বিত্তীয় স্বাক্ষৰতা শিবিৰ উপলক্ষে এপেক্স বেংকৰ ঋণ মঞ্জুৰী পত্ৰ বিতৰণ
মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য খনৰ অগ্ৰণী সমবায় খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান দি অসম কো-অপাৰেটিভ এপেক্স বেংকৰ মঙলদৈ শাখাই বিত্তীয় স্বাক্ষৰতা শিবিৰ উপলক্ষে ২২ মে’ত ৭ টা আত্ম সহায়ক গোটলৈ ২০ লক্ষাধিক টকাৰ ঋণ মঞ্জুৰী পত্ৰ বিতৰণ কৰে। বিত্তীয় স্বাক্ষৰতা শিবিৰ উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সমল ব্যক্তি তপন কুমাৰ শৰ্মাই বিত্তীয় স্বচ্ছতাৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতাৰ বিষয়ে গ্ৰাহকক বিতংকৈ জানিবলৈ দিয়ে। উল্লেখ্য যে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৩ কোটিৰো অধিক টকা আত্ম সহায়ক গোটলৈ ঋণ দিয়া হ’ব বুলি শাখা পৰিচালক মণিদীপ শৰ্মাই কয়। অৱসৰপ্ৰাপ্ত শিক্ষক মিলিক কুমাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নাবাৰ্ডৰ সহকাৰী মহা প্ৰৱন্ধক গৌৰৱ কুমাৰ ভট্টাচাৰ্য, অৱসৰপ্ৰাপ্ত বেংক বিষয়া তপন কুমাৰ শৰ্মা, ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ পূব মঙলদৈ উন্নয়ন খণ্ডৰ বিপিএম পংকজ কুমাৰ শইকীয়া, মঙলদৈস্থিত স্বেচ্ছাসেৱী অনুষ্ঠান ‘এন ই কাৰ্ড’ৰ অধ্যক্ষ গৌতমানন্দ গোস্বামীয়ে অংশগ্ৰহণ কৰে।