বিজেপিৰ পাঁচ সহস্ৰধিক কাৰ্য্যকৰ্তাৰ সৈতে শিৱসাগৰত কাৰ্য্যনিৰ্বাহক সভাত অংশগ্ৰহণ সভাপতি দিলীপ শইকীয়াৰ

বিজেপিৰ পাঁচ সহস্ৰধিক কাৰ্য্যকৰ্তাৰ সৈতে শিৱসাগৰত কাৰ্য্যনিৰ্বাহক সভাত অংশগ্ৰহণ সভাপতি দিলীপ শইকীয়াৰ
মোদী চৰকাৰৰ ১১ বছৰ পূৰ্ণ উপলক্ষে – “সংকল্পৰ পৰা সিদ্ধিলৈ” কাৰ্য্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা-   ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলা কায্যৰ্নিবাৰ্হক সভাখন KPM হলত দিনযোৰা কাৰ্য্যসূচী অনুষ্ঠিত হৈ সভাত দলীয় কাৰ্যকৰ্তা সকলক মাৰ্গদৰ্শন কৰিবলৈ আহি জিলাখনত উপস্থিত হোৱা বিজেপি অসম প্ৰদেশৰ সন্মানীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক প্ৰায় পাঁচ সহস্ৰধিক কাৰ্য্যকৰ্তাই ঐতিসাহিক শিৱসাগৰ প্ৰাঙ্গগনৰ পৰা পদযাত্ৰা কৰি প্ৰসাদ মে’মৰিয়েল হললে আদৰি আনে৷ প্ৰখৰ ৰ’দকো নেওচি সন্মানীয় সভাপতি শইকীয়াই দলীয় কাৰ্য্যকৰ্তা সকলক সম্বোধন কৰি কাৰ্য্যকৰ্তাসকলৰ মনোবল বৃদ্ধি কৰে৷ কাৰ্য্যনিৰ্বাহক সভাৰ আৰম্ভণিতে ভাৰতমাতাৰ প্ৰতিচ্ছবিৰ বন্তি প্ৰজ্বলন কৰে ৰাজ্যিক সভাপতি শইকীয়াই৷ ইয়াৰ পাছতে মাতৃবন্দনাৰে সভাৰ মূল কাৰ্যসূচী আৰম্ভ কৰে৷ ইয়াৰ পাছতে শোক প্ৰস্তাৱ পাঠ কৰে সাঃ সাম্পাদক ৰাতুল গগৈয়ে ইয়াৰ পাছতে ৰাজনৈতিক প্ৰস্তাৱ পাঠ কৰে৷ উপ-সভাপতি ড॰ অসীম গগৈয়ে ৰাজনৈতিক প্ৰস্তাৱৰ ওপৰত সমৰ্থনমূলক বক্তব্য আগবঢ়াই জিলা উপ-সভানেত্ৰী দীপিকা কাকতি দুৱৰী, জিলা সম্পাদক চিৰঞ্জীৱ বেজবৰুৱা আৰু প্ৰাক্তন বিধায়ক দুৱৰী দেৱে৷ ইয়াৰ পাছতে আদৰণি ভাষণ প্ৰদান কৰে জিলা সভাপতি বিতোপন ৰাইডিহিঙীয়া দেৱে তেখতে আদৰণি ভাষণত দলীয় কাৰ্য্যকৰ্তাক সেৱা মনোভাৱেৰে আৰু দৃঢ় সংকল্পৰে কাম কৰি যাবলৈ আহবান জনায় লগতে দলৰ বিভিন্ন দায়িত্বত থকা কাৰ্য্যকৰ্তাসকলক অধিক সক্ৰিয়তাৰে নিজৰ দায়িত্ব পালন কৰি যাবলৈ অনুৰোধ জনায়৷ ইয়াৰ পাছতে ৰাজ্যিক মুখপাত্ৰ লক্ষ্য কোঁৱৰে কেন্দ্ৰীয় চৰকাৰৰ ১১ বছৰ পূৰ্ণ উপলক্ষে ঘোষণা কৰা “সংকল্পৰ পৰা সিদ্ধিলৈ” কাৰ্য্যসূচীৰ সম্পৰ্কত দলীয় কাৰ্য্যকৰ্তাসকলক অৱগত কৰে৷ সভাত উপস্থিত থাকি বক্তব্য আগবঢ়াই ডিমৌ সমষ্টিৰ সন্মানীয় বিধায়ক শুশান্ত বৰগোহাই ডাঙৰীয়াই৷ সভাত দলীয় উপস্থিত থাকি জিলা প্ৰভাৰী অজয় কোঁৱৰ ডাঙৰীয়াই দলৰ সাংগঠিনক দিশৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই৷ ইয়াৰ পাছতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই দলৰ প্ৰতিখন কাৰ্য্যকৰ্তাক উদ্যেশি মাৰ্গদৰ্শন কৰে৷ তেওঁ বক্তব্যত উল্লেখ কৰে যে দলৰ সাংগঠনিক স্থিতি সবল হ’বলৈ হ’লে আৰু অনাগত দিনত তিনিওটা সমষ্টিৰে বিজেপি দলে বিজয় ধবজা ওৰাবলৈ হ’লে দলৰ প্ৰতিজন কাৰ্য্যকৰ্তাই দিনে নিশাই কাম কৰি দলক আগুৱাই নিব লাগিব৷ চৰকাৰৰ প্ৰতিটো জনকল্যান মুখি আঁচনি মতে সমাজত তাৰ ওপৰতো দলীয় কাৰ্য্যকৰ্তা সকলে দৃষ্টি ৰাখিব লাগিব বুলি মত প্ৰকাশ কৰে৷ শেষত তেওঁ আজি প্ৰখৰ ৰ’দকো নেওচি যিসকল কাৰ্য্যকৰ্তাই তেওঁ আদৰ সম্ভাষণ জনালে তেওঁলোকৰ কৃতজ্ঞতা জনায়৷ ইয়াৰ পাছতে ৰাজ্য সভাৰ সাংসদ ৰামেশ্বৰ তেলীয়ে কাৰ্য্যকৰ্তাসকলৰ উদ্যেশি বক্তব্য প্ৰদান কৰে৷ সভাত ৰাজ্যিক বিষয়ববীয়া, জিলা বিষয়ববীয়া, কাৰ্যনিবাৰ্হক সদস্য বিভিন্ন মৰ্চা সভাপতিসকল মণ্ডল সভাপতি সম্পাদক সকল উপস্থিত থাকে কাৰ্য্যনিৰ্বাহক সভাৰ শেষত কেন্দ্ৰীয় চৰকাৰৰ ১১ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে অনুস্থিত কৰা প্ৰদৰ্শনী দুৱাৰ মুকলি কৰে ৰাজ্যিক সভাপতি আৰু সভাৰ শেষত এখন সংবাদমেল সম্বোধন কৰি দিলীপ শইকীয়াই কেন্দ্ৰীয় আৰু ৰাজ্যখনৰ বিভিন্ন কাৰ্মৰ খতিয়ান দাঙি ধৰে৷