বিটিআৰৰ ৪০ সমষ্টিতে যুঁজ দিব বিজেপিয়েঃ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
ৰঙিলী বাৰ্ত্তাসেৱা- ওদালগুৰিত বিষ্ণু ৰাভা কৃষ্টি সংঘত অনুষ্ঠিত সক্রিয় কার্যকর্তা সন্মিলন আৰু বিশাল যোগদান কার্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। দুই সহস্রাধিক কাৰ্যকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত সভাত অংশ লৈ আগন্তুক বিটিআৰ নিৰ্বাচনৰ বাবে ৰণশিঙা বজায় সভাপতি শইকীয়াই। বিটিচিৰ ৪০টা পৰিষদীয় সমষ্টিতে বিজেপিয়ে নির্বাচন খেলিব বুলি উল্লেখ কৰি সকলো কার্যকর্তাক দিনে-নিশাই নিষ্ঠাসহকাৰে কাম কৰিবলৈ আহ্বান জনাই সভাপতি দিলীপ শইকীয়াই কয় যে, বিটিআৰৰ ৪০টা পৰিষদীয় সমষ্টিতে প্রতিদ্বন্দ্বিতা আগবঢ়াব বিজেপিয়ে। নির্বাচনক লৈ কোনো ধৰণৰ কম্প্রমাইজ নকৰে বিজেপিয়ে, বিশেষকৈ ওদালগুৰি জিলাৰ দহটা পৰিষদীয় সমষ্টিৰ ক্ষেত্ৰত অকণো সহিষ্ণু নহয় বিজেপি। মন্ত্রী তথা ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকা, বিধায়ক দিগন্ত কলিতা, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, বিটিআৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, জিলা সভাপতি, মণ্ডল সভাপতিসকলৰ উপৰি দলৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত ইউপিপিএল নেতাসহ বহুসংখ্যক লোকে বিজেপিত যোগদান কৰে। সভাত ইউপিপিএলৰ নেতা তথা চিডব্লিউচিৰ সদস্য নন্দ বড়ো আৰু বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ আত্মীয় মার্টিন বসুমতাৰীসহ ডেৰ সহস্রাধিক তৃণমূল পর্যায়ৰ নেতা-কর্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। নতুনকৈ যোগদান কৰাসকলক দলৰ ভেটি অধিক সুদৃঢ়, শক্তিশালী কৰিবৰ বাবে আন্তৰিকতাৰে কাম কৰি যাবলৈ মন্ত্ৰী হাজৰিকাই আহ্বান জনায়।