বিজ্ঞানৰ পোহৰ – দৰ্শিতা নেওগ

Pc EuroKids

বিজ্ঞানৰ পোহৰ

দৰ্শিতা নেওগ,যোৰহাট

জ্ঞানৰ বাটত জ্বলে এটি দীপ,
বিজ্ঞান তাৰ নাম, আলোকৰ ৰূপ।
অন্ধকাৰ আঁতৰাই সত্য দেখুৱায়,
মানৱৰ জীৱন নতুনকৈ সজায়।
আকাশ চুইছে মানুহৰ সপোনে,
বিজ্ঞানেই দিছে শক্তিৰ বচন।
ৰোগৰ সৈতে কৰে যুদ্ধ প্ৰতিদিন,
জীৱন কৰে সুন্দৰ, সহজ, ৰঙীন।
২৮ ফেব্ৰুৱাৰী আহে সোঁৱৰাই,
জ্ঞানৰ শক্তি হৃদয়ত জগাই।
বিজ্ঞানৰ পথে আগবাঢ়ি যাওঁ,
পৃথিৱীৰ উন্নতি একেলগে গঢ়িবলৈ চাওঁ।