বিতৰ্কত সোমাই পৰিছে আৱাহন থিয়েটাৰ

PC- The Janambhumi

বিতৰ্কত সোমাই পৰিছে আৱাহন থিয়েটাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভ্ৰাম্যমান থিয়েটাৰত ২০২২ বৰ্ষত আবাহণ থিয়েটাৰে মঞ্চস্থ কৰিছে লভিতা নামৰ নাটকখন।এই নাটকখনৰ দৰ্শক হৈছিলগৈ মুখ্যমন্ত্ৰী।কিন্তু শেহতীয়াকৈ এই নাটকখনক কেন্দ্ৰ কৰি চচিয়েল মিডিয়াত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।আৱাহন থিয়েটাৰ তথা নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই অসমীয়া সমাজ জীৱনৰ যুগাগ্ৰগামী জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি ‘লভিতা’ক বিকৃত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে ভাৰতীয় গণনাট্য সংঘই অভিজিত ভট্টাচাৰ্যই লিখা নতুন লভিতা সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আৱাহন থিয়েটাৰৰ মঞ্চস্থ নাট লভিতাৰ প্ৰদৰ্শন বন্ধৰ দাবী তুলিছে।গণনাট্য সংঘৰ অভিযোগ – জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটখনকে ইফাল-সিফাল কৰি একপ্ৰকাৰ বিকৃত কৰি নিজৰ নামত লিখি প্ৰদৰ্শন কৰিলে নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই।জ্যোতিপ্ৰসাদে লিখা মূল নাটকত থকা গীতটো নোহোৱা কৰি ‘মোৰে জীৱনৰে সখা কৃষ্ণ’ গীতটো কাৰেঙৰ লিগিৰী নাটকৰ পৰা আনি অন্তৰ্ভুক্ত কৰিছে৷সংঘৰ অভিযোগ অনুসৰি, নাটকখনত ‘ভাৰত মাতা কী জয়’ শ্ল’গানটো ভৰাই দিয়াৰ উপৰি একাধিক চৰিত্ৰকো বিকৃত ৰূপত দাঙি ধৰিছে অথচ চৰিত্ৰ সমূহৰ নাম, ঘটনাপ্ৰবাহ পৰ্যন্ত একে ৰাখিছে।জ্যোতিপ্ৰসাদ আগৰৱালাৰ লভিতাক ভ্ৰাম্যমানৰ জৰিয়তে বিকৃত ৰূপত ব্যৱসায়িক স্বাৰ্থত বিক্ৰী কৰা হ’ল।এই নাটখন ভ্ৰাম্যমানত ইয়াৰ পূৰ্বেও মঞ্চস্থ হৈছিল।চিত্ৰলেখা থিয়েটাৰ, মুকুন্দ থিয়েটাৰ আদিত লভিতা মঞ্চস্থ কৰোতে জ্যোতিপ্ৰসাদৰ সৃষ্টিত কোনেও হাত দিয়া নাছিল।কিন্তু আবাহন থিয়েটাৰৰ পৃষ্ঠপোষকতাত অভিজিৎ ভট্টাচাৰ্যৰ হতুৱাই জ্যোতিপ্ৰসাদৰ এই নাটকখন বিকৃত কৰা হ’ল।কিন্তু সেই নাটকখনক বিকৃত কৰি জ্যোতিপ্ৰসাদক অপমান কৰাৰ অধিকাৰ কাৰোৰেই নাই।উল্লেখযোগ্য যে,ভ্ৰাম্যমাণ থিয়েটাৰৰ দৰ্শক ফোৰামৰ সম্পাদক প্ৰণবজ্যোতি বৰ্মণ আৰু লেখক-শিল্পীকৰ্মী ৰণ্টু শৰ্মাই সকলোৰে হৈ এই বিষয়ত ন্যায়িক হস্তক্ষেপ বিচাৰি ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।