বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যাক আভুৱা ভাৰি অহা জনসাধাৰণক সজাগৰ বাবে ৮ মাৰ্চত “চাহ মজদুৰ আদিবাসী মহাসন্মিলন”ৰ আয়োজন

বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যাক আভুৱা ভাৰি অহা জনসাধাৰণক সজাগৰ বাবে ৮ মাৰ্চত “চাহ মজদুৰ আদিবাসী মহাসন্মিলন”ৰ আয়োজন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপি চৰকাৰে চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যাক আভুৱাভাৰি অহা অভিযোগ কৰি ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত  অনুষ্ঠিত এক সংবাদ মেলত প্ৰাক্তন মন্ত্ৰী এতুৱা মুণ্ডাই ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে চাহ জনগোষ্ঠীক চৰকাৰে আভুৱা ভাৰি অহা বুলি মুকলি সমালোচনা কৰে।তেওঁ অভিযোগ উত্থাপন কৰি কয় যে চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত প্ৰায় ৪০টা সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে এতিয়ালৈকে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা নাই।সংবাদ মেলত মুণ্ডায় জনায় যে চাহ জনগোষ্ঠীৰ বিভিন্ন সমস্যাক জনসাধাৰণক অৱগত কৰা উদেশ্য অহা ৮ মাৰ্চত মৰাণৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত “চাহ মজদুৰ আদিবাসী মহাসন্মিলন” অনুষ্ঠিত কৰা হৈছে যত কংগ্ৰেছ দলৰ প্ৰভাৰীকে ধৰি অসম কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ উপস্থিত থাকিব।আজি সংবাদমেলত কংগ্ৰেছ দলৰ জিলা সভাপতি বিপুল ৰাভা, জিলা প্ৰভাৰী ঘন হাজৰিকা, নিলনেত্ৰ নেওঁগকে ধৰি কেইবাজনো দলীয় কৰ্মকৰ্তা উপস্থিত থাকে।