বিদ্যালয়ৰ পাছত অংগনৱাড়ী কেন্দ্ৰসমূহো একত্ৰীকৰণ কৰা হ’ব

Pc Facebook

বিদ্যালয়ৰ পাছত অংগনৱাড়ী কেন্দ্ৰসমূহো একত্ৰীকৰণ কৰা হ’ব

ৰঙিলী বাৰ্ত্তাসেৱা- বিদ্যালয়ৰ পাছত অংগনৱাড়ী কেন্দ্ৰসমূহো একত্ৰীকৰণ কৰিব ৰাজ্য চৰকাৰে৷ এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ৰাজ্যত ৬৫ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ আছে। তাৰ ভিতৰত প্ৰায় ২০ হাজাৰ কেন্দ্ৰ ওচৰা-উচৰিকৈ আছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ওচৰা-উচৰিকৈ থকা কেন্দ্ৰসমূহ  একত্ৰিত কৰি ভালকৈ নিৰ্মাণ কৰাৰ কথা ঘোষণা  কৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে একত্ৰীকৰণৰ ফলত কাৰো চাকৰি যোৱাৰ কথা নাহে৷ এতিয়া যদি এগৰাকীয়ে কাম কৰি আছে, একত্ৰীকৰণৰ পাছত এটা কেন্দ্ৰত তিনিগৰাকীয়ে কাম কৰিব৷ এই বছৰত তিনি হাজাৰ অংগনৱাড়ী কেন্দ্ৰ  নতুনকৈ নিৰ্মাণ কৰা হ’ব৷ ৫ বছৰত ১৫ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ নতুনকৈ নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ অংগনৱাড়ী কেন্দ্ৰসমূহ সামৰ্থ্যৱান লোকক ‘এডপ্ট’ কৰিবলৈ আহ্বান জনায়৷