বিজেপিৰ বিজয় সংকল্প সমাৱেশ

বিজেপিৰ বিজয় সংকল্প সমাৱেশ

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ ফেঞ্চি বজাৰ হেম বৰুৱা পথ শৰ্মা চুইটচৰ সন্মুখত ভাৰতীয় জনতা পাৰ্টীৰ এক বিজয় সংকল্প সমাৱেশ অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মোহন, প্ৰাক্তন সাংসদ ৰমেন ডেকা, বিজেপিৰ নেতা বিজয় গুপ্তা, প্ৰমোদ স্বামী আদি ব্যক্তিৰ উপৰিও প্ৰায় ৩০০ জন মান লোক উপস্থিত থাকে। উক্ত সমাৱেশত আটাইবোৰ বক্তাই ৫নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিক বিপুল ভোটত জয় যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনায়। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দেশৰ আৰু ৰাজ্যৰ বলিষ্ঠ নেতৃত্বৰ কথা তথা দেশ আৰু ৰাজ্যৰ বিকাশৰ কথা উল্লেখ কৰে। তাৰোপৰি কংগ্ৰেছ দলক জ্যেষ্ঠ নেতা বিজয় গুপ্তাই তুলা ধুনা দি সমালোচনা কৰে৷