বিজেপি ত্যাগ জয়ন্ত দাসৰ

বিজেপি ত্যাগ জয়ন্ত দাসৰ

ৰঙিলী বাৰ্ত্তাসেৱা-অৱশেষত টিকট নাপাই দল ত্যাগ কৰিলে বিজেপিৰ জ্যেষ্ঠ নেতা তথা দিছপুৰ সমষ্টিৰ বিজেপিৰ টিকট প্ৰত্যাশী জয়ন্ত কুমাৰ দাসে ।  দল ত্যাগ কৰি জয়ন্ত কুমাৰ দাসে দিছপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । জয়ন্ত কুমাৰ দাসে বিজেপি দলৰ পৰা সকলো বিষয়বাব আৰু প্ৰাথমিক সদস্যৰ পদৰ পৰা পদত্যাগ কৰি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়ালৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে । বৃহস্পতিবাৰে বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে প্ৰাৰ্থিত্ব নাপাই বিজেপি দল আৰু দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি বহু বিস্ফোৰক মন্তব্য কৰিছিল জয়ন্ত কুমাৰ দাসে ।আনকি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল । ইফালে জয়ন্ত কুমাৰ দাসৰ বক্তব্যত দুখ অনুভৱ কৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জয়ন্ত দাস বিজেপিতে থাকিব বুলি কৈছিল । কিন্তু অৱশেষত জয়ন্ত দাসে পদত্যাগ কৰিলে ।  দলৰ ৰাজ্যিক সভাপতিক উদ্দেশ্যি লিখা পত্ৰখনত জয়ন্ত কুমাৰ দাসে লিখিছে ‘মই মোৰ ব্যক্তিগত অসুবিধাৰ বাবে ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ প্ৰাথমিক সদস্যপদকে ধৰি সকলো পদৰ পৰা পদত্যাগ-পত্র আগবঢ়াইছোঁ।’   উল্লেখ্য, জয়ন্ত দাসে টিকট বঞ্চিত হোৱাৰ পিছত মুখ্যমন্ত্রীক প্রত্যাহ্বান জনাইছিল প্রদ্যুৎ বৰদলৈক জালুকবাৰীত প্রার্থিত্ব প্রদান কৰিবলৈ। দলৰ ৰাষ্ট্ৰীয় মুখপাত্র সম্বিত পাত্রই দাসৰ বাসগৃহত আহি সান্ত্বনা দিয়াৰ চেষ্টা কৰিছিল। উল্লেখ্য, ১৯৯০ চনৰ পৰাই তেওঁ বিজেপিৰ সৈতে জড়িত আছিল। কিন্তু ২০১৩ চনত, সর্বানন্দ সোনোৱালে অগপ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছত জয়ন্ত দাসে বিজেপি ত্যাগ কৰি অগপত যোগ দিছিল। তেওঁ ২০১৬ চনলৈকে অগপ দলতে আছিল। ২০১৬ চনত ৰাজ্যিক নিৰ্বাচনৰ ঠিক আগে আগে জয়ন্ত দাসে অগপ এৰি পুনৰ বিজেপিলৈ ঘূৰি আহে। ২০০৬ চনত জয়ন্ত দাসে বিজেপিৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰিছিল। সেইবাৰ হিমন্ত বিশ্ব শর্মাই ৭৬,০০০ ভোট পোৱাৰ বিপৰীতে জয়ন্ত দাসে মাত্র ৫,৬৩২ টা ভোটহে লাভ কৰিছিল।