বিদায় ২০২৩ বৰ্ষ – আয়নাল হক

Pc Pinterest
বিদায় ২০২৩ বৰ্ষ
আয়নাল হক, ধুবুৰী 
বিদায়—
২০২৩  বৰ্ষ,
পুনৰ লগ নোপোৱাৰ প্ৰতিশ্ৰুতিৰে
তই  ল’বি বিদায়
স্মৃতিৰ বলুকাত খোজৰ ছাপ পেলাই !
সকলোকে আনন্দ আৰু হাঁহিৰ খোৰাকি যোগাই
আহিছিলি পাখিলগা কাঁড়ৰ দৰে–
যাবও ওলালি একেই গতিৰে।
তই দিয়া মিঠা-তিতা স্মৃতিবোৰ বুকুত সামৰি
আকৌ আদৰিব লাগিব এটি নতুন বছৰ ।
নিৰ্যাতিতাৰ আত্মীয়ৰ হৃদয়ত
ৰঙা তেজেৰে লিখা থাকিব তোৰেই নাম-২০২৩ বৰ্ষ ,
কিমান জনী ধৰ্ষিতাই ন্যায় পালে,
কিমানজন বৃদ্ধ-বৃদ্ধাই অনাথ আশ্ৰমৰ ঠিকনা ল’লে,
তাৰো হিচাপ থাকিব তোৰ বুকুত ।
পৰিৱৰ্তনৰ নামত বস্তুৰ চৰা দামে
কাৰ আখল ঘৰত কিমান জুই জ্বলালে ,
কিমানজন নিবনুৱাই সংস্থানৰ অভাৱত
কক্ বকাই আছে,
চৰকাৰী আঁচনিৰ ৰূপায়নৰ গাফিলতিত
কিমান টকা ঘূৰি গ’ল,
তাৰো হিচাপ লাগিব তোৰ আঁচলত ।
বানপানীত গৃহ-হাৰা,দৰিদ্ৰজনে
কিমান চৰকাৰী সাহায্য পালে
তাৰ খটিয়ান ৰাখি গ’লিনে ২০২৩ বৰ্ষ ?
যাবলৈ ওলালি–
কাৰোবাক দি গ’লি হাঁহিৰ জোনাক
কাৰোবাক দি গ’লি হতাশাৰ অমানিশা !
প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ দোমোজাত
আদৰিম আকৌ এটি নতুন বছৰ—
দুখৰ বুকুতে সুখৰ সপোন ৰচি
পুনৰ উলাহেৰে ক’ম–
    “Happy New Year”