বিজেপ অসম প্ৰদেশ মহিলা মৰ্চাৰ বয়ন প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি
ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপি অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটী জিলা মহিলা মৰ্চাৰ সহযোগত আৰু অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ তত্বাৱধানত ৩০ মাৰ্চৰ পৰা ২ এপ্ৰিললৈ অনুষ্ঠিত হৈ থকা ” বয়ন প্ৰশিক্ষণ কৰ্মশালাৰ চতুৰ্থ দিনা তথা অন্তিম দিনা সফল সামৰণি অনুষ্ঠানত লতাশিলৰ বাকৰিত উপস্থিত হয় অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, সাংসদ কুইন ওজা, ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্যা অকনি দেৱী, ৰাজ্যিক সংবাদ কোষৰ আহ্বায়ক ধ্ৰুৱজ্যোতি মৰল।বিয়লি কৰ্মশালাৰ শেষত বিজেপি ৰাজ্যিক উপ সভানেত্ৰী ৰেখাৰাণী দাস বড়ো, বিশিষ্ট সাংবাদিক শিবানু বৰা, বিশিষ্ট শিল্পী তথা অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, বিশিষ্ট কন্ঠশিল্পী তথা অসম মহিলা আয়োগৰ সদস্য ববিতা শৰ্মা, হস্ততাত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ৰ সচিব দিলীপ কুমাৰ বৰা,মাষ্টাৰ চেফ দ্বিতীয় গৰাকী বিজয়ী শান্তা শৰ্মাৰ উপস্থিতিত প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে। উক্ত অনুষ্ঠানতে নিজৰ লগতে আন ১০ গৰাকীকো সংস্থাপন দিব পৰা সমাজৰ ভিন ভিন ক্ষেত্ৰত অনবদ্য বৰঙণি আগবঢ়াই অহা ৬ গৰাকী বিশিষ্ট মহিলা ক্ৰমে দুই-তিনি বছৰ ধৰি গাখীৰৰ ব্যৱসায় চলাই অহা ডেইজী দৈমাৰী। কৰ্কট ৰোগত আক্ৰান্ত হৈ উপন্যাস লিখাৰ লগতে গান গোৱা অঞ্জনা ফুকন, বৰগীতৰ ৩০ টা ৰাগৰ ৭২ টা গীতৰ সন্নিৱিষ্ট বৰগীত তত্ব আৰু স্বৰলিপি নামৰ গ্ৰন্থ প্ৰকাশ কৰা খনা দাস, নিজে উৎপাদন কৰা পাচলি বজাৰত বিক্ৰী কৰি আত্মনিৰ্ভৰ হোৱা সুমিত্ৰা মাৰাক, ডিগ্ৰী সম্পূৰ্ণ কৰি চাকৰি নাপাই মাংস কাটি আত্মনিৰ্ভৰ হোৱা নয়না দাস পাঠক, আধুনিক ডিজাইনৰ কাটিং/এম্ব্ৰইডাৰী প্ৰশিক্ষণ দি স্বাৱলম্বী হোৱা নীলিমা শৰ্মাক সুষমা স্বৰাজ বটাঁৰে সন্মানীত কৰা হয়।উল্লেখনীয় কথা যে উক্ত কৰ্মশালাৰ সময়ছোৱাত উৎপাদিত আটাইখিনি গামোচা লতাশিল বিহু সমিতিয়ে ক্ৰয় কৰে৷ইয়াৰ লগতে ৫ টা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে “বয়ন প্ৰশিক্ষণ কৰ্মশালা” ৰ সমাপ্তি হয়৷