়-এই বিধেয়কখন বিধানসভাত অনুমোদনৰ পাছত ৰাজ্যপালৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতিৰ ওচৰলৈ যাব। কিয়নো সংসদে শ্বৰিয়ৎ বিধেয়কত অনুমোদন জনোৱাৰ পাছত একেধৰণৰ বিধেয়ক এখন ৰাজ্যই গ্ৰহণ কৰিলে বিধেয়কখন ৰাষ্ট্ৰপতিয়েহে অনুমোদন দিব পাৰিব। উমৈহতীয়া সূচীত থকা যিকোনো বিষয়ত ৰাষ্ট্ৰপতিৰ অনুমোদনক্রমে ৰাজ্যই বিষয়টো নিজাকৈ প্রযোজ্য কৰিব পাৰে। মই আশা কৰিছোঁ দেশৰ ৰাষ্ট্ৰপতিয়ে এই বিধেয়কখনত নিশ্চিতভাবে অনুমোদন দিব।