বিজেপি আৰু সাৰথ ৰেড্ডীক ইডিৰ তদন্তৰ আওঁতালৈ অনাৰ দাবী আপৰ

বিজেপি আৰু সাৰথ ৰেড্ডীক ইডিৰ তদন্তৰ আওঁতালৈ অনাৰ দাবী আপৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ইলেক্টৰেল বণ্ড যোগে সাৰথ ৰেড্ডীয়ে বিজেপিক আদায় দিয়া বৃহৎ পৰিমাণৰ ধনৰ বিষয়টো ইডিৰ তদন্তৰ আওতালৈ অনাৰ দাবী আম আদমী পাৰ্টিৰ। গুৱাহাটীৰ গণেশগুৰিস্থিত আম আদমি পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক সংবাদমেলত আপ, অসমৰ জ্যেষ্ঠ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয়, – দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰীৰ তদন্তৰ আওঁতালৈ ভাৰতীয় জনতা পাৰ্টীক আনিব লাগে। তেওঁ উল্লেখ কৰে যে যোৱা দুটা বছৰ ধৰি ইডি আৰু চি বি আইয়ে এই গোচৰটোৰ সংক্ৰান্তত পাঁচশতকৈ অধিক তালাচী চলাইছে আৰু এহেজাৰ জনতকৈও অধিক লোকক সোধ-পোছ কৰিছে, কিন্তু তাৰ পাছতো তেওঁলোকে আম আদমি পাৰ্টীৰ এজন নেতা-কৰ্মীৰ হাতৰ পৰা এটকা এটাও উদ্ধাৰ কৰিব পৰা নাই। এই সংক্ৰান্তত অনুৰূপা ডেকাৰজাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে তেওঁলোকে সৰ্বশক্তি খৰচ কৰিও কিয় আপৰ এজন নেতা-কৰ্মীক দোষী সাব্যস্ত কৰিব পৰা নাই? তেওঁ ইডিৰ কাৰ্যকলাপৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন ক’ত আছে সেয়াই তেওঁলোকে এতিয়ালৈকে বিচাৰি উলিয়াব পৰা নাই। অনুৰূপা ডেকাৰজাই দিল্লীৰ সুৰা কেলেংকাৰীৰ এজন মুখ্য অভিযুক্ত সাৰথ ৰেড্ডীৰ সম্পৰ্কত বিস্ফোৰক তথ্য সদৰি কৰি কয় যে যিজন সাৰথ ৰেড্ডীৰ জাবানবন্দী অনুসৰি অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হৈছে সেইজন সাৰথ ৰেড্ডীয়ে ইলেক্ট’ৰেল বণ্ডৰ যোগেদি বিজেপিক কোটি কোটি টকা প্ৰদান কৰিছে। উল্লেখযোগ্য যে সাৰথ ৰেড্ডীয়ে প্ৰথমতে প্ৰদান কৰা জাবানবন্দী কেইটাত অৰবিন্দ কেজৰিৱাল আৰু আম আদমি পাৰ্টীৰ কোনো নাম তেওঁ উল্লেখ কৰা নাছিল আৰু সেই সময়চোৱাত তেওঁ জামিন লাভ কৰা নাছিল। কিন্তু যেতিয়াই সাৰথ ৰেড্ডীয়ে দিল্লীৰ সুৰা কেলেংকাৰীৰ সৈতে অৰবিন্দ কেজৰিৱাল আৰু আম আদমি পাৰ্টীক সংযোগ কৰি দিয়ে তাৰ কেইদিনমানৰ পাছতেই তেওঁ জামিন লাভ কৰে আৰু এতিয়া তেওঁক ৰাজসাক্ষী হিচাপে গ্ৰহণ কৰা হৈছে। দলৰ মুখপাত্ৰ গৰাকীয়ে লগতে মন্তব্য কৰে যে অৰবিন্দ কেজৰিৱালৰ সততা আৰু দুৰ্নীতিবিৰোধী ৰাজনীতিলৈ নৰেন্দ্ৰ মোডীয়ে ভয় কৰি তেওঁৰ কন্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছে। ইডি, চি বি আই আদি কেন্দ্ৰীয় সংস্থাসমূহে দিল্লী সুৰা কেলেংকাৰীৰ প্ৰকৃত সত্য আৱিষ্কাৰ কৰিবলৈ বিজেপি দলৰ বিৰুদ্ধে তদন্ত কৰিব লাগে, কিয়নো এই কেলেংকাৰীৰ সৈতে প্ৰামাণিক ধনৰ সৰবৰাহ সাৰথ ৰেড্ডীয়ে বিজেপিৰ সৈতে কৰাটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰা ইলেক্ট’ৰেল বণ্ডৰ তথ্যৰ পৰাই ওলাই পৰিছে- এই বিস্ফোৰক মন্তব্য আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ উল্লেখ কৰে যে বিজেপিয়ে আম আদমি পাৰ্টীৰ উত্থানত ভীতিগ্ৰস্ত হৈছে আৰু সেই ভয়ৰ প্ৰতিফলন হিচাপে তেওঁলোকে আম আদমি পাৰ্টীৰ কাৰ্যালয়ত আৰক্ষী মোতায়েন কৰিছে। অনুৰূপা ডেকাৰজাই সদৰি কৰে যে যোৱাকালি কোনো কাৰণ আৰু জাননী নোহোৱাকৈ সশস্ত্ৰ আৰক্ষীৰ এটা দল আম আদমি পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ প্ৰৱেশ কৰিছিল। এয়া বিজেপিৰ কেনেধৰণৰ গণতান্ত্ৰিক চৰিত্ৰ বুলি প্ৰশ্ন উত্থাপন। দলৰ মুখপাত্ৰ গৰাকীয়ে কয়, ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিত আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু ঋষিৰাজ কৌণ্ডিন্যই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আঁহোতে আম আদমি পাৰ্টীৰ প্ৰাৰ্থী দুজনক সৰ্বস্তৰৰ ৰাইজে ব্যাপক সঁহাৰি জনাইছিল। স্বতঃস্ফুৰ্ত ভাৱে হাজাৰ হাজাৰ দলীয় কৰ্মী, সমৰ্থকে দুয়োগৰাকী প্ৰাৰ্থীৰ মনোনয়ন যাত্ৰাত অংশগ্ৰহণ কৰিছিল। সেইবাবেই বিজেপিয়ে আপৰ জনসমুদ্ৰ চাই ভয় খাই দলটোৰ ৰাজ্যিক কাৰ্যালয়লৈ আৰক্ষীৰ দল প্ৰেৰণ কৰিছে। লগতে তেওঁ উল্লেখ কৰে যে তেওঁক দিছপুৰ আৰক্ষী থানাই অজ্ঞাত কাৰণত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছে, কিন্তু তেওঁক কিয় থানাত উপস্থিত হ’বলৈ কৈছে সেয়া আৰক্ষী কৰ্তৃপক্ষই তেওঁক জনোৱা নাই। আজিৰ সংবাদমেলখনত দলৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাৰ লগতে উপস্থিত থাকে আপৰ কামৰূপ মহানগৰ সমিতিৰ উপ সভাপতি দিতুল বৰুৱা আৰু সম্পাদক আব্দুৰ ৰেজ্জাক।