বিজেপিৰ ভোটবেংক সুৰক্ষিত কৰিবলৈহে চলিছে সমষ্টি পুনৰগঠন প্ৰক্ৰিয়া চলাই আছেঃ অসম জাতীয় পৰিষদ

বিজেপিৰ ভোটবেংক সুৰক্ষিত কৰিবলৈহে চলিছে সমষ্টি পুনৰগঠন প্ৰক্ৰিয়া চলাই আছেঃ অসম জাতীয় পৰিষদ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিজেপি চৰকাৰে নিজ দলৰ ৰাজনৈতিক ভোটবেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰস্তাৱিত সমষ্টি পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়া চলাই আছে৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে৷  এখন সংবাদ মেলৰ আয়োজন কৰি দলৰ উপসভাপতি তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব চন্দ্ৰকান্ত দাসে কয় যে সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ বা ডিলিমিটেচন প্ৰক্ৰিয়াটো ৰাজ্য চৰকাৰৰ পূৰ্ণ হস্তক্ষেপত বিজেপি দলৰ ইচ্ছা অনুসৰি হৈ আছে৷ অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ তত্বাৱধানত গোপনে চৰকাৰৰ ফালৰ পৰাই ডিলিমিটেচনৰ খচৰা প্ৰস্তুত কৰি নিৰ্বাচন আয়োগক জমা দিয়া হৈছে আৰু আয়োগে কেৱল ৰাইজক দেখুৱাবলৈ খচৰাখন প্ৰকাশৰ আনুষ্ঠানিকতা সম্পন্ন কৰিব৷ দাসে কয় যে আইন মতে, ডিলিমিটেচন প্ৰক্ৰিয়াৰ মানচিত্ৰ প্ৰস্তুত কৰাৰ দায়িত্ব সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া অৰ্থাৎ ৰাজহ চক্ৰ বিষয়াৰহে৷ ৰাজহ চক্ৰ বিষয়াই তেওঁৰ ওপৰৰ বিষয়া যেনে মহকুমা নিৰ্বাচনী পঞ্জীয়ন বিষয়া (মহকুমাধিপতি) বা জিলা নিৰ্বাচনী পঞ্জীয়ন বিষয়া (উপায়ুক্ত)ৰ সৈতে আলোচনা সাপেক্ষে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ প্ৰস্তাৱ দিয়ে৷ এই ক্ষেত্ৰত প্ৰশাসনীয় এলেকাৰ সীমা আৰু ভৌগোলিক সা-সুবিধাসমূহৰ বিষয়ৰ প্ৰতি বিশেষ ধ্যান দিয়াটো এটা চৰ্ত৷ কিন্তু এইবাৰ এগৰাকী মন্ত্ৰীৰ তত্বাৱধানত নিৰ্বাচন আয়োগৰ দ্বাৰা নহয় বৰং ৰাজনৈতিক ব্যক্তিৰ দ্বাৰাহে অসমৰ সকলো সমষ্টিৰ সীমা পুনৰনিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰা হৈছে৷ গতিকে খচৰা প্ৰকাশ হোৱাৰ লগে লগে ৰাইজে উল্লিখিত আইনৰ বিধি-বিধানসমূহ পুঙ্খানুপুঙ্খভাৱে মানি চলা হৈছে নে নাই, সেয়া পৰীক্ষা কৰি চোৱা প্ৰয়োজন হ’ব৷ সাংবাদিকৰ প্ৰশ্নত তেওঁ লগতে কয় যে শাসনাধিষ্ট দলক বাদ দি বাকী সকলোৱেই ২০০১চনৰ লোকপিয়লৰ আধাৰত তথা এই মুহূৰ্ততে ডিলিমিটেচন কৰাৰ বিৰোধিতা কৰি আহিছে৷ কিন্তু চৰকাৰৰ যিহেতু ক্ষমতা আছে, সেয়ে তেওঁলোকে কৰি আছে৷ গতিকে খচৰা পৰীক্ষাৰ পিছত যদি আইনৰ দিশসমূহ মানি চলাটো খচৰাত প্ৰতিফলিত নহয়, তেতিয়া জাতীয় পৰিষদে আইনৰ দ্বাৰস্থ হোৱাৰ বিকল্প গ্ৰহণ কৰাৰ কথা চিন্তা কৰিব৷দলৰ সম্পাদক ৰাজু ফুকনে কয় যে অসমৰ খিলঞ্জীয়া মানুহৰ দুৰ্ভাগ্য যে তেওঁলোকৰ ৰাজনৈতিক ভাগ্য নিৰ্ধাৰণৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰীয়ে এগৰাকী “বেপাৰী মন্ত্ৰী”ৰ হাতত ন্যস্ত কৰিছে৷ অৱশ্যে “বেপাৰী মন্ত্ৰী”গৰাকী কোন সেয়া তেওঁ স্পষ্ট নকৰিলে৷ তেওঁ গভীৰ উষ্মাৰে কয়, “আজি ৰাজস্থানত গৈ কোনোবা গগৈ, শইকীয়া বা দাসে সেই ৰাজ্যৰ মানুহৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণৰ দায়িত্ব লব পাৰিব নেকি৷ নোৱাৰে৷ কিন্তু অসমীয়া মানুহৰ দুৰ্ভাগ্য যে অসমত এতিয়া সেয়াই হৈ আছে৷”