বিদায়ৰ হেঙুলী পৰত – অলকা বুজৰ বৰুৱা

বিদায়ৰ হেঙুলী পৰত

অলকা বুজৰ বৰুৱা,
টিহু টাউন 

একাঁজলি হিৰণ্ময়ী আভাৰে পূৰ্ণ
জ্ঞানৰ সোণালী জ্যোতিৰে সমৃদ্ধ
হে গুৰু আপুনিয়েই প্ৰজ্ঞাৰ সাধক।
আপুনি গলি গলি শেষ হোৱা
এডাল মাথোঁ মমবাতিয়েই নে ?
আপুনি যেতিয়া দগ্ধ হয় অনুশীলনৰ উত্তাপত
কোনোবাই উদ্দীপ্ত নহয় নে সেই পোহৰত!
আপুনি নহয় জানো এডাল ধূপ
সুগন্ধি বিলোৱা ?
জীৱনৰ কঠিয়াতলীত
আপুনিয়েই নিসিঁচে জানো
জ্ঞানৰ সোণসেৰীয়া বীজ ?
শ্ৰান্ত ক্লান্ত যৰ্মাক্ত দেহৰ আঁৰত
কঢ়িয়াই লৈ নুফুৰে নে আপুনি
সোণগুটি চপোৱাৰ হেঁপাহ এটা ?
নিবিচাৰে জানো অন্তৰৰ কোঁহে কোঁহে
বোৱাবলৈ প্ৰাপ্তিৰ মন্দাকিনী
আপুনি নহয় জানো মানৱতাৰ পূজাৰী,
জ্ঞানৰ আকাশীগংগা বোৱাই
আপুনিয়েইতো ধুই নিয়ে মনৰ এন্ধাৰ
আপুনিয়েই নিবিচাৰে জানো এচেৰেঙা ৰ’দ হ’বলৈ
যিয়ে অজ্ঞানতা নাশি পোহৰাব পাৰে মনৰ দুৱাৰ।
সময়ৰ আহ্বানক জনাই সঁহাৰি
বাজিব খোজে দেখো বিদায়ৰ বাঁহী।
সময়ে নিদিয়ে সন্ধান ওভতনি পথৰ
কাৰখানাৰ কৰ্ষণক জনাই বিদায়
জেপত ভৰাই লৈ বিষণ্ণ গধূলি এটি
খোজ দিলে আপুনি হেঙুলী বেলিলৈ বুলি
বিদায় বেলাত আপোনাক সহস্ৰ প্ৰণাম।
হে আলোকসন্ধানী ,কুশলে থাকক সুদীৰ্ঘ সময়।
এয়াই মনৰ প্ৰত্যাশা আমাৰ।