বিদ্যালয় একত্ৰীকৰণ কৰা আৰু মাতৃভাষাবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে মহানগৰীত তীব্ৰ প্ৰতিবাদ অসম তৃণমূল কংগ্ৰেছ
ৰঙিলী বাৰ্ত্তাসেৱা- বিদ্যালয়ৰ একত্ৰীকৰণ কৰা আৰু মাতৃভাষা বিৰোধী অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ মহানগৰ সমিতিৰ প্ৰতিবাদ। অসম চৰকাৰে বন্ধ কৰাৰ বাবে প্ৰকাশিত বিদ্যালয়ৰ তালিকাত অন্তৰ্ভুক্ত হাতীগাঁৱৰ হেমন্ত বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।দলটোৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাৰ নেতৃত্বত যোৱা অসম তৃণমূল কংগ্ৰেছৰ দলটোৱে বেনাৰ আৰু হাতে হাতে প্লেকাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি বিদ্যালয় বন্ধ কৰা আৰু মাতৃভাষাবিৰোধী হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ ওচৰত দাবী জনায়।ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিৰুদ্ধে গৈ ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ মইমতালিৰে ঔদ্ধত্য প্ৰদৰ্শন কৰি যেতিয়াই যি মন যায় তাকে কৰিবলৈ লোৱা অগ্ৰহণযোগ্য নীতি মানি লোৱা নহ’ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। ‘বিদ্যালয় একত্ৰীকৰণ কৰা আৰু মাতৃভাষাবিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰক’, ‘বিদ্যালয়ৰ আন্ত:গাঁথনি উন্নত কৰক’, ‘অসম তৃণমূল কংগ্ৰেছ জিন্দাবাদ’ আদি শ্ল’গানেৰে অসম চৰকাৰক সকীয়নি দিয়ে প্ৰতিবাদকাৰীসকলে।দিলীপ কুমাৰ শৰ্মাই লগতে জনসাধাৰণৰ আশা অকাংক্ষাক বুঢ়া আঙুলি দেখুৱাই চৰম অগণতান্ত্ৰিকতাৰ পৰিচয় দি চৰকাৰ চলোৱা নীতি নচলিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিয়ে। অসম চৰকাৰক তেওঁ ছাত্ৰ-ছাত্ৰী বিৰোধী, শিক্ষা বিৰোধী, মাতৃভাষাবিৰোধী বুলি মন্তব্য কৰে। চৰকাৰে সময়মতে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ আন্ত:গাঁথনিৰ উন্নত নকৰা বাবে নিম্নতম সা সুবিধা নথকাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে বুলি মন্তব্য কৰি ড° হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয় বন্ধ কৰি নিজৰ দক্ষতাৰ পৰিচয় দিব নালাগে বুলি কটাক্ষ কৰে দিলীপ কুমাৰ শৰ্মাই।শাসনত বহি চৰকাৰ যন্ত্ৰক পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিবলৈ আগবাঢ়িলে অসম তৃণমূল কংগ্ৰেছ দলে বঞ্চিত-শোষিত জনতাক লগত লৈ ধাৰাবাহিকভাৱে আন্দোলন কৰি ব্যৰ্থ কৰি দিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে। শৰ্মাই লগতে চৰকাৰখন বিজেপিৰ এজেণ্ডা পূৰণৰ ডাম্পিং গ্ৰাউণ্ড নহয় বুলি মন্তব্য কৰি ৬ ছেপ্তেম্বৰৰ পৰা বিদ্যালয় একত্ৰীকৰণ আৰু মাতৃভাষাবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি হোৱা অসম তৃণমূল কংগ্ৰেছৰ ধৰ্ণা-প্ৰতিবাদ কাৰ্যসূচীলৈ অসমবাসীৰ সমৰ্থনে, চৰকাৰখন আত্মঘাতী সিদ্ধান্তৰে শলঠেকত পৰা কথাটো প্ৰমাণিত হোৱা বুলি মন্তব্য কৰে। অসমবাসীৰ বিপুল সমৰ্থনেৰে অসম তৃণমূল কংগ্ৰেছৰ ধাৰাবাহিক আন্দোলনৰ সন্মুখত ড° হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ স্বৈৰাচাৰী মনোভাৱ উফৰি যাব বুলি কয় অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰীসকলে।অসম তৃণমূলৰ জ্যেষ্ঠ নেতা দিলীপ কুমাৰ শৰ্মাই আজিৰ ধৰ্ণা কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে দীৰ্ঘকাল ধৰি অসমৰ শিক্ষামন্ত্ৰীৰ আসনত থকা ড° হিমন্ত বিশ্ব শৰ্মাৰ অদূৰদৰ্শিতাৰ বাবেই আজি ব্ৰেইন ড্ৰেইনৰ সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰিবলগীয়া হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