অসমীয়া মানুহে ব্যৱসায় কৰিব নাজানে বুলি আমাৰ সমাজত এটা ধাৰণা আছে | এই ধাৰণাটো বহু পৰিমাণে সঁচা | গুৱাহাটীক যদি আমি অসমৰ বাণিজ্যৰ প্ৰধান কেন্দ্ৰ বুলি গণ্য কৰো , গুৱাহাটিৰ মুঠ বাণিজ্যৰ কিমান অংশ অসমীয়া মানুহ খিনিয়ে নিয়ন্ত্ৰণ কৰে সেইটো এটা বিৰ্চাৰ বিষয় | বিভিন্ন মহলত এই বিষয়টো উত্থাপন হয়, কিন্তু এই বিষয়টোৰ গুৰুত্ব অনুসৰি ইয়াৰ সম্যক আলোচনা হোৱা দেখা নাযায় | আমি হয়তো বিষয়টোৰ গুৰুত্ব উপলব্ধি নকৰো বা ইয়াৰ কোনো সদুত্তৰ নাই বাবে বিষয়টো আমি এৰাই চলো | বহুতে আকৌ অসমীয়া লোকৰ শ্ৰম বিমুখিতা আৰু এলেহুৱা স্বভাৱটোৱে ইয়াৰ বাবে প্ৰধানকৈ দায়ী বুলি কৈ বিষয়টো সৰলীকৰণ কৰাও দেখা যায় |
অসমত যোৱা কেইটামান দশকত সীমিত সংখ্যক হলেও নতুন নতুন উদ্যোগ স্থাপিত হৈছে | আৰম্ভণিতে এই উদ্যোগ সমূহত কাম কৰিবলৈ স্থানীয় লোক সকলৰ মাজত অনীহা আছিল | অসমীয়া লোক সকলে ব্যক্তিগত উদ্যোগৰ শ্ৰমৰ পৰা নিজকে নিলগাই ৰাখিছিল | উদ্যোগ সমূহৰ মালিক পক্ষই বাহিৰা ৰাজ্যৰ লোকক এই উদ্যোগ সমূহত কাম কাজ কৰাবলৈ আমদানী কৰি আনিছিল | কিন্তু এতিয়া পৰিস্থিতি সম্পুৰ্ণ সলনি হ’ল | আজিকালি আমাৰ ৰাজ্যৰ ভিতৰৰ উদ্যোগ সমুহৰ কৰ্মচাৰীসকলৰ বৃহৎ সংখ্যকেই স্থানীয় লোক | অসমৰ এক বৃহৎ শ্ৰমিক শক্তি আজিৰ দিনত ৰাজ্যৰ বাহিৰৰ উদ্যোগত কৰ্মৰত | এই সকলো শ্ৰমিক উদ্যোগ বিলাকত বাহিৰা ৰাজ্যৰ শ্ৰমিক সকলৰ লগত কান্ধত কান্ধ মিলাই কাম কৰিছে । অসমীয়া সকল শ্ৰম বিমুখ বুলি থকা প্ৰচলিত ধাৰণাটো তেওঁলোকে মষিমূৰ কৰিছে । এইটো আমাৰ ৰাজ্যৰ বাবে এটা উৎসাহ জনক কথা ।
অৰ্থনীতিবিদ সকলৰ মতে উৎপাদন কাম কাজ সমুহ চলাবলৈ চাৰিটা উপাদানৰ প্ৰয়োজন –
১] ভূমি,
২] শ্ৰম ,
৩] মূলধন আৰু
৪] উদ্যোক্তা ।
এই চাৰিটা উপাদানৰ সহজ লভ্যতা আৰু সমন্বয়ৰ ওপৰত উৎপাদন মূলক কাম কাজৰ সফলতা নিৰ্ভৰ কৰে । আমি যদি অসমৰ প্ৰেক্ষাপটত বিচাৰ কৰি চাওঁ আমি দেখা পাম যে প্ৰথম তিনিটা কাৰকৰ উপস্থিতি স্বত্তেও চতুৰ্থটো কাৰকৰ দুৰ্বলতাৰ ফলত বহুতো নতুন উদ্যোগ স্থাপনৰ কেইমাহ মান বা কেইবছৰ মানৰ ভিতৰতে বন্ধ হৈ যায় । উদ্যোগ এটা আৰম্ভ কৰিম বুলি সিদ্ধান্ত লোৱাৰ লগে লগে ইয়াৰ বিত্তীয় দিশটো গুৰুত্ব সহকাৰে চালি জাৰি চোৱা উচিত । কেচামাল আহৰণ কৰাৰ পৰা উৎপাদিত সামগ্ৰী বজাৰত বিক্ৰী কৰালৈকে গোটেই প্ৰক্ৰিয়াটোৰ সৈতে জড়িত বিত্তীয় কথাবোৰ আৰম্ভণিতে সঠিক ভৱে বিশ্লেষণ কৰি নাচালে উদ্যোগী জন আৰম্ভনিতে বিপদত পৰিব পাৰে আৰু পিছৰ পৰ্যায়ত উদ্যোগটো চলাই নিয়াতো অসম্ভৱ হৈ উঠিব পাৰে।
ভাৰতৰ কিছুমান সম্প্ৰদায়ৰ লোকসকল স্বভাৱগতভাৱে সফল উদ্যোগী হোৱা দেখা যায় । ইয়াৰ কেইবাটাও কাৰণ থাকিব পাৰে । কিন্তু ইয়াৰ প্ৰধান কাৰণ হল – তেওঁলোকে বংশগত ভাৱে লাভ কৰা কিছুমান বিত্তীয় প্ৰজ্ঞা। যেতিয়া এজন লোকে নিজৰ জন্মৰ সময়ৰ পৰা পৰিয়ালৰ সদস্য সকলৰ পৰা বিত্তীয় জ্ঞান লাভ কৰে, তেওঁ আচল কামত হাত দিয়াৰ আগতেই ব্যবসায়ৰ সাধাৰণ খুটিনাটি সম্বন্ধে জ্ঞান লাভ কৰে । কিন্তু যিসকলে নিজৰ পৰিয়ালৰ পৰা বিত্তীয় জ্ঞান লাভ কৰিবলৈ সক্ষম হোৱা নাই , তেওঁলোকে বেলেগ উৎসৰ পৰা নিজে আৰম্ভ কৰিব খোজা উদ্যোগতো সম্পৰ্কে বিত্তীয় জ্ঞান লাভ কৰাটো অতি জৰুৰী। প্ৰ্তিটো উদ্যোগৰ বাবে উদ্যোগটোৰ আকাৰ আৰু প্ৰকৃতি অনুসৰি বেলেগ বেলেগ বিত্তীয় ব্যৱস্থাপনাৰ প্ৰয়োজন । উদ্যোগ এটাৰ সফলতা উদ্যোগটোৰ লগত জড়িত বিত্তীয় ব্যৱস্থাপনাৰ ওপৰত ঘাইকৈ নিৰ্ভৰ কৰে । এই কথাটো চুবুৰীৰ মূৰত আৰম্ভ কৰা গেলামালৰ দোকানখনৰ ক্ষেত্ৰত যিমান প্ৰযোজ্য, নতুনকৈ আৰম্ভ কৰা start up ব্যৱসায়ৰ ক্ষেত্ৰতো সিমানেই প্ৰযোজ্য । গতিকে উদ্যোগটোৰ প্ৰকৃতি যিয়েই নহওক উদ্যোগটোৰ সফলতাৰ বাবে উদ্যোগীজন বিত্তীয়ভৱে সাক্ষৰ হোৱাটো অতি আৱশ্যকীয় ।
এতিয়া কথাটো হ’ল বিত্তীয় সাক্ষৰতা মানেনো কি ? নিজৰ বিত্তীয় সম্পদ সমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰত সঠিক আৰু কাৰ্যকৰী সিদ্ধান্ত লবৰ বাবে দক্ষতা আৰু জ্ঞান অৰ্জন কৰিলে ব্যক্তি এজনক বিত্তীয়ভাৱে সাক্ষৰ লোক বুলি ধৰি লোৱা হয় । এজন বিত্তীয় ভাৱে সাক্ষৰ লোকে নিজৰ বিত্তীয় লক্ষ্য পুৰণৰ বাবে কেনে ধৰণৰ বিত্তীয় সিদ্ধান্ত লোৱা উচিত আৰু সেই সিদ্ধান্ত কেনে ধৰণে কাৰ্যকৰী