বিজেপিৰ ‘মহাজনসম্পৰ্ক অভিযান’

বিজেপিৰ ‘মহাজনসম্পৰ্ক অভিযান’

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি চৰকাৰৰ ৯ বছৰ পূৰ্তিৰ লগত সংগতি ৰাখি ৩০ মে’ ৰ ৩০ জুনলৈকে যি “মহাজনসম্পৰ্ক অভিযান” কাৰ্য্যসূচী লোৱা হৈছে তাৰ অংশস্বৰূপে ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত মহা জনসম্পৰ্ক অভিযান কাৰ্য্যসূচীৰ বাবে গঠন কৰা বিভিন্ন গোটৰ কৰ্মশালা আজি গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্য্যালয়ত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয়। আৰু এই কৰ্মশালাত উপস্থিত থাকে কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি দেবজিত বৰা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ ফণিন্দ্ৰনাথ শৰ্মা কৃষক মৰ্চাৰ প্ৰভাৰী তথা ৰাজ্যিক বিজেপিৰ উপ সভাপতি অশোক ভট্টৰাই কৃষক মৰ্চাৰ ৰাষ্ট্ৰীয় উপ সভাপতি প্ৰাণ কুমাৰ দাস৷ সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্য্যালয় সম্পাদক সুজিত ৰায় কৃষক মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া সকল,গঠন কৰি দিয়া সমিতি সমূহৰ আহ্বায়ক আৰু সহ আহ্বায়ক সকল , আৰু জিলা কৃষক মৰ্চাৰ সভাপতি সকল৷এই কৰ্মশালা খন সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে কৃষক মৰ্চাৰ ৰাজ্যিক উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্য আৰু কৃষক মৰ্চাৰ ৰাজ্যিক সম্পাদক সঞ্জীৱ বৰা ৷