বিজেপিৰ ৰাহুল নাৰৱেকাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষ 

Pc India Today

বিজেপিৰ ৰাহুল নাৰৱেকাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষ 

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) বিধায়ক ৰাহুল নাৰৱেকাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষ হ’ব। তেওঁ ১৬৪ টা ভোট লাভ কৰিছিল। নাৰৱেকাৰ পেছাত এজন অধিবক্তা, যি আগতে শিৱসেনাৰ লগতে নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি)ৰ সৈতে জড়িত আছিল, অক্টোবৰ ২০১৯ত  মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিজেপিত যোগদান কৰিছিল। তেওঁ বৰ্তমান ৰাজ্যিক বিজেপিৰ মিডিয়া ভাৰপ্ৰাপ্ত বিষয়া।