বিদ্যু্ৎ সংশোধনী বিল ২০২২ প্ৰত্যাহাৰ কৰাৰ দাবীত এআইইচিএ’ৰ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- বিদ্যুতৰ বেচৰকাৰীকৰণ, জোৰ কৰি জনবিৰোধী প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপন, কৰ্প’ৰেট গোষ্ঠীৰ হাতত বিদ্যুৎ খণ্ড গতাই দিয়া, বিদ্যুৎ সংশোধনী বিল২০২২ প্ৰত্যাহাৰ কৰা ,টাইম অৱ ডে(TOD) প্ৰত্যাহাৰ কৰা ইত্যাদি দাবীত ৰাজ্যৰ অন্যান্য ঠাইৰ লগত গুৱাহাটীতো প্ৰতিবাদ দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অল ইণ্ডিয়া ইলেকট্ৰিচিটি কনজিউমাৰ্চ এচোছিয়েছনে ১ এপ্ৰিলৰ পৰা ৭ এপ্ৰিল ২০২৫ লৈ সমগ্ৰ দেশ ব্যাপী যি প্ৰতিবাদ সপ্তাহৰ আহ্বান দিছিল তাৰেই অংশ হিচাপে ৰাজ্য ব্যাপী প্ৰতিবাদ দিৱস পালিত হৈ আহিছে। এই উপলক্ষে আজি দিনৰ ১১বজাত ভালেসংখ্যক বিদ্যুৎ গ্ৰাহক গুৱাহাটীৰ উলুবাৰী ভল’ভ পইন্টত সমবেত হয় আৰু বিদ্যুত খণ্ড বেচৰকাৰী কৰণ বন্ধ কৰক ,প্ৰিপেইড স্মাৰ্ট মিটাৰ লগোৱা নচলিব, টি অ ডি বন্ধ কৰক প্ৰিপেইড স্মাৰ্ট লগোৱা বন্ধ কৰক ইত্যাদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে।এই উপলক্ষে জি এছ ৰোডত স্কোৱাডিং কৰাৰ উপৰিও বিভিন্ন ঠাইত পথসভা অনুষ্ঠিত হয় হয়৷