বিটিচিত তিনিখন বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই

বিটিচিত তিনিখন বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই

ৰঙিলী বাৰ্ত্তাসেৱা- বিটিআৰত বিজেপিয়ে আৰম্ভ কৰিছে তীব্র নির্বাচনী প্রচাৰ। আগন্তুক বিটিচি নির্বাচনত বিজয়ী হোৱাৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নির্বাচনী ৰণডংকা বজাইছে ৰাজ্যিক বিজেপিয়ে। মুখ্যমন্ত্রী ড° শর্মাই ২৬নং দৰংগাজুলি পৰিষদীয় সমষ্টি, ২৭ং নাগ্রীজুলি পৰিষদীয় সমষ্টি আৰু শুক্লাই ছেৰফাং সমষ্টিত তিনিখন বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে। প্ৰতিকূল বতৰকো নেওচি নাগ্রীজুলি পৰিষদীয় সমষ্টিৰ বিজয় সংকল্প সমাৱেশত সমৱেত হোৱা দলীয় কর্মীসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° শর্মাই কয় যে বিটিআৰত আটাইতকৈ বেছি আসন বিজেপিয়ে পাব লাগিব। দুর্গাপূজাৰ আগতে কোকৰাঝাৰত বিজেপি আৰু দুর্গাপূজাৰ পিছত দিছপুৰত বিজেপি। দিছপুৰতো বিজেপিক লাগিব, কোকৰাঝাৰতো আমাক বিজেপিক লাগিব। যেতিয়া বিজেপি লগত থাকিব তেতিয়া সকলোৱে নিৰাপদ অনুভৱ কৰিব। সকলো মানুহে বিটিআৰৰ বাসিন্দা হিচাপে গৌৰৱেৰে বাস কৰিব। এই প্রসংগতে মুখ্যমন্ত্ৰী ড° শর্মাই  কয়- বৰ্তমান বিজেপিৰ চৰকাৰ দিছপুৰতো আছে আৰু দিল্লীতো আছে। আমি শান্তিত আছোঁ। এইবাৰ আমি প্ৰথমৰ পৰাই নিৰ্বাচনত লাগিছোঁ যাতে বিজেপি জয়যুক্ত হ’ব পাৰে। আমি ইউপিপিএল, বিপিএফৰ বিৰোধী নহয়। আমাৰ এটাই লক্ষ্য- বিটিআৰত যেতিয়া পদুম জিকিব, তেতিয়া সকলো মানুহে নিজকে সুৰক্ষিত অনুভৱ কৰিব। বিগত ৫টা বছৰত বিটিআৰত শান্তি প্রতিষ্ঠা কৰা হ’ল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- যোৱাবাৰ যেতিয়া মই নির্বাচনী প্ৰচাৰলৈ আহিছিলোঁ, তেতিয়া মই কৈছিলোঁ যে দিছপুৰত যদি বিজেপিৰ চৰকাৰ হয় বিটিআৰত আমি সম্পূর্ণ শান্তি প্রতিষ্ঠা কৰিম। ২০২১ চনত মই অসমৰ মুখ্যমন্ত্ৰী হ’লোঁ। মই মুখ্যমন্ত্ৰী হোৱাৰ পাছত বিটিআৰত এটাও গুলী, বোমা ফুটা নাই। যোৱা ৫ বছৰত বিটিআৰলৈ আমি শান্তি আনিলোঁ। চাৰি হাজাৰতকৈও অধিক লোকৰ বিটিআৰত মৃত্যু হৈছে। যোৱা ৫ বছৰত বিটিআৰত বাঙালীয়েই হওক, গোর্খাই হওক, অসমীয়াই হওক, হিন্দীভাষীয়েই হওক, আদিবাসীয়েই হওক আমি সকলোৱে বড়ো ৰাইজৰ লগত সমিলমিলেৰে আছোঁ। এতিয়া আমাৰ লক্ষ্য হৈছে বিটিআৰৰ উন্নয়ন-বিকাশ। বিটিআৰক অসমৰ ভিতৰতে বিকশিত অঞ্চল হিচাপে আগবঢ়াই লৈ যাব লাগিব। বিটিআৰত যেতিয়ালৈকে উন্নতি নহ’ব, তেতিয়ালৈকে বিটিআৰত সকলো জাতি-জনগোষ্ঠীয়ে সমান অধিকাৰ নাপাব। অহা ৫ বছৰত আমি এটাই কাম কৰিম- বিটিআৰত যাতে কোনো দ্বিতীয় শ্রেণীৰ নাগৰিক নাথাকে। সকলো যাতে প্রথম শ্ৰেণীৰ নাগৰিক হ’ব পাৰে। সকলোৱে যাতে সমান সুবিধা পাব পাৰে। অসমীয়াভাষী, বাংলাভাষী, নেপালীভাষী, হিন্দীভাষী তথা বিটিআৰৰ বড়ো, ৰাভা আমাৰ ২৬টা জনগোষ্ঠী আছে, আমি সকলোৱে একেলগে উন্নতি কৰি সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ’ব লাগিব। বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নোৱাৰিব। আনহাতে বিটিআৰত বাস কৰা জনগোষ্ঠীয় লোকসকলৰ ভূমিৰ অধিকাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয়- আপোনালোকৰ মনত তেতিয়া চিন্তা হৈ থাকে যে আমি মাটিৰ অধিকাৰ পাম নে নাপাম। কোনোবাই আমাৰ মাটিৰ অধিকাৰৰ কথা সুধিলে কয় যে ১৯৪৬ চনৰ কাগজ দেখুৱাওক। মই এই কথা ক’ব পাৰোঁ যে আমি ভাৰতীয় মানুহ, এই তামুলপুৰ-নাগ্ৰীজুলিতে আমাৰ জন্ম, ইয়াতেই আমি মৰিব লাগিব। আমাৰ কাগজ চোৱাৰ দৰকাৰ নাই। যিবিলাক বাংলাদেশী মুছলমান মানুহ অসমত সোমাই অ’ত মাটি দখল কৰিছে, ত’ত মাটি দখল কৰিছে তেওঁলোকেহে চিন্তা কৰিব লাগে। আমি অসমীয়া, বাঙালী মানুহে চিন্তা কৰি লাভ নাই। কাৰণ এই ভাৰততে আমাৰ জন্ম, এই অসমতে আমাৰ জন্ম। আমি ইয়াতেই মৰিব লাগিব। আমাক খেদি দিলেও বাংলাদেশ-পাকিস্তানে নলয়। মোৰ চেষ্টা হ’ব বিটিআৰত যাতে কোনেও মাটিৰ বাবে দুখ পাবলগীয়া নহয়। অহা ৫ বছৰত এই সমস্যাবিলাক আমি সমাধান কৰিম। ভাষণ প্রসংগতে মুখ্যমন্ত্রী ড° শর্মাই নাগ্রীজুলিত এখন মহাবিদ্যালয় স্থাপন কৰিব বুলিও ঘোষণা কৰে। আনহাতে দৰংগাজুলি পৰিষদীয় সমষ্টিত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড° শর্মাই উচ্ছেদ সন্দর্ভত কয় যে আমি যাক উচ্ছেদ কৰিব লাগে, তাকহে উচ্ছেদ কৰোঁ। যাক মাটিৰ পট্টা দিব লাগে তাক পট্টা দিওঁ। গৰুখুঁটিত আমি কাক উচ্ছেদ কৰিছোঁ? যাক কৰিব লাগে তাক উচ্ছেদ কৰিছোঁ। আমি উৰিয়ামঘাটত উচ্ছেদ কৰিছোঁ। যাক উচ্ছেদ কৰিব লাগে, তাক কৰিছোঁ। সমাৱেশত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰে আৰম্ভ কৰা বিভিন্ন কল্যাণমূলক আঁচনিৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয়- আমি অৰুণোদয় আঁচনিৰ নতুনকৈ হিতাধিকাৰী নিৰ্বাচনৰ কাম কৰি আছোঁ। তামুলপুৰৰ সকলো দুখীয়া ৰাইজে যাতে অৰুণোদয় লাভ কৰে তাৰ বাবে ব্যৱস্থা ল’ম। অৰুণোদয়ৰ লগত আমি এক নতুন আঁচনি আৰম্ভকৰিছোঁ। অৰুণোদয়ত মাহে ১,২৫০ টকা দিয়া হ’ব। কিন্তু অৰুণোদয়ৰ পৰিয়ালসমূহে চিলিণ্ডাৰ ক্ৰয় কৰিলে । প্ৰতিটো চিলিণ্ডাৰৰ বিনিময়ত অতিৰিক্ত আঢ়ৈশ টকা লাভ কৰিব। অৰ্থাৎ অৰুণোদয়ৰ ১,২৫০ টকাৰ লগতে আঢ়ৈশ টকা কম দামত আপোনালোকে চিলিণ্ডাৰ লাভ কৰিব। ১ অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত কম দামত দাইল, চেনি আৰু নিমখ পাব। আমাৰ মহিলাসকলক ১০ হাজাৰ টকাকৈ আগষ্টৰ পৰাই প্ৰদান কৰা হ’ব। সমষ্টিয়ে সমষ্টিয়ে সভা পাতি আমি এই ধন প্রদান কৰিম। ৬ আগষ্টৰ পৰা নিযুত মইনা আঁচনি আৰম্ভ কৰিম। উচ্চতৰ মাধ্যমিকত পঢ়া ছোৱালীসকলে মাহে এহেজাৰ টকা, স্নাতকত পঢ়া ছোৱালীসকলে মাহে ১,২৫০ টকা আৰু বিশ্ববিদ্যালয়ত পঢ়া ছোৱালীসকলে মাহে আঢ়ৈ হাজাৰ টকাকৈ লাভ কৰিব। অক্টোবৰৰ পৰা মেট্রিক পৰীক্ষা দিবলগীয়া ল’ৰা-ছোৱালীসকলক কিতাপ ক্ৰয় কৰিবলৈ প্রতিমাহে পৰীক্ষা