বিজেপিৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবী

বিজেপিৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা- বিৰোধী ঐক্য মঞ্চৰ সংবাদমেলত বিজেপিৰ শিৱসাগৰ জিলাৰ সভাপতি ময়ূৰ বৰগোঁহাইক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰা হয়। বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰাই সংবাদমেলত কয় যে বিজেপিৰ শিৱসাগৰ জিলাৰ সভাপতিজনে শ্ৰমিকক মাৰ-ধৰ কৰি আটাছু আৰু আছু জিন্দাবাদ ধ্বনি দি জাতীয় সংগঠন দুটাৰ বদনাম কৰিছিল। আৰক্ষী সঞ্চালক প্ৰধান আৰু শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষকক ময়ূৰ বৰগোঁহাইৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো দাবী জনাই বৰাই।