বিজেপিৰ পঞ্চায়ত প্ৰবন্ধন কমিটীৰ কাৰ্যালয় উদ্বোধন
গোৱালপাৰা কংগ্ৰেছৰ টিকট বিক্ৰীৰ এপিচেন্টাৰঃ মন্ত্ৰী পীযুষ হাজৰিকা
পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ ৷ মুখ্যমন্ত্ৰী , সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্চায়তত দলীয় টিকট বিক্ৰী কৰাৰ জৰিয়তে পঞ্চায়তত দুৰ্নীতিৰ লাইচেঞ্চ দিবলৈ বিচাৰিছে কংগ্ৰেছ দলে । এই মন্তব্য মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চায়ত নিৰ্বাচন প্ৰবন্ধন কমিটীৰ আহ্বায়ক মন্ত্ৰী পীযুষ হাজৰিকাৰ । আজি দলৰ বশিষ্ঠস্হিত মুখ্য কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰবন্ধন কমিটীৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰি সাংবাদিকৰে হোৱা বাৰ্তালাপত মন্ত্ৰী হাজৰিকাই কয় যে কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচনৰ টিকট বিক্ৰী কৰা এপিচেন্টাৰ ক’ত , আপোনালোকেই জানে ! জুৰীয়া , ধিং , লাহৰিঘাট , বৰপেটা , ধুবুৰী আদি কংগ্ৰেছৰ টিকট বিক্ৰীৰ এপিচেন্টাৰ৷গতিকে কংগ্ৰেছ কাৰ দল বা কাৰ কাৰণে কাম কৰে নিশ্চয় বুজিবলৈ অসুবিধা নহয় ৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত পঞ্চায়ত নিৰ্বাচন প্ৰবন্ধন কমিটীৰ আহ্বায়কজনে পুনৰ কয় যে অসমৰ জনতাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সমৰ্থন থকাৰ কাৰণেই আমাৰ বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে ভালেমান সমষ্টিত বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত “হবলৈ পাৰিছে । প্ৰতিদ্বন্দ্ব্বিতা কৰা সমষ্টি সমূহতো আমাৰ বিজেপি নেতৃত্বাধীন এনডিএৰ বিজয় সুনিশ্চিত ৷ ইয়াৰ পিছত হবলগীয়া বিটিআৰতো আমি জয়ী হম ৷ ১১ মাহ পাছত হবলগীয়া বিধানসভা নিৰ্বাচনতো এনডিএ মিত্ৰজোঁটে অভূতপূৰ্ব সফলতা লাভ কৰিব ৷ কাৰণ ৰাষ্ট্ৰীয় সভাপতি জে পি নদ্দা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত বিজেপি দলটো আজিৰ তাৰিখত সুদৃঢ় আৰু এক শক্তিশালী দল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গ্ৰহণ কৰা জনমূখী কামকাজ আৰু উন্নয়নমূলক পদক্ষেপৰ কাৰণেই সাধাৰণ ভোটাৰ ৰাইজে বিজেপি নেতৃত্বাধীন এনডিএৰ প্ৰতি সমৰ্থন আগবঢ়োৰ সিদ্ধান্ত লৈছে বুলিও মন্ত্ৰী হাজৰিকাই ব্যক্ত কৰে ৷ আজিৰ কাৰ্যালয় উদ্বোধনী কাৰ্যসূচীত দলৰ অসমৰ প্ৰভাৰী হৰিশ দ্বিৱেদী , সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুকে ধৰি কেবাজনো জেষ্ঠ্য নেতা উপস্থিত থাকে ৷আনহাতে মন্ত্ৰী পীযুষ হাজৰিকা নেতৃত্বাধীন পঞ্চায়ত প্ৰবন্ধন কমিটিয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিবলৈ পৰিকল্পনা যুগুতাই উলিয়াইছে। সেই মৰ্মে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজী আৰু তিনচুকীয়া জিলাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ বিপৰীতে কালিলৈ লক্ষীমপুৰ আৰু শিৱসাগৰ জিলাত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ৷ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ইতিমধ্যে যোৱা দুটাদিন বৰাক উপত্যকাত প্ৰচাৰ চলোৱাৰ পাছত অহা ২২ আৰ ২৩ এপ্ৰিলত গোলাঘাট , শোনিতপুৰ , গহপুৰ আৰু উত্তৰ লক্ষীমপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব ৷ তেনেকৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা ২৩ এপ্ৰিলত শদিয়া , লক্ষীমপুৰ আৰু জোনাইত কেবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৷ মন্ত্ৰী তথা দলৰ জেষ্ঠ্য নেতাসকলেও ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যত জড়িত হৈ পৰিছে৷