শেষ হোৱালৈকে ৩০০ টকাকৈ দিয়া হ’ব। যাতে তেওঁলোকে সুন্দৰকৈ পৰীক্ষা দিব পাৰে। ইপিনে অসম চৰকাৰৰ দৰে বিটিআৰতো স্বচ্ছ নিযুক্তি প্ৰদান কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে চৰকাৰী চাকৰি আমি এনেদৰে দিম যাতে সকলো দুখীয়া মানুহে চৰকাৰী চাকৰি লাভ কৰিব পাৰে। কোনেও টকা-পইচা চাকৰিৰ নামত খাব নোৱাৰে। আমাৰ প্ৰচেষ্টা হ’ব অসম চৰকাৰে যদি পইচা নোহোৱাকৈ মেধাৰ ভিত্তিত চাকৰি দিব পাৰে, তেন্তে কোকৰাঝাৰৰ পৰাও হোৱা চাকৰিত এটকাও ঘোচ নিদিয়াকৈ আমাৰ ল’ৰা-ছোৱালীয়ে চাকৰি পাব লাগিব। সকলো জাতি-উপজাতিয়ে চৰকাৰী চাকৰি পাব লাগিব। যদি অসম চৰকাৰৰ চাকৰি সকলো জাতি-উপজাতিয়ে পাব পাৰে, বিটিআৰতো সকলো জাতি-উপজাতিয়ে সমানেই চাকৰি পাব লাগিব। তাৰ ব্যৱস্থা আমি কৰিম। আনহাতে সকলো জাতি-জনগোষ্ঠীয়ে মিলি বিটিআৰক শান্তিৰ সৰগলৈ ৰূপান্তৰিত কৰিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয়- আমি উন্নতিৰ কথা পাতিম। সকলোৱে হাতে হাত ধৰি বিটিআৰত উন্নয়নৰ গংগা বোৱাই আনিব লাগিব। ইফালে শুক্লাই ছেৰফাং সমষ্টিৰ ঔবাৰীত অনুষ্ঠিত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱাবাৰ বিটিচি নির্বাচনত আমাৰ দলে ৯টা সমষ্টিত জয়লাভ কৰিছিল। অহা ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া নির্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠ দল হ’ব বুলিও তেওঁ দাবী কৰে। আনহাতে শুক্লাই ছেৰফাং মণ্ডল বিজেপিয়ে সমষ্টিটোত এখন মহাবিদ্যালয়, এটা বিডিঅ’ৰ কাৰ্যালয়, ষ্টেট বেংকৰ এটা শাখা, এছডিচি কার্যালয়, নিজঝাৰগাঁৱত শুক্লাই নদীৰ ওপৰত এখন পকী দলং নির্মাণকে ধৰি কেইবাটাও সমস্যা সমাধানৰ দাবীত মুখ্যমন্ত্ৰীগৰাকীক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে। ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আটাইকেইটা দাবী পূৰণ কৰাৰ প্ৰতিশ্রুতি দিয়ে। এই সভাকেইখনত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্রী জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাগৰাকীও দলৰ শীর্ষ নেতা উপস্থিত থাকে।আনহাতে বিটিআৰৰ দুই মুখ্য ৰাজনৈতিক অঞ্চলিক দল ইউপিপিএল আৰু বিপিএফক একত্ৰিত কৰিবলৈ এবছুৰ সভাপতি দ্বীপেন বড়োৱে লোৱা পদক্ষেপলৈ সমর্থন জনাইছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। বিটিচি নির্বাচনৰ বিজয় সংকল্প সমাবেত অংশগ্ৰহণ কৰি তেওঁ সংবাদ মাধ্যমৰ সন্মুখত কয় যে ইউপিপিএল আৰু বিপিএফ একলগ হ’লে ৰাইজৰ উপকাৰ হ’ব। বড়ো জনগোষ্ঠী একত্রিত হ’ব আৰু আমি একত্ৰীকৰণৰ পক্ষত আছোঁ। তেওঁ লগতে কয়- বিটিআৰৰো সমস্যা আছে। আমাৰ প্ৰথম লক্ষ্য হ’ব বিটিআৰৰ ২৬টা জনগোষ্ঠীৰ ৰাইজে মাটিৰ পট্টা পাব, অধিকাৰ পাব। সকলো জাতি-জনগোষ্ঠীয়ে বড়ো সমাজৰ নেতৃত্বত একত্ৰিত হ’ব। তাৰ পিছত আমাৰ সকলোৰে শত্রু যিসকলে বিটিআৰৰ প্ৰতি সংকট নমাই আনিছে তেওঁলোকক লাহে লাহে পঠিয়াই দিব লাগে।