বিটিচি নির্বাচন খেলাৰ আগতে এবাৰ চিন্তা-চৰ্চা কৰিবলৈ অগপক আহ্বান মুখ্যমন্ত্ৰীৰ

বিটিচি নির্বাচন খেলাৰ আগতে এবাৰ চিন্তা-চৰ্চা কৰিবলৈ অগপক আহ্বান মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   বিটিচি নির্বাচনক লৈ আঞ্চলিক দল অগপই চলাই থকা তৎপৰতাক একপ্ৰকাৰ নস্যাৎ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। বিটিচি নির্বাচনত অগপই প্রার্থী প্রক্ষেপ কৰাৰ বাবে দলৰ মজিয়াত যোৱা সময়ছোৱাত যথেষ্ট আলোচনা চলাৰ লগতে সাংসদ ফণীভূষণ চৌধুৰীৰ নেতৃত্বত এখন কমিটাও গঠন কৰা হৈছিল। বিটিচি নির্বাচনক লৈ চৰকাৰৰ মিত্ৰ দল হিচাপে অগপই আৰম্ভ কৰা এনে কুচ-কাৱাজৰ বিপৰীতে মুখ্যমন্ত্রীয়ে বিটিচি নির্বাচন খেলাৰ আগতে এবাৰ চিন্তা-চৰ্চা কৰিবলৈ অগপক আহ্বান জনায়। সংবাদ মাধ্যমৰ আগত বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য- বিটিআৰত অগপই নির্বাচন খেলক, মোৰ শুভেচ্ছা আছে। কিন্তু বিজেপিক হৰুৱাবলৈ খেলিব নালাগে। উল্লেখ্য যে এইবাৰ বিটিচি নির্বাচনত ইউপিপিএল আৰু বিজেপিয়ে অকলশৰে প্ৰতিদ্বন্দ্বিতাত নামিব। মিত্ৰতাৰ পৰিৱৰ্তে এককভাৱে প্রতিদ্বন্দ্বিতাত নমা দুয়োটা দলে অৱশ্যে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাৰ বাবেহে সাজু হৈছে। এনে অৱস্থাত বিজেপিৰ মিত্ৰ দল হিচাপে অগপয়ো প্রতিদ্বন্দ্বিতা কৰিবলৈ আৰম্ভ কৰা নিৰ্বাচনী প্রস্তুতিৰ বিপৰীতে মুখ্যমন্ত্রীয়ে জনোৱা আহ্বানে স্বাভাৱিকতে বিশেষ তাৎপর্য বহন কৰিছে। মুখ্যমন্ত্ৰীয়ে কয়-বিটিচি নির্বাচনত ইউপিপিএল আৰু বিপিএফে নির্বাচনত অৱতীৰ্ণ হ’বই লাগিব। মই নিজৰ দৃষ্টিভংগীৰে ভাবোঁ অগপই নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আগতে চিন্তা কৰি লোৱা উচিত। অগপই নির্বাচনত জয়ী হ’বলৈ প্রতিদ্বন্দ্বিতা কৰিব লাগে, বিজেপিক হৰুৱাবলৈ খেলিব নালাগে। অগপই যদি কোনো সমষ্টিত জিকিব পাৰে, তেন্তে তেওঁলোকে নির্বাচন খেলক তাত মোৰ শুভেচ্ছা আছে। কিন্তু কোনো সমষ্টিত নির্বাচনত অৱতীৰ্ণ হৈ বিজেপিক হৰৱাই দিব নালাগে। কিয়নো ইয়াৰ প্ৰভাৱ বিধানসভা নির্বাচনত পৰিব। কিন্তু ক’ৰবাত যদি অগপ জয় হ’ব পাৰে, তেন্তে তেওঁলোকে প্রতিদ্বন্দ্বিতা কৰক। ইফালে, বিপিএফ আৰু ইউপিপিএলৰ মিত্ৰতাৰ প্ৰসংগতো মুখ্যমন্ত্ৰীয়ে কয়- যদি বিপিএফ আৰু ইউপিপিএল একলগ হয় সেয়া অসমৰ বাবেই মংগল। সেয়ে দুয়োটা দলৰ নেতৃত্বক মই লগ পালেই একত্ৰিত হোৱাৰ কথা কওঁ। কিছুদিন পূর্বে বিপিএফৰ তিনিজন বিধায়কে মোক সাক্ষাৎ কৰিছিল, তেতিয়াও মই মিলামিছা কৰাৰ কথা কৈছিলোঁ। মুখ্যমন্ত্রীয়ে কয়- সকলো দলৰ সৈতে মোৰ যোগাযোগ আছে। কংগ্ৰেছৰ মিটিঙত কি হৈছে, কি হোৱা নাই সকলো মোৰ ম’বাইলত আহি আছে। ভাষণ দি থকা অৱস্থাতে মোলৈ মানুহে দি আছে। অসমত যিমান ৰাজনৈতিক দল আছে সকলোতে মোৰ বন্ধু আছে। সকলোৰে সৈতে মই কথা পাতো। বিপিএফ-ইউপিপিএলৰ মিত্ৰতাত বিজেপিৰ লাভ-লোকচান একো নহয়, জাতিটোৰহে ভাল হ’ব। বিজেপি ৰাষ্ট্ৰৰ তলত। বিটিচি নিৰ্বাচনৰ পাছত মই নিজেই চেষ্টা কৰিম যাতে বিপিএফ-ইউপিপিএল একত্রিত হয়।