বিজেপিৰ নেতৃত্বই মুকলিভাৱে ভোটাৰৰ ভাবুকি দিয়া সম্পৰ্কে ব্যৱস্থা গ্ৰহণৰ দাবীত চি পি আই(এম)ৰ স্মাৰক-পত্ৰ

Pc Justdial

বিজেপিৰ নেতৃত্বই মুকলিভাৱে ভোটাৰৰ ভাবুকি দিয়া সম্পৰ্কে ব্যৱস্থা গ্ৰহণৰ দাবীত চি পি আই(এম)ৰ স্মাৰক-পত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  চলিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত শাসক বিজেপি দলে নিৰ্বাচনী আচৰণ বিধি বাৰে বাৰে উলংঘন কৰা পৰিলক্ষিত হৈছে। চৰকাৰী প্ৰশাসন যন্ত্ৰৰ অপব্যৱহাৰৰ উপৰি ভোটাৰসকলক প্ৰলোভিত তথা প্ৰৰোচিত কৰা, সাম্প্ৰদায়িক প্ৰচাৰ চলোৱা, ভোটাৰসকলক ভাবুকি দিয়া আদি বহুতো ঘটনা সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত প্ৰকাশ পাইছে।শেহতীয়াভাৱে গোলাঘাট জিলাৰ তৰাণি পঞ্চায়তৰ ৪নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী দুলুমণি চুতীয়াৰ পক্ষে নিৰ্বাচনী প্ৰচাৰৰ সময়ত নিৰ্বাচনী আচৰণ বিধি গুৰুতৰভাৱে ভংগ কৰা দেখিবলৈ পোৱা গৈছে। মুকলি সভা এখনত বিজেপিৰ বক্তাগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিক যিসকলে ভোট নিদিয়ে তেওঁলোকৰ নাম চৰকাৰী হিতাধিকাৰীৰ তালিকাৰ পৰা কৰ্তন কৰা হ’ব বুলি খোলাখুলিকৈ ভাবুকি দিছে। ৰাজ্যৰ অন্যান্য বহু ঠাইৰ পৰাও চৰকাৰী হিতাধিকাৰী আঁচনিক কেন্দ্ৰ কৰি শাসক বিজেপি দলৰ পক্ষৰ পৰা অনুৰূপ ভাবুকিৰ বহু উদাহৰণ আছে।গোলাঘাট জিলাৰ উল্লিখিত তৰাণি পঞ্চায়তৰ ঘটনা সম্পৰ্কে সামাজিক মাধ্যমত প্ৰচাৰ হোৱা ‘ভিডিও ক্লিপ’টো ৰাজ্যিক নিৰ্বাচন আয়োগৰ পৰীক্ষণৰ বাবে এই স্মাৰক পত্ৰৰ সৈতে সংলগ্ন (Attach) কৰি দিয়ে।চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটীয়ে ঘটনাটোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰাৰ লগতে এই ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ দৃষ্টিগোচৰ কৰাৰ পাছতো এনেদৰে নিৰ্বাচনী আচৰণ বিধি ভংগৰ ঘটনা যাতে বাৰে বাৰে সংঘটিত হৈ নাথাকে, তাক নিশ্চিত কৰিবলৈও পাৰ্টিয়ে দাবী জনাইছে। অন্যথা মুক্ত আৰু নিকা নিৰ্বাচনৰ সলনি আসন্ন পঞ্চায়ত নিৰ্বাচনটো নিশ্চিতভাৱে ভেকো-ভাওনাত পৰিণত হ’ব।