বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদ মেল

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- গৌৰৱ গগৈয়ে হঠাৎ শ্ৰীৰামচন্দ্ৰৰ নাম লোৱাত আমি সুখী। সনাতন সংস্কৃতিত বিশ্বাসী সকলো লোকৰে এয়া অধিকাৰ।-এই মন্তব্য সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ৷  বিজেপি কাৰ্যালয়ত হোৱা সংবাদ মেলত এই মন্তব্য প্ৰদান কৰে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই৷তেওঁ পুনৰ কয় যে পিছে তাৰ আগেয়ে গগৈয়ে উত্তৰ দিয়ক- ২০০৭ চনত উচ্চতম ন্যায়ালয়ত যে প্ৰভু শ্ৰীৰামচন্দ্ৰৰ অৱস্থিতিৰ কোনো প্ৰমাণেই নাই বুলি কংগ্ৰেছ চৰকাৰে আনুষ্ঠানিক ভাষ্য প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁৰ কি মতামত? তেওঁ জানেনে, নেহৰুৱে ১৯৪৯ চনত ৰাম মন্দিৰৰ পৰা হিন্দু লোকক আতৰাবলৈ নিৰ্দেশ দিছিল, এই অনৈতিক নিৰ্দেশ মানিবলৈ অমান্তি হোৱা দণ্ডাদীশক নিলম্বন কৰিছিল? হিন্দু ধৰ্মক এইডচ, ডেংগী, মেলেৰিয়াৰ সৈতে কংগ্ৰেছৰ মিত্ৰ আৰু সদস্যই তুলনা কৰাৰ সময়ত আপোনালোক সন্তোষিতভাৱেৰে মৌন কিয়? ভূপেন বৰাই শ্ৰীকৃষ্ণক ‘লাভজেহাদী’ বুলি গণ্য কৰে, আপুনি এইক্ষেত্ৰত ক্ষমাসূচক কিবা মন্তব্য দিছিলনে সাংবাদিক বন্ধুৰ প্ৰশ্ন – ৰাহুল গান্ধীয়ে ৰায়বেৰেলিত নিৰ্বাচন প্ৰতিদ্বন্দিতা কৰিব।মতামত কি? তেওঁ এগৰাকী ৰাষ্ট্ৰীয় নেতা , আমাৰ মন্তব্য নিষ্প্ৰয়োজন। তাতে তেওঁ কংগ্ৰেছ নামৰ প্ৰাইভেট লিমিটেড কোম্পানীৰ চিএমডি অৰ্থাৎ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক। মালিকে য’তেই ইচ্ছা তাতেই নিৰ্বাচন খেলিব পাৰে। ভূপেন বৰাই এই কোম্পানীৰ মাণ্ডলিক প্ৰৱন্ধক(zonal manager)। তেওঁ চিএমডিৰ কথামতে উঠা-বহা কৰিবলৈ বাধ্য৷একেদৰে কংগ্ৰেছ কোম্পানীত নতুনকৈ “কন্ট্ৰেকচুৱেল এমপ্লয়ী” ৰূপে যোগ দিছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে৷জাতীয়তাবাদৰ পোচাক পিন্ধি ৮৫৫ জন ছহিদক হত্যা কৰা কংগ্ৰেছৰ ভৃত্যৰ দৰে আচৰণ কৰা দুয়োজনৰ চৰিত্ৰ এই নিৰ্বাচনে বাৰুকৈয়ে উদঙাই দিলে।