বিটিচি নির্বাচনত ইউপিপিএলৰ লগত মিত্রতা নাথাকেঃমুখমন্ত্রী 

বিটিচি নির্বাচনত ইউপিপিএলৰ লগত মিত্রতা নাথাকেঃমুখমন্ত্রী 

ৰঙিলী বাৰ্ত্তাসেৱা- অহা ছেপ্টেম্বৰ মাহত হ’বলগীয়া বিটিচি নির্বাচনক লৈ তৎপৰতা চলাইছে বিজেপিয়ে। ৰাজ্যিক বিজেপিয়ে বিটিআৰৰ প্ৰতিখন জিলাত বিজেপিৰ শক্তি কেনেধৰণৰ সেই সম্পর্কত পর্যালোচনা কৰাৰ বাবে একোজনকৈ মন্ত্রী আৰু বিষয়ববীয়াক দায়িত্ব দিছে। মুখমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত  কয় যে বিটিচিৰ নিৰ্বাচন পৰিচালনাৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে অসম কমিটী গঠন কৰি দিছে। প্রতিখন জিলাত দলৰ শক্তি পর্যালোচনা কৰাৰ বাবে এজন মন্ত্রী আৰু বিষয়ববীয়াক দায়িত্ব দিয়া হৈছে। তেওঁলোকে ৭দিন দায়িত্বপ্রাপ্ত জিলালৈ গৈ সকলো অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিব। মূলতঃ বিটিচি নির্বাচনত বিজেপিয়ে কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ শক্তি আছে সেয়া পর্যালোচনা কৰি প্ৰতিবেদন দাখিল কৰিব। যোৱা বিটিচি নির্বাচনত বিজেপিয়ে ২৫খন আসনত প্রতিদ্বন্দ্বিতা কৰিছিল। এইবাৰো তাৰ আশে-পাশে থাকিব। মুখ্যমন্ত্রী ড° শৰ্মাই আৰু কয় যে এইবাৰ বিটিচি নির্বাচনত ইউপিপিএলৰ লগত মিত্রতা নাথাকে। কিন্তু ইউপিপিএলৰ বিধায়ক যিহেতু অসম মন্ত্রীসভাত আছে সেয়ে মিত্ৰদলৰ নিয়ম অনুসৰি ইউপিপিএলৰ সৈতে বন্ধুত্ব অক্ষুণ্ণ থাকিব। আমি যিবোৰ আসনত প্রতিদ্বন্দ্বিতা কৰিম, জিকিবৰ বাবে কৰিম। অৱশ্যে ইউপিপিএল যিহেতু এমডিএৰ অংশীদাৰ সেয়ে নিৰ্বাচনত তেওঁলোকৰ সৈতে বাক্-বিতণ্ডালৈ নাযায়। শালীনতা ৰক্ষা কৰি গাম্ভীৰ্যপূৰ্ণভাৱে নির্বাচনী যুঁজত অৱতীৰ্ণ হ’ম। মুখ্যমন্ত্রী ড° শৰ্মাই আৰু কয় যে বিজেপিয়ে বিটিচিত অকলে চৰকাৰ গঠনৰ কথা নাভাবে। কাৰণ বড়োলেণ্ডৰ বাস্তৱিকতা আছে। তদুপৰি নিৰ্বাচনৰ ফলাফলৰ ওপৰতহে চৰকাৰ গঠনৰ কথা আহিব। উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষৰ উপস্থিতিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অৰুণাচল প্ৰদেশলৈ সাংগঠনিক কামত অহা সন্তোষে ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ অহাত ৰাজ্যৰ সদ্যসমাপ্ত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ বিষয়ে প্রকাশ কৰাৰ লগতে আসন্ন বিটিচি নির্বাচনক লৈ দলে চলোৱা তৎপৰতাৰ বিষয়ে অৱগত কৰে। তদুপৰি অহা ২৫ মে’ত ৰাজ্যখনৰ প্ৰতিটো বুথতে উলিয়াবলগীয়া ত্ৰিৰংগা যাত্ৰাৰ বিষয়েও অৱগত কৰে। ইয়াৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে বি এল সন্তোষে মত বিনিময় কৰে। এই মত বিনিময় অনুষ্ঠানত বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি আৰু দলীয় কাৰ্যকৰ্তাসকলৰ কৰণীয় সম্পৰ্কত সন্তোষে আলোকপাত কৰে। এই মত বিনিময় অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত থাকে।