বিটিচি নির্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ

বিটিচি নির্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ

ৰঙিলী বাৰ্ত্তাসেৱা-  বি টি আৰৰ নিৰ্বাচন সমাগত । ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া বি টি আৰৰ নিৰ্বাচনৰ বাবে সাজু হৈছে অসম ৰাজ্যিক নিৰ্বাচন আয়োগ । নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতিৰ মাজতে বুধবাৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে বি টি আৰ নিৰ্বাচনৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা ।  সেই অনুসৰি ৪০টা পৰিষদীয় সমষ্টিৰ বিপৰীতে মুঠ ভোটাৰৰ সংখ্যা হৈছে ২৬,৫৮,৪৭৭ গৰাকী। ইয়াৰে ১৩,২৩,৬৭৩জন পুৰুষ আৰু ১৩,৩৪,৭৮৭ গৰাকী মহিলা ভোটাৰ। আন ভোটাৰৰ সংখ্যা হৈছে ১৭ গৰাকী। বিটিচি নির্বাচনত ভোটগ্রহণ কেন্দ্ৰৰ সংখ্যা হৈছে ৩,২৭৯। এক বিজ্ঞপ্তিত আয়োগৰ সচিবে প্ৰকাশ কৰা অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ৮১খন নতুন গাঁও অন্তর্ভুক্তকৰণেৰে ফটোসম্বলিত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হৈছে। খচৰা ভোটাৰ তালিকা প্রকাশৰ পাছত ৪০টা সমষ্টিতে লাভ কৰা ওজৰ-আপত্তি তথা দাবীসমূহ নিষ্পত্তি কৰি চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হৈছে। চক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, পৌৰসভা, টাউন কমিটী, উপ-পঞ্জীয়কৰ কাৰ্যালয়, আৰক্ষী থানা, চাহ বাগিচা, গাঁও পঞ্চায়ত, গাঁও পৰিষদ উন্নয়ন সমিতিৰ কাৰ্যালয়ত চূড়ান্ত ভোটাৰ তালিকা উপলব্ধ হ’ব। ভোটাৰসকলে ইপিআইচি নম্বৰৰ জৰিয়তে তেওঁলোকৰ নামসমূহ অনলাইন মাধ্যমেৰে পৰীক্ষা কৰিব পাৰিব। তদুপৰি ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ লগতে সকলো ভোটাৰক সামৰি লোৱাৰ লক্ষ্যৰে আয়োগে বিটিচি নির্বাচনৰ মনোনয়ন-পত্র দাখিলৰ অন্তিম দিনটোলৈকে এই দাবীসমূহ বিবেচনা কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। দেশৰ নিৰ্বাচন আয়োগৰ নিয়মাৱলী অনুসৰি যোগ্য ভোটাৰ আৰু যোগ্য ইপিআইচি নম্বৰ থকা ভোটাৰসকলে এই সুবিধা লাভ কৰিব। ইপিনে তামুলপুৰ জিলা আযুক্তৰ সভাগৃহত আজি জিলাখনৰ বাবে চূড়ান্ত ভোটাৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। যোৱা ২২ জুলাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পাছত ৫,৩৮৭টা ওজৰ-আপত্তি নিষ্পত্তি কৰি জিলা প্রশাসনে চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰে। জিলা নির্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীয়ে প্ৰকাশ কৰা অনুসৰি জিলা প্রশাসনে এইবাৰ সেউজ নির্বাচন অনুষ্ঠিত কৰিবলৈ পৰিকল্পনা গ্রহণ কৰিছে। পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা কৰাৰ স্বাথত তেওঁ ৰাইজকে ধৰি ৰাজনৈতিক দলসমূহকো নিৰ্বাচনৰ সময়ত প্লাষ্টিক তথা পৰিৱেশ দূষিত কৰিব পৰা সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনাইছে।