বিদায় বেলিকাৰ মালিতা
প্ৰভাত বণিয়া
আমিও আৰম্ভ কৰিছিলোঁ আমাৰ যাত্ৰা
য’ৰ পৰা এদিন প্রত্যুষতে আহিছিলো
সদলবলে দুৰ্যোগৰ নিশা কাতি কৰি আমি ভূমিষ্ঠ হৈছিলোঁ
অপইতা বেলিটো এতিয়া পূৰঠ হৈ ক্ৰমে লহিয়াবলৈ ললে
আমাৰো বয়স ভাটী দিবলৈ ধৰিছে
লাম-লাকুটি সামৰি থৈ সাজু হবৰ হ’ল
এদিন বিদায় সভা হ’ব
চলচলীয়া চকুৰে জনাব বিদায় সম্বৰ্ধনা
পোৱা নোপোৱাৰ হিচাপ নিকাচ কালৰ বুকুত সমৰ্পি আমি গুচি যাম
নজনা নুশুনা দেশলৈ
দুখ নকৰিবা হে প্ৰিয় সুহৃদ
এয়া সত্য
শেষ হ’ব আমাৰ জীৱনৰ গান।
