বিজেপি ত্যাগ কৰি কংগ্ৰেছত যোগদান মন্ত্রী নন্দিতা গাৰ্লোছাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বহু জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত ‘২৬ৰ বিধানসভা নিৰ্বাচনত টিকট বঞ্চিত হোৱা কেবিনেট মন্ত্রী নন্দিতা গাৰ্লোছাই দেওবাৰে নিশা কংগ্ৰেছত যোগদান কৰে । সোমাবাৰ হৈছে মনোনয়ন দাখিলৰ অন্তিম দিন। তাৰ পূৰ্বে দেওবাৰে নিশা হাফলঙত মন্ত্রী নন্দিতা গাৰ্লোছাই কংগ্ৰেছ দলত যোগদান কৰে। বিগত কেইদিন ধৰি মন্ত্রীগৰাকীৰ কংগ্ৰেছত যোগদান কৰিব বুলি চৰ্চা চলি আহিছিল । আনকি গুৱাহাটীৰ ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচীৰো আয়োজন কৰা হৈছিল । কিন্তু কিবা অংক নিমিলাৰ বাবে সেয়া হৈ উঠা নাছিল । অৱশেষত অংক মিলিল আৰু নন্দিতা গাৰ্লোছাই কংগ্ৰেছত যোগদান কৰিলে । সোমবাৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিব পাৰে নন্দিতা গাৰ্লোছাই । হাফলং সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব পাৰে নন্দিতা গাৰ্লোছা ।APCCৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে এই কথা। বৰ্তমানৰ কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল লাংথাছাই সমৰ্থন কৰিব নন্দিতাক। বিজেপিয়ে প্ৰাৰ্থিত্ব নিদিয়াৰ ক্ষোভত দেওবাৰে হাফলঙত নিৰ্মল লাংথাছাৰ ঘৰত কংগ্ৰেছত যোগদান কৰিছিল নন্দিতা গাৰ্লোছাই। উল্লেখযোগ্য যে এইবাৰ বহু নেতা-মন্ত্ৰী-বিধায়কৰ টিকট কৰ্তন কৰিছে বিজেপি নেতৃত্বই। টিকট বঞ্চিত হোৱাৰ পিছতে একাংশৰ মাজত দেখা গৈছিল ক্ষোভৰ উদ্গীৰণ। বুজনিৰে টিকট বঞ্চিতসকলৰ ক্ষোভ প্ৰশমনৰ চেষ্টা চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পিছতে বিগক কেইদিনত টিকট বঞ্চিত প্ৰাৰ্থী বিজেপিৰ অতুল বৰা, অগপৰ মধ্য গুৱাহাটীৰ টিকট বঞ্চিত প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ঘৰলৈ গৈ তেওঁলোকক বুজনি দিয়াৰ চেষ্টা কৰে মুখ্যমন্ত্ৰীয়ে। ফোনযোগে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অসন্তুষ্টি দূৰ কৰাৰো চেষ্টা চলায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে, বৰাকৰ টিকট বঞ্চিত প্ৰাৰ্থী শিলচৰৰ দীপায়ন চক্ৰৱৰ্তী, ধলাইৰ নিহাৰ ৰঞ্জন দাস আৰু উদাৰবন্দৰ মিহিৰকান্তি সোমক বুজাবলৈ মুখ্যমন্ত্ৰীৰ দূত হিচাপে গৈছিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱা।
