বিদেশী মুক্ত অসম পূৰ্বৰ পৰা বিচাৰি আছোঃমুছলিম ছাত্ৰ সন্থা
ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়াকৈ অসম চৰকাৰে বিদেশী বিতাৰনৰ নামত অমানৱীয় বাবে অসমৰ মুছলমান সকলক অত্যাচাৰ কৰা আমি লক্ষ্য কৰি আছোঁ মুছলিম ছাত্ৰ সন্থা অসমে বিদেশী মুক্ত অসম পুৰ্বৰ পৰাই বিচাৰি আছোঁ,কিন্তু বিদেশী বিতাৰণ কৰাৰ নামত স্বদেশীক অত্যাচাৰ কৰিব সেইটো মানি লোৱা নহ’ব। ইতিমধ্যে মুছলিম ছাত্ৰ সন্থাৰ জিলা সমিতিৰ জৰিয়তে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যদিওঁ জিলা প্ৰশাসনে অনুমতি বাতিল কৰি আছে তাৰ পিছতো বৰপেটা চেঙা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে আমি ৰাষ্ট্ৰপতি, গৃহ মন্ত্ৰালয়ৰ, আৰু UNO লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ আৰু দিল্লীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰো সিদ্ধান্ত লোৱা হৈছে। অসম চুক্তি ৰূপায়ন কৰি আৰু ঐতিহাসিক চুক্তিৰ আধাৰত প্ৰকৃত বিদেশীক নীতি নিয়ম মতে বিতাৰন কৰিলে আমি সহযোগ কৰিম অন্যথা ই তীব্ৰ গণ আন্দোলন কৰা হ’ব সেই কথা স্পষ্টকৈ জনাব বিচাৰিছোঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক। আনহাতে ৰাজ্যখনৰ বিভিন্ন স্তৰত পবিত্ৰ ঈদৰ পিছত অনা-মুছলিম এলেকাত বিশেষকৈ কটন কলেজ, মন্দিৰ আৰু হিন্দু ভাই সকলৰ ধৰ্মীয় উপাসনা স্থানত গো মাংস উদ্ধাৰ হোৱা ঘটনাক আমি মুছলিম ছাত্ৰ সন্থা অসমে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছোঁ আজিৰ এই সংবাদ মেলৰ জৰিয়তে।এই ঘটনাক লৈ যাতে ৰাজ্যখনত হিন্দু -মুছলিমৰ ভাতৃত্ববোধ নষ্ট নহয় তাৰ প্ৰতিও ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনালোঁ। একমাত্ৰ মুছলিম হোৱাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলাই থকা আমি লক্ষ্য কৰিছোঁ ৰাজ্য চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশনা পালন কৰা হৈ আছে কয় আকৌ যেতিয়া ভুক্তভোগীয়ে মহামান্য ন্যায়ালয়ত আবেদন কৰাৰ লগে লগে স্থগিত কৰাৰ আদেশ দি আছে ৯ জুন নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰ এলেকাৰ ৯৩ জন ভুক্তভোগীয়ে কৰা আবেদনৰ শুনানিত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে উচ্ছেদ স্থগিতাদেশ ৰখাৰ আদেশ দিছে।গতিকে আমি মুছলিম ছাত্ৰ সন্থা অসমে ভুমি হীন লোকক ভুমি প্ৰদান কৰা আৰু উচ্ছেদৰ পুৰ্বে সংস্থাপনৰ ব্যৱস্থা কৰাৰ দাবী জনাইছোঁ। অন্যান্য মুছলিম ছাত্ৰ সন্থা অসমে পুনৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰাৰ বাধ্য হ’ম৷