বিজ্ঞাপনৰ জগত
দুলুমণি দেৱী
মাকুম
বিজ্ঞাপনৰ জগতখনৰ পৰিসৰ দিনে দিনে বৃদ্ধি পাই আহিছে ৷ বিজ্ঞাপন মানে হৈছে প্রচাৰমুখী সৃজনশীল এটি প্রক্রিয়া ৷ বিজ্ঞাপনে জনসাধাৰণৰ মাজত প্রচাৰ কৰি বহুতো গুৰুত্বপুর্ণ তথ্য ,নজনা কথা জনাত সহায় কৰি আহিছে৷
এই বিজ্ঞাপন শব্দটোৰ ইংৰাজী প্রতিশব্দ হৈছে Advertisement আৰু এই শব্দটো লেটিন ভাষাৰ “advert” শব্দৰ পৰা আহিছে ৷যাৰ অর্থ হৈছে বিশেষভাৱে জ্ঞানগোচৰ কৰা৷ বিজ্ঞাপনৰ উৎস নানা ধৰণৰ হ’ব পাৰে চৰকাৰী ,বেচৰকাৰী অনুষ্ঠান প্রতিষ্ঠান ইত্যাদি ,৷ বর্তমান সময়ত এই বিজ্ঞাপন ব্যৱস্থাৰ প্রয়োজনীয়তা বহুত বেচি ৷ কিয়নো বর্তমান বিশ্বায়নৰ যুগত গ্রাহকৰ মাজত সজাগ সচেতনা বৃদ্ধি কৰাত বিজ্ঞাপনে সহায় কৰা উপৰিও ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰে ৷তদুপৰি সামগ্রীবিলাকৰ বা সেৱাৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাত বিজ্ঞাপনে অতিকৈ গুৰুত্বপুর্ণ পদক্ষেপ গ্রহণ কৰা চকুত পৰে ৷
এতিয়া বিজ্ঞাপনৰ জগতখনত আমাৰ চকুত পৰা কেইটামান দিশ আঙুলিয়াব বিচাৰিছো ৷ প্রায়ে দেখা যায় বানান ভুল ৷ অর্থসুচক শব্দৰ দ্বাৰাহে যোগাযোগ সম্ভৱ হয় ৷ যদিহে শুদ্ধকৈ বেনাৰ ,পোষ্টাৰ অথবা ফলক নলগায় বহুতে বুজি পোৱা অসুবিধা হয়৷ অথবা ভুল বস্তক গুৰুত্ব দিব নোখোজে গতিকে শব্দ লিখোতে কওঁতে উচ্ছাৰণ সঠিক হলেহে ,বানানা স্পষ্ট হলেহে বিজ্ঞাপনৰ প্রয়োগ ঠিকমতে হ’ব ৷ নহলে ভুলকৈ প্রচাৰ হলে তাৰপৰা উপকৃত হোৱাৰ আশা কৰাটো কঠিন হৈ পৰে ৷ আমাৰ অসমত যিহেতু অসমীয়া ভাষাটোক গুৰুত্ব দি ফলকবোৰ বনোৱা উচিত কিন্ত প্রায়ে অসমীয়া বেংগলীৰ সংমিশ্রণ কৰিও য’ত ত’তে লিখাও দেখা যায় ,তেনে কৰিলে ভাষাটোৰ শুদ্ধতাৰ বিষয়ত জটীলতা আহি পৰিব ৷
বিজ্ঞাপন কাগজে পত্রই বহুতে দিয়ে আৰু সেইমতে সেই ঠাইলৈ যোৱা হয় ৷,এতিয়া কথা হ’ল কেতিয়াবা ইমান ধুনীয়াকৈ দিয়ে ,কিন্ত গৈ পাই দেখা যায় যিমতে কয় সেয়া প্রকৃততে সম্ভৱপৰ নহয় ,…যেনে ধৰক কিছুমান ব্যক্তিগত অনুষ্ঠান ,বেচৰকাৰী প্রতিষ্ঠান ত কর্মৰত কৰ্মীৰ বাবে সকলো সুবিধা ,উপযুক্ত দৰমহা ইত্যাদি কথা উল্লেখ কৰে৷ আৰু গৈ পাই দেখা যায় অহা যোৱা খৰচটো পাবলৈও হাজাৰবাৰ অনুৰোধ কৰিবলগা হয় ,এনে কামৰ দ্বাৰা কেৱল ব্যক্তিজনৰে হাৰাশাস্তি নহয় বৰঞ্চ অনুষ্ঠানটোৰো বদনাম হয় ৷ গতিকে বিজ্ঞাপনত সদায় শুদ্ধ তথ্যহে দাঙি ধৰা উচিত ৷
যি কি নহওঁক বিজ্ঞাপনৰ জগতখনৰ লগত আমি সক্রিয়ভাৱে জৰিত হবলৈ যাওঁতে প্রত্যেকটো দিশ চালি জাৰি চাবই লাগিব ৷ইয়াৰ প্রয়োজনীয়তাও বহুত বেচি কিয়নো এখন বিশ্ববজাৰ ব্যৱস্থাৰ সৈতে সংযোগ কৰাত বিজ্ঞাপনে সহায় কৰা উপৰিও বহুতো তথ্য দৈনিক আমি পাবলৈ সমর্থ হৈছো৷ তদুপৰি ব্যক্তিৰ অন্তনির্হিত গুণবিলাকৰ বৰ্হিপ্রকাশ ঘটোৱাৰ পৰা আৰম্ভ কৰি প্রত্যেকটো সমাজৰ গুৰুত্বপুর্ণ পৰিবেশ পৰিস্থিতিৰ সৈতে একাত্ম কৰাত বিজ্ঞাপনে সহায় কৰি আহিছে ৷ প্রতিভাসম্পন্ন ব্যক্তিৰ প্রতিভা অধিক বিকশিত কৰাৰ লগতে বহি: প্রকাশৰ অন্যতম কৌশল হিচাপে কাম কৰি আহিছে ৷বহল পৰিসৰত কিছুমান কাম কৰাতো সহায়ক হৈছে৷
গতিকে বিজ্ঞাপনৰ যথেষ্ট গুৰুত্ব আজিৰ সমাজত আমি দেখিবলৈ পাওঁ ৷আমি আশাবাদী বিজ্ঞাপনৰ ইতিবাচক দিশবিলাকহে গ্রহণ কৰা উচিত হ’ব৷ যাতে এখন সুন্দৰ সমাজ আমি পাব পাৰো৷ য’ত সুন্দৰভাৱে নৱপ্রজন্ম আগবাঢ়িব পাৰিব৷ সফলতাৰে বাট দেখিব৷