বিজেপি চৰকাৰৰ শাসনকালত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী

বিজেপি চৰকাৰৰ শাসনকালত সংঘটিত নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা– বিজেপি চৰকাৰৰ শাসনকালত সংঘটিত নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে আজি দীঘলী পুখৰীৰ পাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিভিন্ন ছাত্ৰ যুৱ সংগঠনে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, আইছা, আই এছ অ, জাতীয় যুৱ শক্তি, জাতীয় যুৱ বাহিনী, এ আই ৱাই এফ সংগঠনৰ শতাধিক ছাত্ৰ যুৱকে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ । বাজপেয়ী ভবনত সংঘটিত কেলেংকাৰীৰ এক ন্যায়িক তদন্তৰ দাবীত আৰু মুখ্যমন্ত্ৰীৰ মৌনতা ভংগৰ দাবীত এই কাৰ্যসূচীত উপস্থিত থাকে অধিবক্তা কৃষ্ণ গগৈ, কৃষক নেতা হৰেশ্বৰ বৰ্মন, আইছাৰ সভাপতি সুব্ৰত তালুকদাৰ, ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি কাশ্যপ নন্দন কলিতা, সাংগঠনিক সম্পাদক পিন্টু গগৈ, আই এছ অ’ৰ অনন্যা শইকীয়া, জাতীয় যুৱ শক্তিৰ দেৱজিৎ ভৰালী, জাতীয় যুৱ বাহিনীৰ অংকুমান বৰদলৈ আদি । আকৰ্ষণীয় ফেষ্টুনেৰে ৰূপায়ণ কৰা কাৰ্যসূচীত “ইয়াতে মাৰিলো টিপা, বাজপেয়ী ভৱন পালেগৈ শিপা”, “ওপৰ মহল’ মানে কি?”, ” ওপৰৰ মহল নে ওপৰৰ মাল হিমন্ত মামা উত্তৰ দিয়া এইয়া হয়নে এইয়া পয়মাল”, আদি শ্লোগানেৰে কাৰ্যসূচীত উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে । উল্লেখ যোগ্য যে কাৰ্যসূচী চলি থকাৰ সমুখেৰেই মুখ্যমন্ত্ৰীৰ কণভয় পাৰ হৈ যায় ।