বিজেপিৰ সকলো বিধায়কে নাপাবও পাৰে টিকটঃমুখ্যমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- সোণাপুৰৰ এখন ৰিজ’ৰ্টত দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ চিন্তন বৈঠকৰ পাছতে দলৰ মন্ত্ৰী বিধায়কসকলে পুনৰ টিকট লাভ কৰিব নে নকৰে, সেই সন্দৰ্ভত চর্চা হোৱা পৰিলক্ষিত হৈছে। চিন্তন বৈঠক সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰি দিয়ে যে চৰকাৰী আঁচনিসমূহৰ সফল প্ৰয়োগৰ ওপৰত টিকট প্রদান প্রক্রিয়া নিৰ্ভৰ কৰিব। শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত এক অনুষ্ঠানৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয়- বিধানসভা নিৰ্বাচনৰ বাবে আমাৰ যিসমূহ প্ৰক্ৰিয়া থাকিব যেনে- প্রার্থী বাছনি, ইস্তাহাৰ, প্ৰচাৰ, কোনে কেইখনকৈ সভাত অংশ ল’ব, কিধৰণৰ নির্বাচনী ইছ্যু হ’ব এই আটাইবিলাক বিষয় পাটীৰ ৫১জন জ্যেষ্ঠ নেতাৰ উপস্থিতিত শনিবাৰে দিনৰ ১০ বজাৰ পৰা নিশা ১০ বজালৈ আৰু আজি পুৱা ৯ বজাৰ পৰা দিনৰ ২ বজালৈ আমি আলোচনা কৰিলোঁ। ইয়াৰ মতামতসমূহ দলৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বই নির্বাচনটো সুন্দৰভাৱে আগুৱাই লৈ যাবৰ বাবে ব্যৱহাৰ কৰিব। আনহাতে সকলো মন্ত্রী-বিধায়কে টিকট লাভ নকৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে সকলো বিধায়কে টিকট পাব নোৱাৰে। বহুতে নিজেও নির্বাচন নেখেলিব। কোনোবাই টিকট নাপাব। কাৰোবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱা বাবে নোহোৱা হৈছে। কাৰোবাৰ সমষ্টি অনুসূচিত জনজাতি অথবা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈছে। অসমত যিহেতু এইবাৰ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হৈছে গতিকে এইবাৰ নতুন মুখ আহিবই লাগিব। অনুসূচিত জনজাতি, অনুসূচিত জাতিৰ সমষ্টিসমূহত নতুন মুখ আহিবই। নতুন মুখ অহাৰ পথ কোনেও বন্ধ কৰিব নোৱাৰে। কিন্তু কিমান আহিব, কি আহিব সেই কথাটো ক’বৰ বাবে বহু সময় আছে। ইয়াৰ বিপৰীতে চৰকাৰী আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰতহে সম্প্রতি অধিক গুৰুত্ব প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয়- মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ ১০ হাজাৰ টকা, মুখ্যমন্ত্রী আত্মনিৰ্ভৰ আঁচনিৰ ২ লাখ টকা আদি আমি দিম বুলি কৈ আহিছোঁ। আমাৰ বহু কাম অহা ১৫ আগষ্টৰ পৰা আৰম্ভ হ’ব। এই আঁচনিবোৰ হোৱাৰ পাছতহে এজন বিধায়কৰ মূল্যায়ন কৰিব পৰা যাব তেওঁৰ স্থিতি ভাল নে বেয়া। হয়তো তেওঁৰ সমষ্টিত ৩২ হাজাৰ পৰিয়ালে অৰুণোদয় পায়, ৩০ হাজাৰ মহিলাই মহিলা উদ্যমিতা আঁচনি পায়, ৩০ কোটি টকাৰ পথ নিৰ্মাণ হ’ল, ৪০০ৰ পৰা ৬০০ ল’ৰাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি পাব। এই আঁচনিবিলাক যদি তেওঁ ভালদৰে ৰূপায়ণ কৰে, আজি যদি তেওঁ ১০ শতাংশ তলত আছে তেনেহ’লে তেওঁ ৫০ শতাংশ ওপৰলৈ উঠি যাব। সেইকাৰণে বিজেপিৰ টিকট কোনে পাব, কোনে নাপাব সেয়া চৰকাৰী আঁচনিসমূহৰ সফল প্ৰয়োগৰ ওপৰত নিৰ্ভৰ কৰিব। বিগত ৪ বছৰ অলপ অলপকৈ ধন গোটাই এতিয়া আমি আঁচনিবোৰ কৰিব পৰা হ’লোঁ। আজিৰ দিনৰ বিজেপিৰ পৰিৱেশ আৰু ১০০ শতাংশ উন্নত হ’ব। আনহাতে অগপৰ সৈতে মিত্ৰতা সন্দর্ভতো তেওঁ স্থিতি স্পষ্ট কৰে। এই প্রসংগত মুখ্যমন্ত্রী ড° শর্মাই কয়- ২০১৪ চনৰ পিছত অগপ আমাৰ লগত আছে। অগপ-বিজেপি এনডিএত একেলগে থাকিব। আমি একেলগে নির্বাচন খেলিম। ১২৬টা সমষ্টিত সমষ্টিভিত্তিক মন মিলোৱাটো সম্ভৱ নহয়। কিন্তু ৰাজ্যিক ভিত্তিত অগপৰ লগত আমাৰ মিত্ৰতা থাকিবই আৰু আমি মিত্রভাবেই নির্বাচন খেলিম। ইফালে অজিত ভূঞা, ড° হীৰেন গোহাঁয়ে বিৰোধীক একগোট কৰিবলৈ প্ৰচেষ্টা চলোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অজিত ভূঞা, হীৰেন গোহাঁইৰ দৰে লোকসকলৰ ৰাজনীতিত কোনো প্রাসংগিকতা নাই। ২০০১ চনৰ পৰা মই ৰাজনীতি কৰিছোঁ। নিৰ্বাচনত তেওঁলোকৰ কথা মনত পেলাবও লাগে, তাক আজিলৈকে দেখা নাই। সাহিত্যিক ক্ষেত্রত বা সাংবাদিকতাৰ ক্ষেত্ৰত বেলেগ কথা। ৰাজনীতিত ড° হীৰেন গোহাঁই, অজিত ভূঞাৰ প্ৰাসংগিকতা আজিলৈকে দেখা নাই। গতিকে বিজেপিৰ চিন্তা-চৰ্চাত আমি তেওঁলোকৰ নাম কেতিয়াও আলোচনা নকৰোঁ।