বিজেপিৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ ৰাজীৱ ভৱন

বিজেপিৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ ৰাজীৱ ভৱন

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজীৱ ভৱনৰ সন্মুখত শনিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কৃত্রিম বুদ্ধিমত্তা – (এ আই) সন্মিলনত যুৱ কংগ্ৰেছে কৰা প্ৰতিবাদৰ পার্শ্ব প্রতিক্রিয়া হিচাপে শনিবাৰে ৰাজীৱ ভৱনৰ সন্মুখত বিজেপিৰ যুৱ মৰ্চা আৰু অসম যুৱ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰায় দুই শতাধিক বিজেপিৰ প্ৰতিবাদকাৰীসকলে বিজেপিৰ পতাকা, অসম গণ পৰিষদৰ পতাকাৰ লগতে ৰাহুল গান্ধীৰ বেনাৰ লৈ কংগ্ৰেছ মুৰ্দাবাদ শ্ল’গান দি ৰাহুল গান্ধী, গৌৰৱ গগৈৰ জুমুঠি দাহ কৰাৰ লগতে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা বাহনত কলা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰে । আৰক্ষীৰ বেৰিকেড ওফৰাই ৰাজীৱ ভৱনৰ ফালে অগ্ৰসৰ হোৱা বিজেপিৰ যুৱ মৰ্চা আৰু অসম যুৱ পৰিষদৰ প্ৰতিবাদকাৰীসকলক প্রত্যাহ্বান জনাবলৈ সাজু হৈ যুৱ কংগ্ৰেছ, এন এছ ইউ আইৰ কৰ্মীসকলৰ লগতে একাংশ কংগ্রেছ কর্মীয়েও যুদ্ধংদেহি ৰূপ লোৱাত পৰিবেশ উত্তপ্ত হৈ পৰে। হতাহতি আৰু ঠেলা-ঠেলিও লাগে উভয় পক্ষৰ মাজত। আৰক্ষীৰ সৈতেও হতাহতি হয় প্রতিবাদকাৰীসকলৰ। আৰক্ষীয়ে বিজেপিৰ পক্ষ লৈ কংগ্ৰেছ, যুৱ কংগ্রেছ আৰু এন এছ ইউ আইৰ কৰ্মীসকলক মাৰধৰ কৰাৰ লগতে এন এছ ইউ আইৰ কৰ্মীৰ ম’বাইল ফোন কাঢ়ি লোৱা বুলিও প্রদেশ কংগ্ৰেছৰ ফালৰ পৰা উত্থাপন কৰা হৈছে অভিযোগ।  ইফালে ‘গৰু চোৰ, মাটি চোৰক ৰাজীৱ ভৱনত সোমাবলৈ নিদিওঁ’ বুলি হুংকাৰ দি যুৱ কংগ্ৰেছ, এন এছ ইউ আই আৰু কংগ্ৰেছৰ কৰ্মীসকলেও হাতত কংগ্ৰেছৰ পতাকা লৈ বিজেপিৰ যুৱ মৰ্চা আৰু অসম যুৱ পৰিষদৰ শ শ প্ৰতিবাদকাৰীক প্রত্যাহ্বান জনাবলৈ অৱস্থান লয়। কংগ্ৰেছী প্ৰতিবাদকাৰীসকলে ‘বিজেপি মাটি চোৰ’, ‘গৰু চোৰ’ বুলি শ্ল’গান দি “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী”, “গৃহমন্ত্ৰী অমিত শ্বাহ”, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ” প’ষ্টাৰ জ্বলাই প্ৰতিবাদ কৰে । কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ বাধা দিবলৈ গৈ আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীক চৰিয়াওৰ লগতে আক্ৰোশমূলকভাৱে বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে । উভয় পক্ষক বাধা দিবলৈ যুদ্ধকালীন ক্ষিপ্ৰতাৰে তৎপৰ হৈ পৰে বিশাল আৰক্ষী-নিৰাপত্তা বাহিনী। আৰক্ষী-নিৰাপত্তাৰক্ষী সকলে যুৱ কংগ্ৰেছ, কংগ্রেছক এন এছ ইউ আইৰ কৰ্মীসকলক পিচলৈ ঠেলি পঠিয়ায়। বিজেপি যুৱ মৰ্চাৰ কেইজনমান কৰ্মীয়ে বেৰিকেডৰ ওপৰলৈ উঠি যোৱাত আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে বেৰিকেড ঠেলি ঠেলি জোকাৰি দি তেওঁলোকক পেলায়ো দিয়ে। প্রতিবাদকাৰীসকলক বাধা দিবলৈ যোৱা এগৰাকী মহিলা আৰক্ষীৰ হাতৰ পৰা তেজ ওলোৱাও পৰিলক্ষিত হয়। এনে অৱস্থাত বিয়লি অভাৱনীয় পৰিস্থিতিৰ উদ্ভব হয় ৰাজীৱ ভৱনৰ প্ৰাংগণত। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তীব্র যান-জটৰ সৃষ্টি হয় জি এছ ৰোডত। কংগ্ৰেছ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি অভিযোগ কৰি কয় যে,”আৰক্ষীয়ে আক্ৰোশমূলকভাৱে পক্ষপাতিত্ব কৰি আমাক বাধা প্ৰদান কৰিছে । বিজেপি কৰ্মীসকলক বাধা নিদি আমাক বাধা দিছে । আমাৰ কৰ্মীসকলৰ ওপৰত লাঠিচাৰ্জ কৰিছে ।”ডি চি পি মৃণাল ডেকাই প্ৰহাৰ কৰাৰ অভিযোগ তুলি প্রদেশ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগৰ প্ৰাক্তন অধ্যক্ষ ৰাতুল কলিতাই সংবাদ মাধ্যমৰ আগত কয়- ‘ডি চি পি মৃণাল ডেকাই মোৰ মুখত আঘাত কৰিছে। আমাৰ বহুত কৰ্মীক প্ৰহাৰ কৰিছে। গৰু চোৰক প্ৰতিহত কৰিবলৈকে আমি ৰৈ আছিলো।’ ইফালে এটা সময়ত বিজেপি যুৱ মৰ্চা আৰু অসম যুৱ পৰিষদৰ প্ৰতিবাদৰ ফলত উদ্ভৱ হোৱা উত্তপ্ত পৰিস্থিতি কিছু শান্ত হৈ পৰে যদিও আৰক্ষীৰ হাৰাশাস্তি, উৎপীড়নৰ প্ৰতিবাদত তীব্র প্রতিবাদ আৰম্ভ কৰে যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ কৰ্মীসকলে। যুব কংগ্রেছ, কংগ্ৰেছৰ একাংশ মহিলা নেত্রী-কর্মীয়েও এই প্রতিবাদত অংশগ্রহণ কৰি আৰক্ষী আৰু বিজেপি দল-চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে।