বিটিআৰ প্ৰধান প্ৰমোদ বড়ো লৈ মুছলিম ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰেৰণ

বিটিআৰ প্ৰধান প্ৰমোদ বড়ো লৈ মুছলিম ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰেৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- ওদালগুৰি জিলা মুছলিম ছাত্ৰ সন্থাই ওদালগুৰি জিলা আয়ুক্তৰ জৰিয়তে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে।জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত উল্লেখ কৰা মতে ছাত্ৰ সংগঠনটোৱে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো চৰকাৰক বিটিআৰ এলেকাত বসবাস কৰা সকলো মুছলিম ৰাইজৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ দাবী জনাইছে আনহাতে বিটিআৰ এলেকাৰ সকলো শিক্ষানুষ্ঠানৰ ছাত্ৰ অনুপাতে শিক্ষকৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে মুছলিম ছাত্ৰ সন্থা অসমৰ ওদালগুৰি জিলা সমিতিয়ে। উল্লেখ্য যে স্মাৰক পত্ৰ প্ৰেৰণৰ সময়ত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মিয়াৰুল ইছলাম, জিলা সভাপতি হাছেন আলী, সাধাৰণ সম্পাদকদ্ব ফাৰুক,আফজাল হক সহ দহ জনীয়া সজাতি উপস্থিত থাকে। স্মাৰক পত্ৰ প্ৰেৰণ কৰি ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মিয়াৰুল ইছলামে সংবাদ মাধ্যমক সম্বোধন কৰি কয় আমাৰ সংগঠনে বিটিআৰ চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়ো আৰু তেওঁৰ দললৈ পূৰ্বৰ পৰাই বিটিআৰৰ শান্তি ৰক্ষাৰ স্বাৰ্থত প্ৰগতিশীল বিটিআৰ গঠনৰ লক্ষ্য ৰাখি মুকলিকৈ সমৰ্থন জনোৱা হৈছিল। বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰিবলৈ প্ৰমোদ বড়ো সক্ষম হৈছে এই ক্ষেত্ৰত আমি বিটিআৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আনহাতে বিটিআৰ এলেকাৰ বাসিন্দা আমাৰ মুছলিম জাতিৰ বিভিন্ন আন্দোলনৰ বলি হ’ব লগাত গৃহহীন-ভূমিহীন হৈ জীৱন নিৰ্বাহ কৰি আছে। গতিকে অতিশীঘ্ৰে আমাৰ বিটিআৰ এলেকাৰ সকলো জাতি জনগোষ্ঠীৰ লগতে আমাৰ সম্প্ৰদায়ৰ লোক সকলক ভূমিৰ অধিকাৰ সুনিশ্চিত কৰি ভূমি আৱন্টন আৰু ভুমিৰ পট্টা প্ৰদান কৰাৰো দাবী জনাইছে মিয়াৰুল ইছলামে। দেশৰ নিৰ্বাচন শেষ হোৱাৰ এক মাহৰ ভিতৰত যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে বিটিআৰৰ সকলো স্থানতে মুছলিম ছাত্ৰ সন্থা অসমে গণ আন্দোলন আৰম্ভ কৰিব বুলিও ভাবুকি প্ৰদান কৰে ছাত্ৰ নেতা জনে।