বিদায় – প্ৰভাত বণিয়া

Pc HD Wallpapers

বিদায়

প্ৰভাত বণিয়া

তোমাৰ অবৰ্তমান বৰ অসহনীয়
আকাশ আছে
বতাহ নাই
আন্ধাৰ আছে
পোহৰ নাই
ৰাউচিজুৰি পখীয়ে কান্দে

জীৱন আছে যৌৱন‌‌ নাই
চকুৰ লোতকে
দুগাল‌ তিয়ায়
বৰ‌ অসহনীয়
তোমাৰ অবৰ্তমান

সপোন‌ আমাৰ মৰহি যায়।