বিদেশী শিক্ষাৰ্থীৰ ‘ভিছা সাক্ষাৎকাৰ’ বন্ধ ড’নাল্ড ট্রাম্প প্রশাসনৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ড’নাল্ড ট্রাম্প প্রশাসনে বন্ধ কৰি দিলে বিদেশী শিক্ষাৰ্থীসকলৰ বাবে ‘ভিছা সাক্ষাৎকাৰ’। মার্কিন বিদেশ সচিব মার্কো ৰুবিঅ’ৱে স্বাক্ষৰ কৰা এক বিবৃতিত এই কথা উল্লেখ কৰা হৈছে। বিবৃতিত উল্লেখ কৰা হৈছে যে ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপৰ ওপৰত কঠোৰ নজৰদাৰী চলিব। গতিকে শিক্ষার্থী আৰু এক্সচেঞ্জ শিক্ষার্থীসকলৰ ভিছা প্রদান বন্ধ কৰা হ’ব। স্মর্তব্য যে কেইদিনমান পূর্বেই হার্ভার্ড বিশ্ববিদ্যালয়ৰ বিদেশী শিক্ষার্থীসকলক ‘বিতাড়ন’ৰ সিদ্ধান্ত লৈছিল ড’নাল্ড ট্রাম্প প্রশাসনে। এইবাৰ সকলো শিক্ষাক্ষেত্ৰত বিদেশী শিক্ষাৰ্থীসকলৰ ওপৰত কঠোৰ নজৰদাৰীৰ সিদ্ধান্ত লৈছে মার্কিন চৰকাৰে। মার্কিন বিদেশ দপ্তৰৰ তৰফৰ পৰা উল্লেখ কৰা হয় যে এফ এম আৰু জে ভিছাৰ আবেদনৃ-পত্ৰত সাক্ষাৎকাৰ স্থগিত ৰখা হ’ব। এই ভিছাবোৰ মূলতঃ শিক্ষার্থীসকলক প্রদান কৰা হয়। বিশ্বৰ সকলো মার্কিন কনচুলেট কাৰ্যালয়ত এই কথা জনাই দিয়া হৈছে। অর্থাৎ ভিছাৰ আবেদনকাৰীসকলৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিব নোৱাৰিব কনচুনেট কার্যালয়ে। কাৰণ আবেদনকাৰীসকলৰ ছ’চিয়েল মিডিয়া পৰীক্ষা কৰি চোৱা হ’ব। আবেদনকাৰীৰ ছ’চিয়েল মিডিয়াত আমেৰিকাবিৰোধী পোষ্ট থাকিলে সেয়া বিপজ্জনক হিচাপে চিহ্নিত কৰিব মার্কিন প্রশাসনে।