কৰিব লাগে সেই জ্ঞান প্ৰাপ্ত কৰে । “Rich Dad Poor Dad” শীৰ্ষক কিতাপ খনৰ লেখক “Robert T. Kiyosaki” ৰ মতে টকা-পইচাৰ ভাষা বুজাৰ ক্ষমতা থকা এজন লোকক বিত্তীয়ভাৱে সাক্ষৰ লোক বুলি কব পাৰি । তেওঁৰ মতে ব্যক্তি এজন বিত্তীয়ভাৱে সাক্ষৰ হলেই নহব তেওঁৰ বিত্তীয় বুদ্ধিমত্তাও থাকিব লাগিব। বিত্তীয় সমস্যা সমাধানৰ দক্ষতাকে তেওঁ বিত্তীয় বুদ্ধিমত্তা বুলি কৈছে । এজন সঠিক বুদ্ধিমত্তাৰ অধিকাৰী লোকে বিত্তীয় প্ৰতিস্থানৰ পৰা ঋণ লৈ কেনেকৈ অধিক সম্পদ আহৰণ কৰিব পাৰি আৰু নিজৰ উদ্যোগটোৰ উন্নতি অধিক তৰান্বিত কৰিব পাৰি , সেই বিষয়ে ভাল দৰে জ্ঞাত । চৰকাৰে বহুওৱা কৰ-কাটলৰ বোজা আইনসন্মতভাৱে কেনেকৈ কমাই ৰাখিব পাৰি সেই বিষয়ে তেওঁলোকে ফলপ্ৰসূ কাৰ্যব্যৱস্থা গ্ৰহণ কৰে ।
উদ্যোগ এটা আৰম্ভ কৰাৰ বাবে আৰম্ভনিতে যন্ত্ৰ পাতি বা কাৰ্যালয় স্থাপনৰ বাবে মূলধনৰ প্ৰয়োজন । উৎপাদন কাৰ্য আৰম্ভ কৰাৰ বাবে পাছৰ পৰ্যায়ত আৰু অধিক সম্পদৰ প্ৰয়োজন হয় । অৱশেষত উৎপাদিত সামগ্ৰীসমূহ বজাৰত বিক্ৰী কৰাৰ পাছত উদ্যোগটোৰ আয় আৰম্ভ হয় । এই গোটেই প্ৰক্ৰিয়াটো চলাই নিবৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতিৰ প্ৰয়োজন । পৰ্যাপ্ত জ্ঞান আৰু সঠিক আঁচনিৰ অবিহনে প্ৰাৰম্ভিক প্ৰস্তুতি চলোৱাটো কেতিয়াও সম্ভৱ নহয় । আগ পিচ নাভাবি সঠিক বিত্তীয় বিশ্লেষণ নকৰাকৈ আৰম্ভ কৰা ব্যৱসায় বন্ধ হোৱটো আমি নিজৰ চকুৰ আগত নিতৌ দেখি আহিছোঁ । ব্যৱসায় এটা বন্ধ হলে ব্যৱসায়ীজনৰ লগতে ইয়াৰ প্ৰত্যক্ষ আৰু প্ৰৰোক্ষ প্ৰভাৱ সমাজ খনৰ ওপৰতো পৰে। জনসাধাৰণৰ সঠিক বিত্তীয় জ্ঞানৰ অভাৱ আমাৰ ৰাজ্যৰ ঔদ্যোগিক অনগ্ৰসৰতাৰ এটা প্ৰধান কাৰক । আমি সকলোৱে এই কথাটো অনুধাৱন কৰা উচিত । বিত্তীয় কথাসমূহ আমাৰ বাতৰি কাকত আৰু আলোচনী সমূহত নিয়মীয়াকৈ আলোচিত হব লাগে । টকা-পইচাৰ সম্পৰ্কিত কথা সমূহ ৰাজহুৱা মঞ্চ বিলাকত উত্থাপন হব লাগে । আৰ্থিক বিষয় সমূহৰ আলোচনা তাত্ত্বিক পৰ্যায়তে সীমাৱদ্ধ নাৰাখি ইয়াৰ ব্যৱহাৰিক দিশটোৰ প্ৰতি আমি বেছি মনোযোগী হোৱা উচিত । এইটো আমাৰ বাবে সময়ৰ আহ্বান ।