বিদ্যালয় সমূহক একত্ৰিকৰণ শিক্ষা বিভাগৰ বিফলতা ঢকাৰ চেষ্টা নেকি ?
দেবর্ষি গৌতম, বনগাঁও
এটা সময় আছিল যিটো সময়ত আমাৰ সমাজৰ অধিকাংশ ছাত্ৰ-ছাত্ৰী চৰকাৰী খণ্ডৰ স্কুলত পঢ়িছিল। সেই সময়ত ব্যক্তিগত খণ্ডৰ স্কুলৰ প্ৰভাৱ আমাৰ সমাজত তুলনামূলকভাৱে বহুত কম আছিল। মাতৃভাষাৰ মাধ্যমৰ চৰকাৰী স্কুলত পঢ়িয়ে বহু ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ইয়াৰ ওপৰিও অভিভাব সকলেও সেই সময়ত নিজ সন্তানক ব্যক্তিগত খণ্ডৰ স্কুললৈ প্ৰেৰণ কৰাৰ পৰিবৰ্তে চৰকাৰী স্কুললৈ প্ৰেৰণ কৰাৰ বাবে বেছি আগ্ৰহী আছিল। হয়তো সেই সময়ত চৰকাৰী বিদ্যালয় সমূহত শিক্ষা ব্যৱস্থাৰ যি বিশ্বাসযোগ্যতা আছিল সেই বিশ্বাসৰ বাবে হয়তো অভিভাৱক সকলে নিজ সন্তানক চৰকাৰী খণ্ডৰ বিদ্যালয়লৈ প্ৰেৰণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। কিন্তু বৰ্তমান সময়ত যদি আমি তুলনামূলকভাৱে চৰকাৰী বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ মাজত এক পৰ্যালোচনা কৰোঁ তেনেহলে দেখিবলৈ পাম যে চৰকাৰী খনৰ বিদ্যালয় সমূহৰ তুলনাত ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহ বহু বেছি আগবাঢ়ি গৈছে। যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ অভিভাব সকলো চৰকাৰী স্কুলত নিজৰ সন্তানক পঢ়োৱাতকৈ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়াবলৈ অধিক আগ্ৰহী হৈ উঠিছে। চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱকৰ বিশ্বাস হ্ৰাস পোৱাৰ মূল কাৰণ সমূহ হৈছে বিদ্যালয় সমূহত শিক্ষাৰ মানদণ্ড অতি নিম্নস্তৰৰ। ইয়াৰ ওপৰিও সিংহভাগ চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ যি অৱস্থা সেয়া অতিকৈ পুতৌজনতক। কিছুমান চৰকাৰী বিদ্যালয়ত যদি ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক-শিক্ষত্ৰীৰ সংখ্যা কম কৰবাত আকৌ শিক্ষক-শিক্ষত্ৰীৰ অনুপাতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বহুত কম। মুখেদি সকলো সমস্যা সমাধান কৰাৰ কথা কলেও কিন্তু কাৰ্যত এই আসোঁৱাহ সমূহ দূৰ কৰাৰ প্ৰতি শিক্ষা বিভাগে গুৰুত্ব প্ৰদান কৰা কেতিয়াও কাৰো দৃষ্টিগোচৰ হোৱা নাই। বৰ্তমানৰ তথ্য প্ৰযুক্তিবিদ্যাৰ যুগত সমাজৰ প্ৰতিটো স্তৰতে প্ৰতিযোগিতা যি হাৰত বৃদ্ধি হৈ গৈ আছে তাৰ প্ৰতি নজৰ দিয়াটো অতিকৈ প্ৰয়োজনীয়। বৰ্তমান প্ৰতিযোগিতাৰ যুগত চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত যি অন্তৰ দেখা যায় তাৰ পৰা এটা কথা স্পষ্টকৈ প্ৰমাণিত হয় যে চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহৰ গুণগত শিক্ষাৰ মানদণ্ড বহুত তললৈ নামিছে। যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে নিজ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নিজ সন্তানক নামভৰ্তি কৰিবলৈ ঢাপলি মেলিছে। ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি বিশ্বাস হেৰুৱাৰ বাবে অসমৰ শিক্ষা বিভাগে যেন ইয়াৰ সুযোগ গ্ৰহণ কৰিছে। দিনক দিনে চৰকাৰী বিদ্যালয়ত হ্ৰাস পোৱা ছাত্ৰ-ছাত্ৰীৰ অজুহাত দেখুৱাই শিক্ষা বিভাগে আৰম্ভ কৰিছে চৰকাৰী বিদ্যালয়ৰ একত্ৰিকৰণ প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়া আৰম্ভ কৰি শিক্ষা মন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছে যে যিবোৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম তেনে বিদ্যালয় সমূহ ওচৰৰ বেছি ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ লগত একত্ৰিত কৰা হব। এই একত্ৰিকৰণ প্ৰক্ৰিয়াত কোনো চৰকাৰী বিদ্যালয় বন্ধ কৰা নহয়। এই কথাবোৰ শুনাৰ পিছত অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰীলৈ সচেতন মহলে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে, যে এখন বিদ্যালয় আন এখন বিদ্যালয়ৰ লগত একত্ৰিকৰণ হৈ যোৱাৰ পিছত যেতিয়া সেই বিদ্যালয় খনত পাঠদান প্ৰক্ৰিয়া বন্ধ হৈ পৰিব তেতিয়া সেই বিদ্যালয় খনৰ কি অস্তিত্ব বৰ্তি থাকিব ? মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহ বন্ধ কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহক সহজে মুনাফা সংগ্ৰহ কৰাৰ বাট প্ৰশস্ত কৰিবলৈ আগবাঢ়িছে নেকি শিক্ষা বিভাগে ? বিভিন্ন লোকৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত জন্ম লাভ কৰা মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহৰ প্ৰতি শিক্ষা বিভাগৰ দায়িত্ব এইখিনিতয়ে নেকি ? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ শিক্ষা বিভাগ তথা শিক্ষামন্ত্ৰী কাৰোৰে ওচৰত নাই। চৰকাৰী বিদ্যালয় সমূহ বিলুপ্ত কৰাৰ পৰিবৰ্তে শিক্ষা বিভাগৰ দায়িত্ব আছিল যে চৰকাৰী মাধ্যমৰ বিদ্যালয় সমূহৰ আসোঁৱাহ সমূহ দূৰ কৰি উন্নত আন্তঃগাঁথনিৰ সহায়ত ছাত্ৰ-ছাত্ৰী সকলক এক উন্নত মানদণ্ডৰ শৈক্ষিক পৰিৱেশ প্ৰদান কৰা। অসম চৰকাৰৰ এটা বিয়াগোম শিক্ষা বিভাগ থকাৰ পিছতো যদি মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ অৱস্থা তথৈবচ হয় তেনেহলে তাৰ বাবে জগৰীয়া একমাত্ৰ বিভাগটো। শিক্ষা বিভাগে মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয় সমূহ বন্ধ কৰি যে নিজৰ ব্যৰ্থতা ঢাকিব বিচাৰিছে সেয়া সচেতন লোকসকলে নকলেও ইতিমধ্যে মৰ্মে মৰ্মে উপলদ্ধি কৰিছে। চৰকাৰ আৰু শিক্ষা বিভাগৰ এনেবোৰ সিদ্ধান্তই যে আইৰ মুখৰ ভাষাটোক সংকটৰ গৰাহলৈ ঠেলি দিব সেই কথা ধুৰূপ। যদি মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহ এখন এখনকৈ বিলুপ্ত হবলৈ হয় তেনেহলে অসমীয়া ভাষাৰ অস্তিত্বৰ সংকট অসমতে আহি পৰিব। অসমতে যদি অসমীয়া ভাষাটোৱে অস্তিত্বৰ সংকটত ভোগে তেনেহলে আমি নিজকে অসমীয়া বুলি গৌৰৱ কৰাৰ অধিকাৰো হেৰুৱাই পেলাম। শিক্ষা খণ্ডৰ পৰা যদি সচাকৈ অসমীয়া ভাষাটো নাইকিয়া হৈ যায় তেনেহলে অসমীয়া ভাষাটোক জীয়াই ৰখাৰ ক্ষেত্ৰত অসমীয়া জাতিৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান আহিব পাৰিব। সময় থাকোতে যদি অসমীয়া জাতি সজাগ আৰু সচেতন নহয় তেনেহলে ঘৰতে এদিন অসমীয়া জাতি মগনীয়া হব লাগিব। এই ক্ষেত্ৰত অসমীয়া জাতিক প্ৰতিনিধিত্ব কৰা জাতীয় সংগঠন সমূহৰ ভূমিকাও মনকৰিবলগীয়া হব।জোৰ পুৰি হাত পোৱাৰ আগতে জাগ্ৰত হব লাগিব। অন্যথা ফিৰিঙতিৰ পৰা কেতিয়া খণ্ডৱদাহ হৈ যাব সেয়া দৃষ্টিৰো অগোচৰ হৈ পৰিব।