বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধিৰো হৈছে বিশ্ব ৰেকৰ্ড : আপ
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- আকাশলংঘী মূল্যবৃদ্ধিয়ে এতিয়া ৰঙালীৰ আনন্দক বহুতৰে বাবে নিৰ্বানন্দত পৰিণত কৰিছে। অত্যাবশ্যকীয় সামগ্ৰীৰ প্ৰতিদিনে বাঢ়ি অহা দামে এতিয়া সাধাৰণ নাগৰিকৰক জনজীবন ক্রমশঃ দুর্বিসহ কৰি তুলিছে। বিহু নৃত্য-গীতক লৈ বিশ্ব ৰেকৰ্ড গঢ়াৰ সমান্তৰালভাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দিনত মূল্যবৃদ্ধিয়েও বিশ্বরেকর্ড গঢ়াৰ দিশে ধাৱমান হৈছে। অত্যাবশ্যকীয় সামগ্ৰীৰ এই অভাবনীয় মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰখনে কোনো ধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্রহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে আম আদমি পাটা। আজি ‘আপ’ৰ গণেশগুৰিস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যিক যুটীয়া সমন্বয়ক কমল কুমাৰ মেধিয়ে প্রচণ্ড ক্ষোভেৰে কাম যে মূল্যবৃদ্ধিয়ে জুবলা কৰা সাধাৰণ ৰাইজৰ মনৰ কথা শুনিবলৈ এতিয়া প্রধানমন্ত্রী বা মুখ্যমন্ত্রী কাৰোৰে সময় নাই। সাম্প্রদায়িক আবেগ আৰু তৰল কথা বতৰাবেই এতিয়া দেশ তথা ৰাজ্যৰ ৰাজনীতি আগবঢ়াই নিয়া হৈছে। ৰাইজৰ মূল সমস্যাক আওকান কৰিবলৈ প্ৰতিদিনে নতুন নতুন কিছুমান তৰল বিষয় ৰাইজৰ মাজলৈ এৰি দিয়া হৈছে। সাম্প্রদায়িক কথা বতৰাত বাইকে বাজ রাখিবলৈ চেষ্টা কৰা হৈছে। সংবাদমেলত কমল কুমাৰ মেৰিয়ে আৰু কয় যে বিজেপি চৰকাৰে অত্যাবশ্যকীয় সামগ্ৰী আইন সংশোধন কৰি ৰজাৰখনৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছে। সোেহে চৰকাৰ এতিয়া মাত্ৰ নিৰৱ দর্শক। ৰাইজক সকাহ দিবৰ কোনো ব্যৱস্থা এই চৰকাৰৰ হাতত আৰু নাই। মূল্যবৃদ্ধিৰ অনুপাতে নতুন নতুন সংস্থাপন বা বন্ধিত আয়ৰ কোনো ব্যবস্থা এই চৰকাৰে কৰিব পৰা নাই। যোৱা সময়খেরাত সাধাৰণ নাগৰিকৰ আয় উদ্বেগজনকভাবে কমি আহিছে। এফালে ৰাইজর জন্য ক্ষমতা হ্রাস, আনসারে আ মুল্যবৃদ্ধিৰ মাজত পৰি এতিয়া ৰাইজৰ হাহাকাৰ অৱস্থা হৈছে। এনে ভয়ংকৰ পৰিস্থিতিক আওকান কৰি এখন চৰকাৰ দীর্ঘদিন ক্ষমতাত তিষ্ঠি থাকিব নোৱাৰে বুলি উল্লেখ কৰি কমল কুমাৰ মেধিয়ে কয় যে আম আদমি পাৰ্টীৰ চৰকাৰ থকা দিল্লী আৰু পঞ্জাবত সাধাৰণ ৰাইজক সকাহ দিবৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি গ্রহণ কৰা হৈছে। সাম্প্রদায়িক আৰু তৰল কথাৰ ৰাজনীতি পৰিহাৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মূল্যবৃদ্ধিৰ কথা পাতিবলৈ সংবাদমেলত আম আদমি পাৰ্টীয়ে আহ্বান জনায়।
সংবাদমেলত ২০১৪ চনত বিজেপিয়ে ক্ষমতাত অধিষ্ঠিত হওঁতে দ্রব্য মূল্য কিমান আছিল আৰু ২০২৩ চনত এতিয়া কিমান হল তাৰ এখন তুলনামূলক তালিকাও দাঙি ধৰা হয়৷
২০১৪ ২০২৩
পেট্রল- ৭১.৪১ টকা ৯৭ টকা
ডিজেল- ৫৬.৭১ টাকা ৮৯ টকা
এল.পি.জি.- ৪১০ টকা ১১৫২ টকা (১৪ কেজি।
আটা- ২১ টকা (প্রতি কেজি) ৫৬ টকা
ৰহৰ দাইল- ৭ টকা ১২৫ টকা
মিঠাতেল- ৯০ টকা ২২৫ টকা
মচুৰ দাইল ৭০ টকা ৮৪ টকা
গাখীৰ- ৩০ টকা ৫৫ টকা
চেনি- ২২ টকা ৪৮ টকা
এই সংবাদ মেলত কমল কুমাৰ মেধিৰ লগতে মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতা আৰু দীপ গগৈয়ো উপস্থিত থাকে।
