বিজেপিৰ বাজপেয়ী ভৱনত বিশেষ বৈঠক

বিজেপিৰ বাজপেয়ী ভৱনত বিশেষ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুই ভাৰতীয় জনতাৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লভলোচন দাসৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিৰ বশিষ্ঠস্থিত বাজপায়ী ভৱনত সংবাদ বিভাগৰ মুখ্যমুখপাত্ৰ মনোজ বৰুৱা,সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱ জ্যোতি মৰল আৰু ৰাজ্যিক মুখপাত্ৰ সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত জ্যেষ্ঠ মন্ত্ৰী গৰাকীয়ে অমমৰ শিক্ষাখণ্ডত লোৱা বিভিন্ন যুগান্তকাৰী পদক্ষেপৰ লগতে ৰাষ্ট্ৰ জুৰি চৰ্চিত শিক্ষা সেতু এপৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগ সমূহৰ বিভাগীয় মন্ত্ৰী সকলে ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ সকলৰ সৈতে চৰকাৰৰ উন্নয়ণমূলক কাম কাজৰ বিষয়ে সময়ে সময়ে খতিয়ান দাঙি ধৰে। মন কৰিব লগীয়া কথা যে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বাজপায়ী ভৱনত পৰিলক্ষিত এনে তৎপৰতা দলটোৰ নিৰ্বাচনী প্ৰশস্তিৰ ইংগিত বহন কৰে।