বিজেপিৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ

বিজেপিৰ পৰা পদত্যাগ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপি ত্যাগ কৰিলে জ্যেষ্ঠ নেতা ৰাজেন গোঁহাইয়ে। জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁয়ে আজি বাজপেয়ী ভৱনলৈ আহি দলত্যাগ কৰে।  বিজেপি দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে প্ৰাক্তন কেন্দ্রীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে।ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ লিখা মাত্ৰ দুটি শাৰীৰ পদত্যাগ পত্ৰখনত ৰাজেন গোঁহায়ে লিখিছে, “আপোনাক সন্মান সহকাৰে অৱগত কৰিব বিচাৰোঁ যে মই ভাৰতীয় জনতা পাৰ্টীৰ সকলো দায়িত্বৰ লগতে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিলোঁ । আশাকৰো, মোৰ পদত্যাগ সাদৰেৰে গ্ৰহণ কৰিব ।” উল্লেখ্য যে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আছিল ৰাজেন গোহাঁই। ৰাজেন গোহাঁয়ে চাৰিবাৰকৈ নগাঁৱৰ পৰা সাংসদ হিচাপে প্রতিনিধিত্ব কৰিছিল। তদুপৰি মোদী চৰকাৰৰ প্রথমটো কার্যকালত গোহাঁই আছিল ৰে’ল ৰাজ্যিক মন্ত্ৰী। জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইৰ দলত্যাগৰ পিছতে অচিৰেই তেওঁ অন্য ৰাজনৈতিক দলত যোগ দিয়াৰ সম্ভাৱনা প্রকট হৈ উঠিছে।