বিদ্যুৎ মাচুল জাপি দিয়াৰ বিৰোধিতা এএইচিএৰ

Pc The Sentinel Assam

বিদ্যুৎ মাচুল জাপি দিয়াৰ বিৰোধিতা এএইচিএৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ইন্ধনৰ মূল্য বৃদ্ধিৰ নামত পহিলা জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ বিভিন্ন শ্ৰেণীৰ গ্ৰাহকৰ ওপৰত ৩০পইচা আৰু ৭০ পইচা অতিৰিক্ত বিদ্যুৎ মাচুল জাপি দিয়াৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ‘ অল আছাম ইলেকট্ৰিচিটি কনজুমাৰ্চ এছচিয়েছন’ৰ অসম ৰাজ্যিক কমিটীয়ে এক প্ৰেছ বিবৃতিত কয় যে, আন্তৰ্জাতিক বজাৰত যেতিয়া ইন্ধনৰ মূল্য হ্ৰাস পাইছে আৰু ভাৰতবৰ্ষই যেতিয়া ৰাছিয়াৰ পৰা ৰেহাই মূল্যত ইন্ধন ক্ৰয় কৰি বক্ৰ পথেৰে ৰাছিয়াৰ লগত বাণিজ্য বন্ধ কৰি ৰখা দেশবোৰক বিক্ৰী কৰি আছে তেতিয়া ইন্ধনৰ মূল্য বৃদ্ধিৰ অজুহাতত অসম চৰকাৰৰ বিদ্যুত বিতৰণ কোম্পানীয়ে ‘জীৱনধাৰা’ আৰু ঘৰুৱা-এ শ্ৰেণীৰ গ্ৰাহকৰ ওপৰত প্ৰতি ইউনিট বিদ্যুতত ৩০ পইচা আৰু আন সকলো শ্ৰেণীৰ গ্ৰাহকৰ ওপৰত ৭০ পইচা এফ পি পি পি এ চাৰ্জ জাপি দিয়াটো সম্পূৰ্ণ ৰূপে গ্ৰাহকৰ স্বাৰ্থ বিৰোধী।বিদ্যুৎ আইন ২০০৩ ৰ ৬১(চি) ধাৰা- য’ত গ্ৰাহকৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ কথা কোৱা হৈছে, তাক ধোৱাচাঙত তুলি বিদ্যুৎ বিতৰণ কোম্পানীয়ে ৬২(৪) ধাৰাক কামত লগাই এফ পিপিপিএ চাৰ্জ যুক্ত কৰি বিদ্যুৎ পৰিসেৱা যোগানৰ সকলো ব্যয় গ্ৰাহকৰ পৰা আদায় কৰাৰ চক্ৰান্তত লিপ্ত হৈছে। বিদ্যুৎ আইন,২০০৩ৰ ৬২(৪) ধাৰাৰ গইনা লৈ বিদ্যুৎ বিতৰণ কোম্পানীয়ে বছৰটোৰ কেইটামান দিন বাদ দি প্ৰায় গোটেই বছৰত এফপিপিপিএ চাৰ্জৰ নামত গ্ৰাহকৰ পৰা কোটি কোটি সৰকাই আছে। কিহৰ কাৰণে আৰু ক’ত কি পৰিমাণ ইন্ধনৰ মূল্য বৃদ্ধি ঘটিছে সেয়া প্ৰকাশ নকৰি এই ধৰণে এফপিপিপিএ, ফিক্সড চাৰ্জ, প্ৰিপেইড মিটাৰ আদিৰ যোগেদি বিদ্যুতৰ মাচুল অস্বাভাৱিক হাৰত বৃদ্ধি কৰি গ্ৰাহকক লুন্ঠন কৰা কাৰ্য অবিলম্ভে বন্ধ কৰাৰ বাবে এছচিয়েছনে দৃঢ় দাবী জনায়।লগতে চৰকাৰৰ বিদ্যুত বিভাগৰ মইমতালিৰ বিৰুদ্ধে ৰাজ্যব্যাপী গ্ৰাহক আন্দোলন গঢ়ি তোলাৰ বাবে জনসাধাৰণৰ প্ৰতি আহ্বান জনায়৷